• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পুনৰ দুদিনৰ চি আই ডি জিম্মালৈ প্ৰেৰণ শৃংখল চলিহাক; ‘অসমৰ ৰাইজে যুদ্ধ নেৰিব’ শৃংখলৰ আহ্বান

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , December 28, 2019 8:16 pm

2 min read

380
VIEWS
Share on FacebookShare on Twitter

পুনৰ দুদিনৰ চি আই ডি জিম্মালৈ প্ৰেৰণ কৰা হৈছে বীৰ লাচিত সেনা অসমৰ সাধাৰণ সম্পাদক শৃংখল চলিহাক। ইয়াৰ পূৰ্বেও দুবাৰকৈ শৃংখলক নিজৰ জিম্মাত লৈছিল চি আই ডিয়ে। নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰে হোৱা টেলিফোনিক বাৰ্তালাপত এই কথা জনাইছে শৃংখলৰ হৈ ওকালতি কৰা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই।

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে পুনৰ দুদিনৰ চি আই ডিৰ জিম্মালৈ শৃংখলক প্ৰেৰণ কৰিছে বুলি সদৰী কৰি হাজৰিকাই কয় ‘যোৱা ২৩ ডিচেম্বৰত শৃংখলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ২৪ ডিচেম্বৰত আদালতত ১৪ দিনৰ জিম্মাত বিচৰাত দুদিনৰ বাবে চি আই ডিৰ জিম্মাত দিছিল। তাৰ পাছত ২৬ ডিচেম্বৰৰ দিনা চি আই ডিয়ে পাঁচদিনৰ জিম্মাত বিচৰাত পুনৰ দুদিনৰ বাবে জিম্মাত দিছিল। আজি পুনৰ ৩ দিন জিম্মাত বিচাৰিছিল যদিও আদালতে পুনৰ দুদিনৰ জিম্মাত দিয়ে।‘

আনহাতে মুখ্য ন্যায়িক দণ্ডাধীশ নতুনকৈ অহাৰ বাবে শৃংখল চলিহাক পুনৰ চিআইডিৰ জিম্মালৈ দিলে বুলি হাজৰিকাই জনায়। ‘এয়া সম্পূৰ্ণ ৰাজনৈতিক ষড়যন্ত্ৰ’ বুলি উল্লেখ কৰি হাজৰিকাই শৃংখলৰ বিৰুদ্ধে ৰাষ্ট্ৰদোহ, ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ কৰাকে ধৰি কেইবাটাও ধাৰা সনিবিষ্ট কৰা বুলি জনায়।

ইফালে আদালতত উপস্থিত হোৱাৰ সময়ত সংবাদমাধ্যমৰ আগত মন্তব্য দি শৃংখল চলিহাই কয় ‘দেশ-জাতি আটাইতকৈ ডাঙৰ, অসম নামৰ মাজনী আটাইতকৈ ডাঙৰ। অসমৰ ৰাইজে যুদ্ধ নেৰিব।‘

উল্লেখযোগ্য যে শৃংখলৰ বিৰুদ্ধে ধাৰা নং 120B121/121A/122/123/147/148/150/153/153A/326/333/353-ত চি আই ডিয়ে 30/19 নম্বৰৰ এটা গোচৰ ৰুজু কৰিছিল।

অহা ৩০ ডিচেম্বৰত চি আই ডিয়ে পুনৰ আদালত হাজিৰ কৰাব লাগিব শৃংখল চলিহাক।

Recent News

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd