বিজেপিৰ বাবে আন এক সুযোগ : ২১ জানুৱাৰিত ৰাভা,মিচিং,সোণোৱাল কছাৰী পৰিষদৰ নিৰ্বাচন

04-01-18 Guwahati- State Election Commissioner H N Bora press conference (3)

শুকুৰবাৰে গুৱাহাটীত ৰাজ্যিক নিৰ্বাচন আয়োগৰ সংবাদমেল। ফটো : ইউ বি

ৰাজ্যিক নিৰ্বাচন আয়োগে ৰাভা হাছং, সোণোৱাল-কছাৰী আৰু মিচিং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। এতিয়া এই পৰিষদকেইখন ধৰি ৰখাৰ ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰখনে যৎপৰোনাস্তি চেষ্টা চলাব। আনহাতে, বিৰোধী দলবোৰে প্ৰচেষ্টা চলালেও শাসন-ক্ষমতাত নথকা বাবে বিশেষ সুবিধা কৰিব পৰা আশা নাই।

শুকুৰবাৰে অনুষ্ঠিত এখন সংবাদমেলত ৰাজ্যিক নিৰ্বাচন আয়ুক্ত হৰেন্দ্ৰনাথ বৰাই পৰিষদীয় নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ কথা সদৰী কৰি অহা ২১ জানুৱাৰিত তিনিওখন পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ কথা প্ৰকাশ কৰে।

সেই অনুসৰি, মনোনয়ন-পত্ৰ দাখিলৰ শেষ তাৰিখ হৈছে অহা ১১ জানুৱাৰি। ১২ জানুৱাৰিত মনোনয়ন-পত্ৰসমূহ পৰীক্ষা কৰা হ’ব আৰু ১৪ জানুৱাৰি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। ইয়াৰ পাছতে অহা ২৮ জানুৱাৰিত ভোটগণনা অনুষ্ঠিত কৰা হ’ব।

উল্লেখ্যযোগ্য যে ৰাভা হাছং পৰিষদৰ কাৰ্যকাল ইতিমধ্যে যোৱা ২৩ ডিচেম্বৰত, সোণোৱাল কছাৰী পৰিষদৰ কাৰ্যকাল যোৱা ২৯ অক্টোবৰত আৰু মিচিং পৰিষদৰ কাৰ্যকাল যোৱা ৬ নৱেম্বৰত অন্ত পৰিছে।

আনহাতে, ৰাভা হাছং পৰিষদত সৰ্বমুঠ ৩৬টা পৰিষদীয় সমষ্টি আছে। ইয়াৰে ২৫টা  অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত হোৱাৰ বিপৰীতে বাকী ১১টা সমষ্টি মুকলি থাকিব।

একেদৰে, সোণোৱাল কছাৰী পৰিষদৰ মুঠ ২৬টা পৰিষদীয় সমষ্টিৰ ২০টা সংৰক্ষিত, ৫টা মুকলি আৰু এটা সাধাৰণ বৰ্গৰ বাবে সংৰক্ষিত। মিচিং পৰিষদৰ  ৩৬টা সমষ্টিৰ ২৫টা সংৰক্ষিত আৰু বাকী ১১টা মুকলি থাকিব।

ইপিনে, নিৰ্বাচন আয়োগে নিৰ্দ্ধাৰণ কৰি দিয়া সীমা অনুসৰি ৰাভা হাছং আৰু মিচিং পৰিষদৰ নিৰ্বাচনত একোগৰাকী প্ৰাৰ্থীয়ে সৰ্বাধিক ১.৬০ লাখ টকা আৰু সোণোৱাল কছাৰী পৰিষদৰ প্ৰাৰ্থীয়ে সৰ্বাধিক ১.১০ লাখ টকা নিৰ্বাচনী ব্যয় হিচাপে খৰচ কৰিব পাৰিব। তদুপৰি,পৰিষদৰ প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰত মাত্ৰ দুখনকৈ সৰু গাড়ীহে ব্যৱহাৰ কৰিব পাৰিব।