NORTHEAST NOW (Assamese)

মনমোহন সিঙৰ শোক পৰ্বৰ মাজতেই নৱবৰ্ষ উদযাপনৰ বাবে বিদেশ ভ্ৰমণ ৰাহুল গান্ধীৰ! সমালোচনা বিজেপিৰ

December 31, 2024 12:22 pm · এন ই নাও নিউজ

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যু ৰাষ্ট্ৰীয় শোক হিচাপে সমগ্ৰ দেশতে পালন কৰা হৈছে। তেনেস্থলত সেই পৰিৱেশত ছুটী কটাবলৈ ভিয়েটনামত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী। এই ঘটনা পোহৰলৈ অহাৰ লগে লগে বিজেপিয়ে ৰাহুল গান্ধীকতীব্ৰ সমালোচনা কৰিছে।

মনমোহন সিঙৰ মৃত্যুৰ পিছত কংগ্ৰেছ-বিজেপিৰ প্ৰতিদ্বন্দ্বিতাই নতুন মাত্ৰা লাভ কৰিছে।

বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালৱিয়াই এক্স হেণ্ডেলত ৰাহুল গান্ধীৰ ভিয়েটনাম ভ্ৰমণক শক্তিশালী ভাষাত আক্ৰমণ কৰিছে।

তেওঁ লিখিছে, ‘প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুত সমগ্ৰ দেশ শোকত ভাগি পৰিছে। ইপিনে ৰাহুল গান্ধীয়ে নৱবৰ্ষ উদযাপনৰ বাবে ভিয়েটনামত মজা কৰিবলৈ গৈছে।

তেওঁ লিখিছে, “মনমোহনৰ সিঙৰ মৃত্যুক লৈ ৰাহুল গান্ধীয়ে ৰাজনীতি কৰিছে।” গান্ধী পৰিয়াল আৰু কংগ্ৰেছে শিখক ঘৃণা কৰে। পাহৰি নাযাব ইন্দিৰা গান্ধীয়ে দৰবাৰ চাহাবক অপবিত্ৰ কৰিছিল।’

ইয়াৰ পূৰ্বে বিজেপিয়ে অভিযোগ কৰিছিল যে কংগ্ৰেছ আৰু গান্ধী পৰিয়ালে মনমোহনক সন্মান প্ৰদৰ্শন কৰা নাই।

অভিযোগ কৰা হৈছিল যে শিখসকলৰ প্ৰতি ঘৃণাৰ বাবে গান্ধী পৰিয়ালৰ কোনো সদস্যই এই অনুষ্ঠানত উপস্থিত নাছিল।

Related News