• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

কিশোৰীক ধৰ্ষণ: ২৫ বছৰৰ কাৰাদণ্ড শাস্তি, ২০ লাখ জৰিমনা বাহাল প্ৰাক্তন বিধায়কৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 15, 2023 12:10 pm
258
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাবালিকাক ধৰ্ষণ কৰাৰ অপৰাধত এজন প্ৰাক্তন বিধায়ক জুলিয়াছ ড’ৰফাঙক নিম্ন আদালতে দিয়া ২৫ বছৰৰ কাৰাদণ্ড আৰু ২০ লাখ টকাৰ জৰিমনাৰ নিৰ্দেশত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰিছে মেঘালয় উচ্চ ন্যায়ালয়ে।

বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ সঞ্জীৱ বেনাৰ্জীৰ নেতৃত্বত উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে বিষয়টোৰ শুনানি গ্ৰহণ কৰি ৰাজ্য চৰকাৰক আগন্তুক তিনিমাহৰ ভিতৰত ভুক্তভোগীক ২০ লাখ টকা ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে।

উচ্চ ন্যায়ালয়ৰ বিভাগীয় বিচাৰপীঠে প্ৰাক্তন বিধায়কগৰাকীয়ে দাখিল কৰা আবেদন খাৰিজ কৰাৰ সময়তে কয় যে, “ট্ৰায়েল আদালতে ২৫ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰাটোৱে ইংগিত দিয়ে যে কিছুমান যুক্তিযুক্ত কাৰণত এনে সিদ্ধান্ত লোৱা হৈছে। হস্তক্ষেপ কৰাৰ প্ৰয়োজন নাই।”

Apply Now

একে সময়তে ন্যায়াধীশে কয়, “দোষী ব্যক্তিৰ বয়সৰ প্ৰতি লক্ষ্য ৰাখি এনে শাস্তি ১৫ বছৰ, ২০ বছৰ বা ৩০ বছৰ বা ইয়াৰ মাজৰ যিকোনো বছৰ হ’ব পাৰে। দোষীক সৰ্বোচ্চ শাস্তি নিদিলে ইয়াৰ দ্বাৰা দোষীক ব্যক্তিগত সুবিধা প্ৰদান কৰা হ’ব।”

উল্লেখ্য যে, ২০২১ চনৰ আগষ্ট মাহত ৰি-ভয় জিলাৰ বিশেষ বিচাৰপতি এফ এছ চাংমাই POCSOৰ অধীনত দিয়া শাস্তিৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাইছিল দোষী প্ৰাক্তন বিধায়ক জুলিয়াছ ড’ৰফাঙে।

উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল যে দ্বিতীয় শ্ৰেণীৰ বিষয়াৰ সমপৰ্যায়ত  ভুক্তভোগী কিশোৰীগৰাকীৰ সকলো চিকিৎসাৰ প্ৰয়োজনীয়তা বিনামূলীয়াকৈ প্ৰদান কৰিব লাগিব। ইয়াৰ লগতে মহিলাসকলৰ বাবে আয়োজন কৰা এনে কিছুমান শিক্ষা প্ৰদান কৰিব লাগে যাতে তেওঁ স্বাভাৱিক আৰু সুস্থ জীৱন যাপন কৰিব পাৰে।

নিষিদ্ধ ঘোষিত সংগঠন হ্নিউট্ৰেপ নেচনেল লিবাৰেচন কাউন্সিলৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ ড’ৰফাঙে ২০০৭ চনত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। ইয়াৰ পিছত ২০১৩ চনত ৰি-ভয় জিলাৰ মাৱাহাটী বিধানসভা নিৰ্বাচনৰ পৰা বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হয়।

২০১৭ চনত তেওঁ বিধায়ক হৈ থকা অৱস্থাত ১৪ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। তেওঁৰ বিৰুদ্ধে যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা (POCSO) আইন আৰু বেআইনী সৰবৰাহৰ প্ৰতিৰোধ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল।

উক্ত গোচৰতে তেওঁক নংপোহ জিলা কাৰাগাৰত কাৰাৰুদ্ধ কৰা হৈছিল যদিও চিকিৎসাজনিত কাৰণত ২০২০ চনত মেঘালয় উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল। ২০২১ চনৰ আগষ্ট মাহত POCSOৰ অধীনত আদালতে দোষী সাব্যস্ত হোৱাৰ পিছত পুনৰ গ্ৰেপ্তাৰ কৰে প্ৰাক্তন বিধায়কগৰাকীক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd