নিৰ্বাচনী বণ্ড বৃহত্তম কেলেংকাৰী, প্ৰধানমন্ত্ৰী হৈছে দুৰ্নীতিগ্ৰস্তসকলৰ মুৰব্বী: আক্ৰমণ ৰাহুলৰ

নিৰ্বাচনী বণ্ডক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৰাহুল গান্ধীয়ে। দুদিন পূৰ্বে এটা সংবাদ সংস্থাক দিয়া এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰীয়ে কৈছিল যে নিৰ্বাচনী বণ্ড বাতিলৰ বাবে সকলো দলে পস্তাৱ লাগিব।

বুধবাৰে প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ বিৰোধিতা কৰি পুনৰ মুখ খুলে ৰাহুলে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ স্বামী পৰকলা প্ৰভাকৰৰ কথাৰ সুৰতে সুৰ মিলাই ৰাহুলে বুধবাৰে লক্ষ্ণৌত এখন সংবাদমেলত কয় যে উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড বাতিল কৰিছে। আচলতে সেই বণ্ডেই আছিল বিশ্বৰ আটাইতকৈ বৃহত্তম কেলেংকাৰী। আৰু নিৰ্বাচনী বণ্ডত ধন উজাৰি দিয়া দেশবাসী আৰু ব্যৱসায়ীসকলে উপলব্ধি কৰিছে যে প্ৰধানমন্ত্ৰী হৈছে দুৰ্নীতিগ্ৰস্তসকলৰ মূৰব্বী।

পৰকলাই মন্তব্য কৰিছিল যে নিৰ্বাচনী বণ্ড হৈছে বিশ্বৰ সৰ্ববৃহৎ সংগঠিত দুৰ্নীতি চক্ৰ। ইয়াৰ পূৰ্বেও মোডী চৰকাৰৰ বিভিন্ন সিদ্ধান্তৰ বিৰোধিতা কৰিছিল নিৰ্মলা সীতাৰমনৰ স্বামীয়ে। বিত্তমন্ত্ৰী পত্নী নিৰ্মলাই সংসদত, সংসদৰ বাহিৰত বিমুদ্ৰাকৰণ, জি এছ টি প্ৰৱৰ্তন আৰু মোডী যুগত অৰ্থনৈতিক সংস্কাৰৰ পোষকতা কৰাৰ বিপৰীতে স্বামী পৰকলাই এটাৰ পিছত এটা নিবন্ধত বিপৰীত ছবি তুলি ধৰিছে।

লগতে পঢ়কঃ DD News: সকলোৰে অজানিতে নিশাৰ ভিতৰতে গেৰুৱাকৰণ হ’ল দূৰদৰ্শন!

বুধবাৰে ৰাহুলৰ কথাত পৰকলাৰ কথাৰ সুৰ প্ৰতিধ্বনিত হৈছে। বুধবাৰে কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ সৈতে সাংবাদিকক সম্বোধন কৰে। বহু দিনৰ মূৰত উত্তৰ প্ৰদেশৰ আসনৰ ক্ষেত্ৰত দুয়োটা দলৰ মাজত সহমতত উপনীত হৈছে। কংগ্ৰেছে ১৭খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। যৌথ প্ৰচাৰো চলি আছে। উত্তৰ প্ৰদেশৰ পৰা কৰ্ণাটকলৈ যাব ৰাহুল। আনহাতে, ভগ্নী প্ৰিয়ংকাই শ্বাহৰণপুৰত ৰোড শ্ব’ আৰু মিটিং অনুষ্ঠিত কৰিব।

বুধবাৰে প্ৰধানমন্ত্ৰীক প্ৰত্যাহ্বান জনাই ৰাহুলে কয়, ‘আপুনি কথাই কথাই স্বচ্ছতাৰ কথা কয়। যদি আপোনাৰ সাহস আছে কোন কোম্পানীয়ে বিজেপিক ইলেক্টৰেল বণ্ডত টকা দিছিল আৰু বিনিময়ত চৰকাৰী আৱন্টন পাইছিল বা ইডি-চিবিআইৰ গোচৰ প্ৰত্যাহাৰ কৰা হৈছিল সেই তাৰিখবোৰ প্ৰকাশ কৰক। এই সকলোবোৰ প্ৰশ্ন উত্থাপন কৰি কংগ্ৰেছ নেতাজনে প্ৰধানমন্ত্ৰীক দুৰ্নীতিগ্ৰস্তৰ মুৰব্বী বুলি অভিহিত কৰে।

কংগ্ৰেছৰ প্ৰচাৰ অভিযানতো নিৰ্বাচনী বণ্ডে গুৰুত্ব পাইছে। সেই বণ্ডৰ আধাৰতেই কংগ্ৰেছে ‘চান্দা দো, ধান্দা লো’ পুৰণি শ্লোগানেৰে বিজেপিৰ বিৰুদ্ধে প্ৰচাৰত নামিছে। বিৰোধী দলে সেই শ্লোগান ছ’চিয়েল মিডিয়াত ভাইৰেল কৰিছে। কংগ্ৰেছে অভিযোগ কৰিছে যে বহু কোম্পানীয়ে বণ্ডৰ জৰিয়তে বিজেপিক ধন দি চৰকাৰী আৱন্টন লাভ কৰিছে।

লগতে পঢ়কঃ ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে সংৰ্ঘষত শীৰ্ষ নেতাকে ধৰি নিহত ২৯ জন মাওবাদী

উল্লেখ্য যে নিৰ্বাচনী বণ্ডৰ জৰিয়তে জমা হোৱা ধনৰ প্ৰায় পঞ্চাশ শতাংশ বিজেপিয়ে লাভ কৰিছে। দ্বিতীয় স্থানত আছে তৃণমূল। তৃতীয় স্থানত আছে কংগ্ৰেছ। প্ৰধান ৰাজনৈতিক দলসমূহৰ ভিতৰত চিপিএম আৰু চিপিআইয়ে ইতিমধ্যে ঘোষণা কৰিছিল যে তেওঁলোকে নিৰ্বাচনী বণ্ডৰ জৰিয়তে ধন গ্ৰহণ নকৰে। আনহাতে, বণ্ড বাতিলৰ গোচৰত চিপিএম আছিল অন্যতম আবেদনকাৰী।