ছয়টা বছৰে বিজেপি চৰকাৰে ৰাভা হাছং পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত নকৰাত ক্ষোভ

২০১৬ চনৰ পৰাই ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপিৰ মাজত আছে মিত্ৰতা ৷ পৰিষদীয়, পঞ্চায়ত, বিধানসভা, লোকসভা প্ৰতিটো নিৰ্বাচনেই এক লগ হৈ অৱতীৰ্ণ হৈছে মিত্ৰতাৰে ৷

২০১৬ চনত হোৱা মিত্ৰতাত বিজেপিয়ে ৰাভা হাছংবাসীক মৌখিক প্ৰতিশ্ৰুতি দিছিল পৰিষদখনক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তি কৰাৰ। ২০১৬ চনৰ পৰা ২০২২ চনলৈ মিত্ৰতাৰ মাজেৰে পাৰ হ’ল কেইবাটাও নিৰ্বাচন।

কিন্তু বিগত প্ৰায় ছয়টা বছৰে বিজেপি চৰকাৰে ৰাভা হাছং পৰিষদখনক অন্তৰ্ভূক্ত নকৰিলে ষষ্ঠ অনুসূচীত। যাৰ বাবে এতিয়া মিত্ৰতাত থাকিও চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰাৰ লগতে ইতিমধ্যে দুমহীয়া আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰাভা জাতীয় সংগঠন সমূহে ৷

এই মন্তব্য ৰাভা জাতীয় সংগঠনৰ নেতা ৰত্নেশ্বৰ ৰাভাৰ। তেওঁ কয়- যদিহে আগন্তুক নিৰ্বাচনৰ পূৰ্বে ৰাভা হাছঙক ষষ্ঠ অনুসূচী প্ৰদান নকৰে তেন্তে ৰাভা সংগঠনে লোৱা সিদ্ধান্ত সমূহ মানিবলৈ সাজু হৈ থাকিবৰ বাবে বিজেপি চৰকাৰক সকিয়নীও প্ৰদান কৰে ৷ কৃষ্ণাইৰ মেচেলখোৱাত অনুষ্ঠিত হোৱা ষষ্ঠ অনুসূচী দাবী সমিতিৰ ষষ্ঠ ত্ৰি-বাৰ্ষিক অধিবেশনত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক নাথেও ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক দাবী জনায় কয়- “যোৱা ১৯ টা বছৰে ৰাভা জাতিয়ে চৰকাৰক ষষ্ঠ অনুসূচীৰ দাবী কৰি আহিছে ৷

ৰাজ্যৰ জনগোষ্ঠী সমূহৰ উন্নয়ন হ’লেহে সামগ্ৰিক ভাৱে অসমৰ উন্নয়ন হ’ব, গতিকে ৰাভা জাতিক বা পৰিষদ খনক অতি সোনকালে ষষ্ঠ অনুসূচী প্ৰদান কৰিব লাগে আৰু এই এলেকাত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ লোক সকলোৰ উন্নয়ন কৰিব লাগে ৷

এই অধিৱেশনত উপস্থিত থকা ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাও ষষ্ঠ অনুসূচীৰ পোষকতা কৰি কয়- চৰকাৰৰ পৰা ষষ্ঠ অনুসূচী লাভ কৰিবৰ বাবে ৰাভা জাতীয় সংগঠন সমূহে ইতিমধ্যে কৌশল ৰচনা কৰিছে ৷

এই ষষ্ঠ অনুসূচীৰ বাবে ৰাভা জাতীয়ে আন্দোলনৰ লগে লগে দাবী উত্থাপন কৰি আহিছে ৷ দিল্লী আৰু দিছপুৰে পৰিষদখনক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিবই লাগিব ৷

আনহাতে বাৰিষা শেষ হোৱাৰ লগে লগে ৰাভা সংগঠন সমূহে চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ বাবে সাজু হ’ব বুলিও ৰত্নেশ্বৰ ৰাভাই সাংবাদিকক জানিবলৈ দিয়ে ৷