মৌনতা ভংগ কৰিলে ৰাহুল গান্ধীয়ে! হাৰিয়ানাত ইভিএমক লৈ প্ৰশ্ন ৰাহুলৰ

জম্মু-কাশ্মীৰ আৰু হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছদিনা বুধবাৰে পুৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নীৰৱতা ভংগ কৰে।

গান্ধীয়ে এক সাক্ষাৎকাৰত জম্মু-কাশ্মীৰ আৰু হাৰিয়ানানিৰ্বাচনৰ ফলাফলক লৈ মৌনতা ভংগ কৰি কয় যে প্ৰকৃততে জম্মু-কাশ্মীৰত ভাৰতীয় সংবিধানে জয়লাভ কৰিছে। অৱশ্যে হাৰিয়ানাত কংগ্ৰেছে কিয় জয় লাভ কৰিব নোৱাৰিলে সেই সম্পৰ্কে আভ্যন্তৰীণ বিশ্লেষণ কৰা হ’ব।

ইয়াৰ লগতে ইভিএমক লৈও প্ৰশ্ন উত্থাপন কৰে ৰাহুল গান্ধীয়ে। যদিও স্পষ্টকৈ কোৱা হোৱা নাই, তথাপিও ৰাহুলে কয় যে হাৰিয়ানাৰ বহু ঠাইৰ পৰা ইভিএম ৰিগিঙৰ অভিযোগ আহিছেকংগ্ৰেছ দলে সেই অভিযোগ নিৰ্বাচন আয়োগৰ সন্মুখত উত্থাপন কৰিব।

ৰাহুলে জম্মু-কাশ্মীৰবাসীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁৰ মতে ইয়াত ইণ্ডিয়া এলায়েন্সৰ বিজয়ৰ অৰ্থ হ’ল গণতন্ত্ৰৰ প্ৰতি মানুহৰ বিশ্বাসৰ বিজয়।

হাৰিয়ানাৰ জনতাক ধন্যবাদ জ্ঞাপন কৰি ৰাহুল গান্ধীয়ে কয় যে আমি আপোনালোকৰ দাবী উত্থাপন কৰি যাম। অক্লান্তভাৱে কাম কৰি সংগ্ৰাম অব্যাহত ৰখা দলীয় কৰ্মীসকলকো ধন্যবাদ জ্ঞাপন কৰে ৰাহুল গান্ধীয়ে।