মণিপুৰ ভ্ৰমণৰ আৰম্ভণিতে বাধাৰ সন্মুখীন হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। বৃহস্পতিবাৰে তেওঁ উত্তