NORTHEAST NOW (Assamese)

অৱশেষত মাতৃ গৃহত ৰাহুল গান্ধী! প্ৰায় দুটা দশকৰ অন্তত ওভতিল ৰাহুল

April 15, 2023 11:15 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 15, 2023 9:53 am

এতিয়াৰে পৰা ঠিকনা সলনি হ’ব প্ৰাক্তন সাংসদ তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। প্ৰায় দুটা দশৰ পাছত এতিয়াৰে পৰা মাতৃৰ সৈতে মাতৃগৃহতে থাকিব ৰাহুল গান্ধীয়ে।

যোৱা প্ৰায় দুটা দশক ধৰি ৰাহুল গান্ধীৰ ঠিকনা আছিল দিল্লীৰ ১২ নং টোগলক লেনত থকা চৰকাৰী আৱাস। ৰাহুল গান্ধীয়ে শুকুৰবাৰৰ পৰা সেই বাংলোৰ পৰা নিজৰ সামগ্ৰী স্থানান্তৰ কৰিবলৈ আৰম্ভ কৰিছে। অপৰাধমূলক মানহানি গোচৰত দুবছৰীয়া কাৰাদণ্ডৰ বিৰুদ্ধে সত্ৰ আদালতৰ ৰায়দানলৈ অপেক্ষা নকৰাকৈয়ে ৰাহুল চৰকাৰী আৱাস ত্যাগ কৰিলে।

শুকুৰবাৰৰ পৰা টোগলক লেনৰ চৰকাৰী বাংলোৰ পৰা ১০ জনপথৰ ছোনিয়া গান্ধীৰ বাসগৃহলৈ ৰাহুল গান্ধীৰ সামগ্ৰীসমূহ স্থানান্তৰিত কৰিবলৈ আৰম্ভ কৰে। দুখন ট্ৰাকত লৈ যোৱা হৈছিল বক্সত ভৰোৱা সামগ্ৰীসমূহ।

উল্লেখ্যে যে ‘মোডী উপাধি’ বিতৰ্কৰ বাবে চুৰাটৰ দণ্ডাধীশ আদালতে তেওঁক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰাৰ পিছতে ৰাহুলৰ সাংসদ পদ খাৰিজ কৰা হয়। একে সময়তে সাংসদ হিচাপে উপলব্ধ চৰকাৰী আৱাস খালী কৰাৰ জাননীও এমাহৰ ভিতৰতে লাভ কৰে ৰাহুল গান্ধীয়ে। ইয়াৰ পাছতে ৰাহুল গান্ধীয়ে এক নিৰ্দিষ্ট সময়ৰ ভিতৰত চৰকাৰী আৱাস ত্যাগ কৰিব বুলি ঘোষণা কৰিছিল।

কংগ্ৰেছ নেতৃত্বৰ মতে, দণ্ডাধীশ আদালতৰ বিৰুদ্ধে আবেদন কৰা ৰাহুল গান্ধীৰ আবেদনৰ ৰায়দান অহা ২০ এপ্ৰিলত ঘোষণা কৰা হ’ব। আনহাতে, ৰাহুল গান্ধীৰ চৰকাৰী আৱাস খালী কৰিবলৈ ২২ এপ্ৰিললৈকে সময় আছে। কিন্তু ৰাহুল গান্ধীয়ে ২০ এপ্ৰিললৈ অপেক্ষা কৰিব নিবিচাৰিলে।

২০ এপ্ৰিলৰ ৰায়ত সাংসদ পদ পুনৰ ঘূৰাই পালে বা গুজৰাট উচ্চ ন্যায়ালয়ে তেওঁৰ শাস্তি স্থগিত ৰাখে তেতিয়া ৰাহুল গান্ধীৰ স্থিতি কি হ’ব সেয়া হ’ব লক্ষ্যণীয়। অৱশ্যে ‘ভাৰত যোৰো যাত্ৰা’ৰ সময়ত ৰাহুল গান্ধীয়ে নিজেই কৈছিল যে তেওঁৰ নিজৰ ঘৰ নাই।

উল্লেখ্য যে ইয়াৰ পূৰ্বে প্ৰিয়ংকা গান্ধীৰ এছ পি জিৰ নিৰাপত্তা উঠাই লোৱাৰ পিছতে প্ৰিয়ংকাইও লোডী ৰোডত থকা চৰকাৰী আৱাস খালী কৰিছিল।

ইফালে প্ৰাক্তন কংগ্ৰেছ নেতা তথা এতিয়াৰ ৰাহুল গান্ধীৰ কট্টৰ সমালোচক জন্মু আৰু কাশ্মীৰৰ প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰী গোলাম নৱী আজাদে ৰাজ্যসভাৰ সাংসদ পদ শেষ হোৱাৰ পাছতো যোৱা দুবছৰে চৰকাৰী আৱাস দখল কৰি আহিছে। কংগ্ৰেছৰ মুখপাত্ৰ পৱণ খেৰাৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ঘণিষ্ঠ সম্পৰ্ক বজাই ৰখাৰ বাবে আজাদে যোৱা দুবছৰে চৰকাৰী আৱাস খালী কৰাৰ জাননী লাভ কৰা নাই।

Related News