• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত বিশাল সমাৱেশত ৰাহুল গান্ধীৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ বন্যা; ঘূৰাই দিব অসমৰ বিশেষ ৰাজ্যৰ মৰ্য্যাদা

দোহাৰিলে সকলোলৈকে ন্যূনতম আয়ৰ কথা; প্ৰতিশ্ৰুতি ৰক্ষাৰ উদাহৰণ হিচাপে ৰাজস্থান, মধ্য প্ৰদেশ আৰু ছত্তিছগড়লৈ চাবলৈ আহ্বান

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 26, 2019 5:45 pm
Rahul Gandhi Rally

আজি গুৱাহাটীত কংগ্ৰেছৰ এটা নিৰ্বাচনী সমাৱেশ আৰু তাত উপস্থিত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধী। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত লোকসভা নিৰ্বাচনত বিজেপিক ৰুধিবলৈ আজি উত্তৰ-পূবৰ প্ৰথমখন জনসমাবেশত ভাগ ল’লে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে।

খানাপাৰাৰ অসম পশু চিকিৎসাবিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত বিশাল সমাৱেশত অসমক পুনৰ বিশেষ ৰাজ্যৰ মৰ্য্যাদা ঘূৰাই দিয়াকে ধৰি ৰাহুল গান্ধীয়ে দিলে বহুকেইটা নিৰ্বাচনী প্ৰতিশ্ৰুতি।

“কংগ্ৰেছে অসমক বিশেষ ৰাজ্যৰ মৰ্য্যাদা দিছিল, কিন্তু বিজেপিয়ে সেই মৰ্য্যাদা কাঢ়ি ল’লে। ২০১৯-অত কংগ্ৰেছৰ চৰকাৰ হ’লে অসমক পুনৰ বিশেষ ৰাজ্যৰ মৰ্য্যাদা ওভতাই দিয়া হ’ব”, জনসমাৱেশ সম্বোধন কৰি অসমৰ ৰাইজক আশ্বাস কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিজনৰ।

তেওঁ লগতে উত্থাপন কৰে বিজেপিয়ে বন্ধ কৰি দিয়া ‘উত্তৰ-পূব ঔদ্যোগিক নীতি’ৰ কথা। কংগ্ৰেছ শাসনলৈ আহিলে এই ঔদ্যোগিক নীতি পুনৰ আৰম্ভ হ’ব বুলিও আশ্বাস প্ৰদান কৰে ৰাহুল গান্ধীয়ে। এই ঔদ্যোগিক নীতিৰ জৰিয়তে অসম তথা উত্তৰ-পূবৰ যুৱ প্ৰজন্মৰ নিয়োজনৰ বাট মুকলি হ’ব বুলিও মন্তব্য কৰে ৰাহুল গান্ধীয়ে।

বিজেপিৰ আমোলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰা নগাঁও আৰু কাছাৰ কাগজ কল দুটাও অন্তৰ্ভুক্ত হ’ল ৰাহুলৰ প্ৰতিশ্ৰুতিত। “কংগ্ৰেছ চৰকাৰ আহিলে কাগজ কল দুটা খুলি দেখুৱাম”, ৰাহুল গান্ধীয়ে কয়।

অসমৰ বানপানীয়ে বছৰ বছৰ ধৰি অসমৰ ৰাইজক জীয়াতু ভুগাই অহাৰ পাছতো এই সমস্যাৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত পূৰ্বৰ কোনো এখন চৰকাৰেই গুৰুত্ব প্ৰদান কৰা নাই। কিন্তু আজি ৰাহুল গান্ধীয়ে এইবাৰ কংগ্ৰেছ শাসনলৈ আহিলে অসমৰ বানপানীৰ সমস্যা সমাধানক ‘ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি’ হিচাপে গণ্য কৰা হ’ব বুলিও খানাপাৰাত উপস্থিত হাজাৰ হাজাৰ জনতাক আশ্বাস দিয়ে।

অসমক ‘টেকনিকেল এডুকেইশ্যন হাব’ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিৰে অসমৰ যুৱ-প্ৰজন্মক উচ্চ মানৰ শিক্ষা প্ৰদান কৰা আৰু চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি নিশ্চিত কৰাৰো আশ্বাস দিয়ে কংগ্ৰেছ সভাপতিয়ে।

লগতে শেহতীয়াভাৱে চৰকাৰ গঠন কৰা ৰাজস্থান, মধ্য প্ৰদেশ আৰু ছত্তিছগড়ৰ উদাহৰণেৰে অসম তথা উত্তৰ-পূবৰ লগতে সমগ্ৰ দেশৰ সৰ্বসাধাৰণৰ ন্যূনতম আয় নিশ্চিত কৰাৰো প্ৰতিশ্ৰুতি দিয়ে।

কংগ্ৰেছ শাসনলৈ আহিলে অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত কোনো প্ৰকৃত হিন্দুস্তানীৰ নাম এন আৰ চিৰ পৰা বাদ নপৰাটো নিশ্চিত কৰিব বুলিও তেওঁ আশ্বাস দিয়ে।

Rahul Gandhi Rally at Guwahati
আজি গুৱাহাটীত এটা নিৰ্বাচনী সমাৱেশত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধী আৰু অন্যান্যসকল। ফটো : য়ু বি।

