NORTHEAST NOW (Assamese)

কংগ্ৰেছে বহুত ভুল কৰিছে, সেইবোৰ শুধৰাব লাগিব : ৰাহুল গান্ধী

May 11, 2024 8:49 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

শুকুৰবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে কংগ্ৰেছ দলেও ভুল কৰিছে আৰু ভৱিষ্যতে এই ভুলবোৰ শুধৰাব লাগিব।

লক্ষ্ণৌত অনুষ্ঠিত হোৱা এখন সভাত ৰাহুল গান্ধীয়ে কয় – নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী নহয়। তেওঁ দেশৰ তিনিজনমান ধনী ব্যক্তিৰ বাবে ৰাজ সাহাৰ্য্য আগবঢ়োৱা নেতা।

সংবিধান সন্দৰ্ভত এগৰাকী দৰ্শকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “নৰেন্দ্ৰ মোডীৰ মই মুখা-মুখি তৰ্কত নামিবলৈ এশ শতাংশ সাজু।”

‘‘আগন্তুক সময়ত কংগ্ৰেছ দলেও নিজৰ ৰাজনীতি সলনি কৰিব লাগিব। মই এইটোও ক’ব বিচাৰো যে কংগ্ৰেছ দলেও ভুল কৰিছে আৰু মই কংগ্ৰেছ দলৰ হৈ এই কথা কৈছো। ভৱিষ্যতে এই ভুল শুধৰাই আগুৱাই যাব লাগিব’’ – লগতে গান্ধীয়ে কয়।

লগতে গান্ধীয়ে দাবী কৰে যে লোকসভা নিৰ্বাচনত শাসকীয় বিজেপি ১৮০ খনতকৈ কম আসনতে সন্তুষ্টি লাভ কৰিব।

লগতে গান্ধীয়ে কয়, ‘মই আপোনালোকক লিখিতভাৱে দিব পাৰো যে নৰেন্দ্ৰ মোডী পুনৰ প্ৰধানমন্ত্ৰী হ’ব নোৱাৰে।’

‘ৰাজনীতিত একাংশ লোকে কেৱল ক্ষমতা কেনেকৈ লাভ কৰিব সেই কথাহে ভাবে। মই ৰাজনীতিৰ মাজত জন্ম লৈছো আৰু কিন্তু ক্ষমতাৰ প্ৰতি মোৰ কোনো আগ্ৰহ নাই। ৰাজনীতি মোৰ বাবে কেৱল জনসাধাৰণক সহায় কৰাৰ এক আহিলা।’

Related News