কেৰেলা, গুজৰাট আৰু আন্দামানৰ সমুদ্ৰৰ কাষৰীয়া অঞ্চলত খনিজ সম্পদ আহৰণৰ বাবে আহ্বান কৰা নিবিদা বাতিল কৰাৰ দাবী জনাই বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।
ৰাহুল গান্ধীয়ে নিবিদা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে এই প্ৰকল্পই বহু মানুহৰ জীৱনলৈ বিপদ আনিব পাৰে। তেওঁৰ মতে, এনে প্ৰকল্পৰ বাবে প্ৰয়োজনীয় সমীক্ষা আৰু পৰিৱেশৰ ভাবুকিৰ সন্দৰ্ভত ভালদৰে বিবেচনা কৰা হোৱা নাই। তাৰ পিছতো নিবিদা আহ্বান কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে।
কংগ্ৰেছৰ নেতাগৰাকীয়ে তেওঁ নিজৰ হোৱাটছএপ চেনেলৰ এই কথা প্ৰকাশ কৰিছে। তেওঁ কৈছে যে উপকূলৰ লাখ লাখ পৰিয়ালে এই প্ৰকল্পৰ বিৰোধিতা কৰিছে। তেওঁলোকে জীৱিকা হেৰুৱা আৰু ঘৰ-বাৰী হেৰুৱাৰ শংকা প্ৰকাশ কৰিছে। এনে প্ৰকল্পত সমুদ্ৰৰ জীৱ-জন্তুৰো বহু ক্ষতি হ’ব পাৰে বুলিও মত প্ৰকাশ কৰিছে।
তেওঁ পত্ৰত উল্লেখ কৰিছে যে কেৱল কেৰেলাতেই ১১ লাখ পৰিয়াল মাছ ধৰাৰ কামত জড়িত। কেৰেলাৰ ৱায়নাডৰ প্ৰাক্তন সাংসদ ৰাহুলে গান্ধীয়ে কৈছে যে কেৰেলাৰ কোল্লামকো নিবিদাত অন্তৰ্ভুক্ত কৰা হৈছে। আৰু এই ঠাইখন মাছৰ প্ৰজননৰ বাবে বিখ্যাত। বিৰোধী নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰীক এই প্ৰকল্প বন্ধ কৰাৰ আহ্বান জনাইছে।