NORTHEAST NOW (Assamese)

গোলাপ ৰাভালৈ ২ লাখ টকাৰ আৰ্থিক অনুদান ঘোষণা ৰাভা হাছং পৰিষদৰ

October 28, 2018 5:22 pm · এন ই নাও নিউজ
ফটো : য়ুবি

ডব্লিউ এফ এফ-ডব্লিউ বি বি এফে য়ুৰোপৰ লিথুৱানিয়াত আয়োজন কৰা শৰীৰ চৰ্চা প্ৰতিযোগিতাত তিনিটাকৈ সোণৰ পদক অৰ্জন কৰি অসমবাসীক গৌৰৱান্বিত কৰা বকোৰ শৰীৰ চৰ্চাবিদ গোলাপ ৰাভালৈ ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদে দুই লাখ টকাৰ এক আৰ্থিক পুৰষ্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

গোলাপ ৰাভাৰ সাফল্যত সমগ্ৰ ৰাজ্যবাসীৰ লগতে ৰাভা হাছংবাসীৰ মাজতো যথেষ্ট আনন্দ উৎসাহ দেখিবলৈ পোৱা গৈছে। সেয়ে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদে তেওঁলৈ দুই লাখ টকাৰ আৰ্থিক অনুদান প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে।

অহা ২ নৱেম্বৰত গোৱালপাৰা জিলাৰ দুধনৈস্থিত ৰাভা হাছং স্বায়ত্ত পৰিষদৰ সচিবালয় প্ৰাংগণত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে শৰীৰ চৰ্চাবিদ গোলাপ ৰাভাক সম্বৰ্ধনা জনোৱাৰ লগতে আনুষ্ঠানিকভাৱে উক্ত দুই লাখ টকা প্ৰদান কৰিব। শনিবাৰে এই কথা জানিবলৈ দিয়ে ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই।

ইয়াৰ উপৰি গোলাপ ৰাভাক ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগে যথোচিত সন্মান প্ৰদান নকৰা কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰি চৰকাৰৰ ফালৰ পৰাও অতি শীঘ্ৰে গোলাপ ৰাভাক সম্বৰ্ধনা জনাব লাগে বুলি মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই মত পোষণ কৰে।

উল্লেখ্য যে বকোৰ কলিয়াবৰীৰ নিবাসী গোলাপ ৰাভাই ইয়াৰ পূৰ্বেও ২০১৭ আৰু ১৮ বৰ্ষত মিষ্টাৰ ইণ্ডিয়া আৰু ২০১৮ বৰ্ষতে মিষ্টাৰ এছিয়া খিতাপ দখল কৰি অসমবাসীক গৌৰৱান্বিত কৰিছিল।

Related News