NORTHEAST NOW (Assamese)

‘মোডীৰ শাসনত সত্য মচি দিয়া হয়’, সংসদৰ ভাষণৰ কিছু অংশ আঁতৰোৱাত ক্ষুব্ধ ৰাহুল গান্ধী

July 2, 2024 1:25 pm · এন ই নাও নিউজ, নতুন দিল্লী

সোমবাৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ১৮ সংখ্যক লোকসভাত তেওঁৰ প্ৰথম ভাষণ প্ৰদান কৰে। এই ভাষণক লৈ চৰ্চা তুংগত। ইয়াৰ কিছু অংশ সদনৰ কাৰ্য্যবিধিৰ ৰেকৰ্ডৰ পৰা আঁতৰাই দিয়া হৈছে।

ৰেকৰ্ডৰ পৰা তেওঁৰ ভাষণৰ কিছু অংশ ডিলিট কৰাৰ সন্দৰ্ভত ৰাহুল গান্ধীয়ে কৈছে যে মোডীজীৰ পৃথিৱীৰ পৰা সত্য আঁতৰাই পেলাব পাৰি, কিন্তু বাস্তৱৰ পৰা সত্য আঁতৰাব নোৱাৰি।

মঙলবাৰে সংসদৰ বাহিৰত সংবাদ মাধ্যমৰ আগত ৰাহুলে কয়, ‘মোডীজীৰ পৃথিৱীত সত্য মচিব পাৰি কিন্তু বাস্তৱত সত্য মচি পেলাব নোৱাৰি। যি ক’ব লগা আছিল মই ক’লোঁ, যিমান বিচাৰে মচি পেলাওক। যিটো সত্য, সেয়া সত্য হৈয়েই থাকিব।”

সোমবাৰে ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদৰ প্ৰস্তাৱক লৈ লোকসভাত ভাষণ দিছিল।তাত ৰাহুল গান্ধীয়ে বিজেপি আৰু ইয়াৰ ৰাজনীতিক লক্ষ্য কৰি লৈছিল।

লগতে পঢ়কঃ অগ্নিবীৰ, আদানী-আম্বানী, সংখ্যালঘু…সংসদৰ কাৰ্য্যবিধিৰ পৰা আঁতৰাই দিয়া হ’ল ৰাহুল গান্ধীৰ ভাষণৰ অংশ

তেওঁ কৈছিল, “শিৱজীয়ে কয় ভয় নাখাবা, ভয় নখুৱাবা। তেওঁৰ অভয় মুদ্ৰাই অহিংসাৰ কথা কয়, কিন্তু যিসকলে নিজকে হিন্দু বুলি কয়, তেওঁলোকে ২৪ ঘন্টাই ঘৃণা, হিংসা আৰু মিছা বিয়পাই দিয়ে।” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তেওঁৰ ভাষণ মাজতে ৰখাই আপত্তি জনায়।

সদনৰ অধ্যক্ষ ওম বিৰলাক অমিত শ্বাহে কয় যে বিৰোধী দলৰ নেতাই যি কৈছে সেয়া পৰীক্ষা কৰা উচিত। ইয়াৰ পিছত অধ্যক্ষই কয় যে তেওঁ ভাষণটো পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছে।

এতিয়া জানিব পৰা গৈছে যে ৰাহুল গান্ধীৰ ভাষণৰ কিছু অংশ সদনৰ ৰেকৰ্ডৰ পৰা আঁতৰাই দিয়া হৈছে।

ৰাহুল গান্ধীৰ ভাষণত বাধা দি সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিৰোধীৰ নেতাই হিন্দু সম্প্ৰদায়ক হিংসাত্মক আখ্যা দিছে।

লগতে পঢ়কঃ হিন্দুত্বৰ অস্ত্ৰৰেই সংসদত বিজেপিক বিদ্ধ কৰিলে ৰাহুল গান্ধীয়ে! অধ্যক্ষকো নিদিলে ৰেহাই

ইয়াৰ প্ৰতি সঁহাৰি জনাই ৰাহুল গান্ধীয়ে লগে লগে কয়, “কেৱল নৰেন্দ্ৰ মোডী, বিজেপি আৰু আৰএছএছ হিন্দু সমাজ নহয়, আমিও সকলোৱে হিন্দু।”

ভাষণত ৰাহুল গান্ধীয়ে ধৰ্ম, মুদ্ৰাস্ফীতি, অগ্নিবীৰ যোজনা, NEET প্ৰশ্নকাকত ফাদিলৰ ঘটনা আৰু কৃষকৰ সমস্যাৰ বিষয়ে কয়। 

Related News