মাত্ৰ ৯ বছৰ বয়সতে হৃদ্যন্ত্ৰজনিত সমস্যাত প্ৰাণ হেৰুৱালে এগৰাকী কণমানি ছাত্ৰীয়ে। বিদ্যালয়ত খেলাধুলাৰ সময় শেষ হোৱাৰ পাছতে শ্ৰেণীকোঠাত ঢলি পৰি মৃত্যু হয় তৃতীয় শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ। এই শোকাৱহ ঘটনাই সকলোকে স্তম্ভিত কৰি তোলাৰ লগতে শিশুৰ হৃদ্যন্ত্ৰৰ স্বাস্থ্যক লৈও সৃষ্টি কৰিছে নতুন উদ্বেগ।
জানিব পৰা মতে, যোৱা বুধবাৰ, ৪ নৱেম্বৰত দিল্লীৰ ময়ূৰ বিহাৰৰ এখন বিদ্যালয়ত সংঘটিত হয় এই ঘটনা। খেলাধুলাৰ সময় শেষ হোৱাৰ পাছতে শ্ৰেণীকোঠাত হঠাৎ জ্ঞান হেৰুৱাই ঢলি পৰে ছাত্ৰীগৰাকী। লগে লগে তেওঁক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
বিদ্যালয় কৰ্তৃপক্ষই প্ৰাথমিকভাৱে হৃদ্যন্ত্ৰজনিত সমস্যাৰ ফলতে ছাত্ৰীগৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও নিশ্চিত হোৱা নাই। ঘটনাৰ তদন্তৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ নিৰ্দেশ দিয়া হৈছে। আৰক্ষীয়ে বিদ্যালয়ৰ চিচিটিভিৰ দৃশ্যও সংগ্ৰহ কৰিছে। ইফালে, ছাত্ৰীগৰাকীৰ পৰিয়ালে জৰুৰী চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰাত গাফিলতি হোৱা বুলি প্ৰশ্ন উত্থাপন কৰিছে। পৰিয়ালৰ অভিযোগ অনুসৰি, সময়মতে ছাত্ৰীগৰাকীক চিপিআৰ (CPR) দিয়া হোৱা নাছিল। সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
এই ঘটনাই পুনৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে—শিশুৰ হৃদ্যন্ত্ৰতো হঠাতে গুৰুতৰ বিপদৰ সৃষ্টি হ’ব পাৰেনে? বিশেষজ্ঞসকলৰ মতে, নিয়মীয়া খেলাধুলা আৰু শাৰীৰিক ব্যায়ামে শিশুৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰে। কিন্তু কিছুমান শিশুৰ শৰীৰত পূৰ্বৰে পৰা থকা হৃদ্যন্ত্ৰৰ সমস্যা থাকিলে অত্যধিক শাৰীৰিক পৰিশ্ৰমৰ সময়ত বিপদৰ সৃষ্টি হ’ব পাৰে। বিশেষকৈ জন্মগত হৃদ্ৰোগ, হৃদ্পেশীৰ প্ৰদাহ (মায়’কাৰ্ডাইটিছ) অথবা বংশগত হৃদ্যন্ত্ৰৰ সমস্যাত ভুগি থকা শিশুৰ ক্ষেত্ৰত এনে আশংকা অধিক হ’ব পাৰে। বহু সময়ত এই সমস্যাবোৰৰ লক্ষণ আগতীয়াকৈ প্ৰকাশ নাপায়। ফলত শিশুটিৰ শৰীৰত থকা বিপদৰ বিষয়ে পৰিয়াল বা বিদ্যালয় কৰ্তৃপক্ষই গমেই নাপাব পাৰে।
শিশুৰ সুৰক্ষাৰ বাবে চিকিৎসকসকলে স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল’বলৈ পৰামৰ্শ দিয়ে। বিশেষকৈ প্ৰতিযোগিতামূলক বা অধিক শাৰীৰিক পৰিশ্ৰমৰ প্ৰয়োজন হোৱা খেলত অংশগ্ৰহণ কৰাৰ পূৰ্বে শিশুৰ স্বাস্থ্য পৰীক্ষা কৰোৱাটো জৰুৰী। খেলাধুলাৰ সময়ত কোনো শিশুৰ অস্বাভাৱিক ক্লান্তি, বুকুৰ বিষ, মূৰ ঘূৰণি অথবা অজ্ঞান হৈ পৰাৰ দৰে লক্ষণ দেখা দিলে সেয়া কোনো কাৰণতে অৱহেলা কৰিব নালাগে। এনে অৱস্থাত তৎক্ষণাৎ চিকিৎসকৰ সহায় লোৱা উচিত।
শিশুৰ ওপৰত তেওঁলোকৰ শাৰীৰিক সামৰ্থ্যতকৈ অধিক চাপ সৃষ্টি নকৰাকৈ খেলাধুলাৰ সুযোগ দিয়াটোও অতি প্ৰয়োজনীয়। অৱশ্যে কেৱল খেলাধুলাৰ বাবেই এনে ঘটনা ঘটে বুলি ধৰি ল’ব নোৱাৰি। অন্তৰ্নিহিত স্বাস্থ্যজনিত সমস্যাই কেতিয়াবা এনে আকস্মিক বিপদৰ সৃষ্টি কৰিব পাৰে। দিল্লীৰ এই শোকাৱহ ঘটনাই শিশুৰ স্বাস্থ্যৰ প্ৰতি সজাগতা আৰু বিদ্যালয়ত জৰুৰী চিকিৎসা ব্যৱস্থাৰ প্ৰয়োজনীয়তাক পুনৰ এবাৰ আঙুলিয়াই দিছে।


