NORTHEAST NOW (Assamese)

CAA-বিৰোধী আন্দোলনৰ চহিদ দীপাঞ্জল আৰু ছেমৰ বাসগৃহত ৰাহুল গান্ধী

December 28, 2019 8:12 pm · কল্পজ্যোতি শইকীয়া

চৰকাৰৰ বিৰুদ্ধে ক্ষোভ চেমৰ পৰিয়ালৰ

‘কা’ বিৰোধী আন্দোলনৰ পাঁচগৰাকীকৈ চহিদৰ বাসগৃহত উপস্থিত হ’বলৈ ৰাজ্যৰ মুখ্য মন্ত্ৰী, মন্ত্ৰী, বিধায়কে সময় নোপোৱাৰ বিপৰীতে আজি দুগৰাকীকৈ চহিদৰ বাসগৃহত উপস্থিত হয় কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধী।

দলটোৰ ৰাষ্ট্ৰীয় নেতাজনে আজি খানাপাৰাৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত অনুষ্ঠিত হোৱা অস্তিত্ব ৰক্ষাৰ সমাৱেশত মুখ্য অতিথি হিচাপে অংশ লোৱাৰ পাছতে ‘কা’ বিৰোধী আন্দোলনৰ দুজনকৈ চহিদৰ বাসগৃহত উপস্থিত হয়।

গান্ধী প্ৰথমে হাতীগাওঁস্থিত চহিদ ছেম ষ্টেফৰ্ডৰ বাসগৃহতলৈ যায় আৰু চহিদজনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ পাছত ছেমৰ দুৰ্ভগীয়া পিতৃ বিজু ষ্টেফৰ্ড আৰু মাক মামনি ষ্টেফৰ্ডৰ সৈতে প্ৰায় ১০ মিনিট সময় বাৰ্তালাপ কৰে।

১৭ বছৰীয়া ছাত্ৰজনে কেনেকৈ চহিদী বৰণ কৰিব লগীয়া হ’ল সেই কথাও চেমৰ বৰদেউতাকে ৰাহুল গান্ধীক জনায়।

সাংসদজনে লোকসভাত ‘চহিদ’ৰ প্ৰসংগটো উত্থাপন কৰিব বুলি আশ্বাস দিয়ে পৰিয়ালটোক।

“মই ৰাহুল গান্ধীৰ সন্মুখত কেনেকৈ ঘটনাটো সংঘটিত হ’ল সেই সম্পৰ্কে ভাঙি-পাতি ক’লো। এতিয়ালৈকে চৰকাৰৰ মানুহ কোনো অহা নাই। কি মুখেৰে তেওঁলোক আহিব? আমি ৰাহুল গান্ধীৰ আগত কৈছো আমাক ন্যায় লাগে। বিনা দোষত আজি হিন্দু, কাইলৈ মুছলমান, খ্ৰীষ্টান সকলোকে হত্যা কৰিব, এইটো কথা হ’ব নোৱাৰে। ক্ষমতাত থাকিল বুলিয়েই সকলো কৰিব, তেনে কথা নহ’ব। গান্ধীয়ে আমাক লোকসভাত বিষয়টো উত্থাপন কৰিম বুলি আশ্বাস দিছে”, ৰাহুল গান্ধীৰ সাক্ষাতৰ পাছত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি ছেমৰ বৰদেউতাক বীৰছু ষ্টেফৰ্ডে কয়।

তেওঁ আৰু কয়, ‘গণতান্ত্ৰিক দেশত সকলোৰে আন্দোলন কৰাৰ অধিকাৰ আছে। চৰকাৰৰ গুলীওৱাৰ অধিকাৰ নাই। কি আইনত গুলীয়ালে? আমি চৰকাৰৰ পৰা টকা-পইচা নিবিচাৰো, আমাক উচিত তদন্ত লাগে। চৰকাৰে টকা দিলে আমি কি ল’ৰাটো ঘূৰাই পাম নেকি? কিয় মাৰিলে আমাৰ ল’ৰাটোক? যদি তেওঁৰ ভুলেই আছিল তেন্তে ল’ৰাটোক ৬ মাহৰ বাবে জেইললৈ পঠাই দিব লাগিছিল।”

ছেমৰ ঘৰৰ পৰা ৰাহুল গান্ধী পোনে পোনে ‘কা’ বিৰোধী আন্দোলনৰ প্ৰথম চহিদ দীপাঞ্জল দাসৰ বাসগৃহলৈ ৰাওনা হয়। দীপাঞ্জলৰ দুৰ্ভগীয়া মাক আৰু ভনীয়েকৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে চহিদগৰাকীলৈ তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ৰাহুল গান্ধীৰ সন্মুখতে দীপাঞ্জলৰ মাতৃয়ে হিয়া ঢাকুৰি কান্দি কান্দি কয় “মোৰ ল’ৰাটোৱে ন্যায় পাব লাগে”।

দুই চহিদ পৰিয়ালক সাক্ষাৎ কৰাৰ পাছত গান্ধী বৰঝাৰ বিমান বন্দৰৰ পৰা বিশেষ বিমানযোগে পোনে পোনে দিল্লীলৈ ৰাওনা হয়।

Related News