বিজেপি চৰকাৰে জাপি দিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম তথা উত্তৰ-পূবত হোৱা আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন আগ বঢ়াই তেওঁ কয়, “এই বিধেয়ক উত্তৰ-পূব বিৰোধী, আপোনালোকৰ ভাষা, সাহিত্য, সংস্কৃতি, অস্তিত্বৰ বিৰোধী। গতিকে এইখন কংগ্ৰেছৰো বিৰোধী”।

অসমৰ কৃষকৰ ঋণ ৰেহাই দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে ৰাহুল গান্ধীয়ে। তেওঁ লগতে উপস্থিত ৰাইজক সম্বুধি কয়, “২০১৯ত কংগ্ৰেছে এক ঐতিহাসিক কাম কৰিব”।

গান্ধীয়ে নিজৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষাৰ উদাহৰণ হিচাপে ৰাজস্থান, মধ্য প্ৰদেশ আৰু ছত্তিছগড়ৰ নিৰ্বাচনৰ আগ মুহূৰ্তত দিয়া ভাষণবোৰ চাবলৈ অনুৰোধ জনায়।

উল্লেখযোগ্য যে উক্ত তিনিখন ৰাজ্যত কংগ্ৰেছ শাসনলৈ অহাৰ পিছ মুহূৰ্ততে ২৪ ঘণ্টাৰ ভিতৰত প্ৰতিশ্ৰুতি মতে কৃষকৰ ঋণ ৰেহাইৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল কংগ্ৰেছ চৰকাৰকেইখনে।

আজিৰ ভাষণৰ আৰম্ভণিতে ‘সুৰা ট্ৰেজিডি’ৰ ঘটনাত দুখ প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে। লগতে পুলৱামাত চহিদ হোৱা অসমৰ চি আৰ পি এফ জোৱান মনেশ্বৰ বসুমতাৰীকো স্মৰণ কৰে। ইয়াৰ উপৰি আজি ভাৰতীয় এয়াৰ ফ’ৰ্চে পাক অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদীৰ শিবিৰত আক্ৰমণ চলোৱা ঘটনাৰ বাবে এয়াৰ ফ’ৰ্চৰ পাইলটসকলক ধন্যবাদ জ্ঞাপন কৰে।

সমাবেশত অসমৰ লগতে মেঘালয় আৰু মণিপুৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী ক্ৰমে তৰুণ গগৈ, ডাঃ মুকুল চাংমা, ওক্ৰাম ইববি সিং, উত্তৰ-পূবৰ ৰাজ্যসমুহৰ কংগ্ৰেছ সভাপতি প্ৰমুখ্য শীৰ্ষ নেতৃত্ব উপস্থিত থাকে।

প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈয়ে নিজৰ ভাষণত ৰাহুল গান্ধীৰ গাত চুকাফা আৰু লাচিতৰ তেজ আছে বুলি কয়।

খানাপাৰাৰ এই সমাবেশৰ পাছতেই কংগ্ৰেছৰ সভাপতিজন শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উত্তৰ-পূব কংগ্ৰেছ সমন্বয়ৰক্ষী সমিতি আৰু তাৰ পাছত উত্তৰ-পূবৰ জিলা কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছৰ সভাপতিসকলৰ লগতো বৈঠকত মিলিত হয়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চাকৰিৰ পৰা উলিয়াই দিছিল মাস্কে; ২৬০ কোটিৰ মেগা ষ্টাৰ্টআপেৰে উভতিল পৰাগ আগৰৱালা!

চাকৰিৰ পৰা উলিয়াই দিছিল মাস্কে; ২৬০ কোটিৰ মেগা ষ্টাৰ্টআপেৰে উভতিল পৰাগ আগৰৱালা!

August 19, 2025 11:39 am
বিজেপিত চামিল হ’ব কংগ্ৰেছ! বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিজেপিত চামিল হ’ব কংগ্ৰেছ! বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

August 19, 2025 10:55 am
বলীউদৰ এগৰাকী জনপ্ৰিয় তথা বলিষ্ঠ অভিনেতা অচ্যুত পটদাৰৰ পৰলোকপ্ৰাপ্তি

বলীউদৰ এগৰাকী জনপ্ৰিয় তথা বলিষ্ঠ অভিনেতা অচ্যুত পটদাৰৰ পৰলোকপ্ৰাপ্তি

August 19, 2025 10:47 am
শিক্ষকৰ প্ৰহাৰত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয় এজন ছাত্ৰ! বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে তদন্তৰ দাবী

শিক্ষকৰ প্ৰহাৰত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয় এজন ছাত্ৰ! বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে তদন্তৰ দাবী

August 19, 2025 10:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাকৰিৰ পৰা উলিয়াই দিছিল মাস্কে; ২৬০ কোটিৰ মেগা ষ্টাৰ্টআপেৰে উভতিল পৰাগ আগৰৱালা!

চাকৰিৰ পৰা উলিয়াই দিছিল মাস্কে; ২৬০ কোটিৰ মেগা ষ্টাৰ্টআপেৰে উভতিল পৰাগ আগৰৱালা!

August 19, 2025 11:39 am
বিজেপিত চামিল হ’ব কংগ্ৰেছ! বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিজেপিত চামিল হ’ব কংগ্ৰেছ! বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

August 19, 2025 10:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd