“মিখীৰাকায়” অনুষ্ঠানকলৈ ৰাভা বসতিপ্ৰধান অঞ্চলত আনন্দৰ লহৰ

গাৱেঁ গাৱেঁ প্ৰস্তুত হৈছে পৰম্পৰাগত খাদ্য মিখী

rabha

ৰাভা জনগোষ্ঠীৰ লোকে বসবাস কৰা গাওঁ সমূহত এতিয়া “মিখী”প্ৰস্তুত কৰাক লৈ ভীষণ ব্যস্ততা ৷

পুৰুষ-মহিলা সকলোৱে দলেবলে ওলাইছে “মিখী” প্ৰস্তুত কৰাৰ বাবে ৷ আজি যদি ইখন গাৱঁত কাইলৈ সিখন গাৱঁত ৷

এতিয়া এক উছৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে গোৱালপাৰাৰ বহু ৰাভা জনগোষ্ঠীৰ লোকৰ গাৱঁত৷পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি এওঁলোকে প্ৰস্তুত কৰিছে এক বিশেষ  খাদ্য সম্ভাৰ৷

কৃষ্ণাইৰ পশ্চিম দায়ৰং গাৱঁত  পুৰুষ-মহিলা সকলোৱে সাজু  হৈছে দূৰণিৰ পাহাৰৰ পৰা কোমল বাহঁ গাজ অনাৰ বাবে ৷বাহঁ আনিব আৰু প্ৰস্তুত কৰিব তেওঁ লোকৰ  পৰম্পৰাগত খাদ্য সম্ভাৰ “মিখী”৷

 আনন্দ-উহাহৰ মাজৰে এক উৎসৱ মুখৰ পৰিৱেশৰ মাজত প্ৰস্তুত হৈছে এবিধ অসমীয়াৰ পৰম্পৰাগত খাদ্য “মিখী”৷

মুলতো বাহঁ গাজৰ খৰিছা যদিও ৰাভা জনগোষ্ঠীৰ লোক সকলোৰ মাজত এই খাদ্য সম্ভাৰ বিধ “মিখী” বুলিয়ে জনাজাত ৷

“বহু পৰম্পৰাই  আমি অসমীয়াই পাহৰিলো ,কিন্তু আমি ককা- আজককাৰ দিনৰ পৰা চলি অহা পৰম্পৰা সমূহক আহি থকা নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ ধাৰিবাহিকতা অক্ষুণ্ণ ৰাখিম” —”মিখী ৰাকায়” অনুষ্ঠানত মিখী প্ৰস্তুত কৰি থকাৰ সময়তে ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ প্ৰাক্তন অধ্যক্ষ তৰুণ চন্দ্ৰ ৰাভাৰ এই মন্তব্য৷

আধুনিকতাৰ ধামখুমীয়াত আমি অসমীয়াই বহু হেৰুৱালো ,বহু পৰম্পৰাই আমাৰ মাজৰ পৰা নাইকিয়া হৈছে। মিখী প্ৰস্তুত কৰাটোও ৰাভাসকলৰ অন্যতম এক পৰম্পৰা৷

মিখী প্ৰস্তুত কৰা এই অনুষ্ঠানক ৰাভা জনগোষ্ঠীৰ লোক সকলে”মিখী ৰাকায়” বুলি কয় ৷

পাহাৰৰ পৰা অনা বাহঁ গাজসমূহ কটাৰ পিছত মহিলা সকলে উৰালত খুন্দি বিশেষ  পাত্ৰত ৰাখে।  বাহঁৰ খৰিছাৰ পৰা ৰস খিনি পৰি যোৱাৰ পিছতে ই খোৱাৰ উপযোগী হৈ পৰে ৷ “মিখী ” প্ৰস্তুত হোৱাৰ পিছত পুনৰ গাৱঁৰ সকলোৱে মিলি খোৱাৰ কাৰণে ভগাই লৈ যায় ৷

এই খাদ্য গোটেই বছৰটোৰ বাবে সংৰক্ষণ কৰিব পাৰি৷ৰাভা জনগোষ্ঠীৰ লোক সকলে প্ৰতি বছৰে এনেদৰে প্ৰস্তুত কৰে “মিখী” ৷

জনা মতে ই  স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী ৷ “মিখী”য়ে মানুহক নিৰোগী কৰি ৰখাত বহু পৰিমাণে সহায় কৰে বুলি ৰাভা জনগোষ্ঠীৰ লোকসকলে বিশ্বাস কৰে৷