• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি বৰাকত কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ প্ৰচাৰ সভা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2019 11:58 am
Rahul Promise
352
VIEWS
Share on FacebookShare on Twitter

শাসনভাৰ দখলৰ উদ্দেশ্যে শাসক-বিৰোধীয়ে প্ৰচাৰ কাৰ্য তীব্ৰতৰ কৰাৰ সময়তে আজি দ্বিতীয়বাৰৰ বাবে ভোটাৰৰ মন জয় কৰাৰ উদ্দেশ্যে অসমলৈ আহিব কংগ্ৰেছ অধ্যক্ষ তথা বিৰোধী দলপতি ৰাহুল গান্ধী। কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে আজি বৰাক উপত্যকাত নিজ দলৰ প্ৰাৰ্থীৰ হৈ চলাব প্ৰচাৰ।

জানিব পৰা মতে ৰাহুল গান্ধীয়ে নতুন দিল্লীৰ পৰা ৰাওনা হ’ব শিলচৰলৈ। শিলচৰৰ পৰা পোনে পোনে তেওঁ হাইলাকান্দি জিলাৰ পাঁচগ্ৰামত আয়োজিত কংগ্ৰেছ দলৰ প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰিব।

উল্লেখ্য যে দুটা লোকসভা সমষ্টি ক্ৰমে শিলচৰ আৰু কৰিমগঞ্জৰে গঠিত বৰাক উপত্যকা। আৰু এই সমষ্টি দুটাত অহা ১৮ এপ্ৰিল অৰ্থাৎ দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

আজিৰ এই প্ৰচাৰ সভাত শিলচৰ সমষ্টিৰ প্ৰাৰ্থী তথা সাংসদ সুস্মিতা দেৱ আৰু কৰিমগঞ্জ সমষ্টিৰ প্ৰাৰ্থী সৌৰভ দাস উপস্থিত থাকিব। সভাত কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে বৰাকৰ দুয়োজন কংগ্ৰেছ প্ৰাৰ্থীকে ভোট দি জয়যুক্ত কৰাৰ বাবে ৰাইজক অনুৰোধ জনাব।

জানিব পৰা মতে বৰাকত প্ৰচাৰ চলাই কংগ্ৰেছ অধ্যক্ষগৰাকী পোনে পোনে ৰাওনা হ’ব উৰিষ্যালৈ। আৰু তাৰ পাছত যাব বিহাৰলৈ। আজিৰ দিনটোত ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ হৈ জোৰদাৰ ৰূপত প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হ’ব।

উল্লেখ্য যে যোৱা ৫ এপ্ৰিলত ৰাহুল গান্ধীয়ে প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’ব লগীয়া অসমৰ পাঁচটা লোকসভা সমষ্টিৰ বাবেও বিভিন্ন ঠাইত বিশাল জনসভা সম্বোধন কৰিছিল।

ইফালে কংগ্ৰেছৰ সমান্তৰালকৈ বিজেপিয়েও ব্যাপক ৰূপত চলাই আছে প্ৰচাৰ অভিযান। শাসনাধিষ্ঠ দলটোৰ প্ৰচাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন নেতাৰ সোঁত বৈছে অসমলৈ। অহা ১১ এপ্ৰিলত পুনৰ এবাৰ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব। সেইদিনা মোদীয়ে শিলচৰ আৰু কমলপুৰত নিৰ্বাচনী ভাষণ প্ৰদান কৰিব।

Tags: নিৰ্বাচন

Recent News

ৰোড শ্ব’ৰ সময়ত খুন্দিয়ালে বাইকে; কামিহাড়ত গুৰুতৰ আঘাত, চিকিৎসালয়ত ভৰ্তি প্ৰশান্ত কিশোৰ

ৰোড শ্ব’ৰ সময়ত খুন্দিয়ালে বাইকে; কামিহাড়ত গুৰুতৰ আঘাত, চিকিৎসালয়ত ভৰ্তি প্ৰশান্ত কিশোৰ

ছালৰ পৰা ক’লা দাগ কিদৰে দূৰ কৰিব? জানো আহক

ছালৰ পৰা ক’লা দাগ কিদৰে দূৰ কৰিব? জানো আহক

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

পুনৰ বিতৰ্কত মহম্মদ ছামীৰ পত্নী! এইবাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত হাছিন জাহান

পুনৰ বিতৰ্কত মহম্মদ ছামীৰ পত্নী! এইবাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত হাছিন জাহান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd