উৎকোচ গোচৰত জড়িত হৈ পৰাৰ পিছতে ৰাহুল গান্ধীয়ে উদ্যোগপতি গৌতম আদানিক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে। নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে পোনপটীয়া অভিযোগ উত্থাপন কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে আদানিক সুৰক্ষা দিছে।
আমেৰিকাত গৌতম আদানিকে ধৰি ৭জনৰ বিৰুদ্ধে উৎকোচ আৰু কোটি কোটি টকাৰ আৰ্থিক প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগক লৈ তোলপাৰ আৰম্ভ হোৱাৰ পিছতে বৃহস্পতিবাৰে দুপৰীয়া সংবাদ মাধ্যমৰ সন্মুখীন হয় ৰাহুলে।
সংবাদমেলত লোকসভাৰ বিৰোধী নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰী আৰু আদানিক আক্ৰমণ কৰে। তেওঁ কয়, মোডী আৰু আদানি দুয়োজনেই দুৰ্নীতিগ্ৰস্ত। আজিয়েই আদানিক গ্ৰেপ্তাৰ কৰি জেৰা কৰা উচিত। কিন্তু আদানিক গ্ৰেপ্তাৰ কৰাৰ ক্ষমতা প্ৰধানমন্ত্ৰীৰ নাই। কাৰণ তেওঁ নিজেই আদানিৰ নিয়ন্ত্ৰণত আছে। লগতে ৰাহুলে এই বিষয়ত সংসদৰ আগন্তুক শীতকালীন অধিৱেশনত কংগ্ৰেছে সৰৱ হ’ব বুলিও কয়।
ৰাহুলে আদানিৰ বিৰুদ্ধে ভাৰতক ‘হাইজেক’ কৰা আৰু ১০০০ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগো উত্থাপন কৰে। এনে পৰিপ্ৰেক্ষিতত ৰায়ে বৰেলীৰ কংগ্ৰেছৰ সাংসদগৰাকীয়ে ‘দুৰ্নীতিগ্ৰস্ত’ আদানিক সুৰক্ষা দিয়াৰ অভিযোগ উত্থাপন কৰি ছেবি প্ৰধান মাধৱী পুৰী বুচৰ বিৰুদ্ধে তদন্তৰ দাবী জনাইছে।
শেহতীয়াকৈ আমেৰিকাৰ এজেন্সী হিণ্ডেনবাৰ্গে অভিযোগ উত্থাপন কৰিছে যে আদানিৰ ধন বিদেশলৈ ডাইভাৰ্ট কৰাত ছেবিৰ মুৰব্বী মাধৱী আৰু তেওঁৰ স্বামী ধবাল বুচ জড়িত আছিল। ইয়াৰ পিছতে দেশৰ বিৰোধী দলসমূহে এই বিষয়ত তদন্তৰ দাবী জনায়।
ভাৰতত সৌৰ প্ৰকল্পৰ বাবে ভাৰত চৰকাৰৰ বিষয়াক ২২৩৭ কোটি টকাৰ উৎকোচ দিয়াৰ অভিযোগ উঠিছে আদানিৰ বিৰুদ্ধে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি গৌতম আৰু তেওঁৰ ভতিজাক সাগৰ আদানি দুয়োৰে বিৰুদ্ধে আমেৰিকা প্ৰশাসনে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। আদানিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আদানি গ্ৰুপে ভাৰতৰ সৌৰ শক্তি প্ৰকল্পৰ বাবে চৰকাৰী বিষয়াক প্ৰায় ২২৩৭ কোটি উৎকোচ দিয়াৰ প্ৰস্তাৱ দিছিল, যিটো প্ৰকল্পৰ পৰা ২০ বছৰত ২০০ বিলিয়ন ডলাৰ উপাৰ্জন হোৱাৰ সম্ভাৱনা আছে।
উৎকোচ গোচৰত গৌতম আদানিৰ ভতিজাক সাগৰো জড়িত। ইয়াৰ বাহিৰেও সেই তালিকাত আৰু বহুতৰ নাম সংযোজন হৈছে। ভাৰতৰ সৰ্ববৃহৎ সৌৰশক্তি প্ৰকল্পৰ বাবে ভাৰতীয় বিষয়াক বিপুল পৰিমাণৰ ধনেৰে উৎকোচ দিয়াৰ অভিযোগ গৌতম আদানিকে ধৰি ৭জনৰ বিৰুদ্ধে। প্ৰাথমিক সূত্ৰই জনোৱা মতে, নিউয়ৰ্কৰ ইষ্টাৰ্ণ ডিষ্ট্ৰিক্টত উৎকোচৰ প্ৰস্তাৱ দিয়া হৈছে। আৰু সেইবাবেই আমেৰিকাৰ ব্ৰুকলিন ফেডাৰেল আদালত হৈছে গোচৰটো।
নিউয়ৰ্কৰ ইষ্টাৰ্ণ ডিষ্ট্ৰিক্টৰ আমেৰিকাৰ এটৰ্নী অফিচে জাৰি কৰা জাননীত আদানি আৰু আন ছয়জন লোকে ভাৰত চৰকাৰৰ বিষয়াক ২,২৩৭ কোটিতকৈও অধিক মূল্যৰ উৎকোচ দিয়াৰ লগতে বিনিয়োগকাৰী আৰু বেংকক ভুৱা তথ্য প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। আন ছয় অভিযুক্তৰ ভিতৰত আছে আদানি গ্ৰীণ এনাৰ্জি লিমিটেডৰ চিইঅ’ বিনীত জৈন, ৰঞ্জিত গুপ্তা, ৰুমনপেশ আগৰৱাল, অষ্ট্ৰেলিয়া আৰু ফ্ৰান্সৰ নাগৰিক চাইৰিল কেবানেছ, সৌৰভ আগৰৱালা আৰু দীপক মালহোত্ৰা।





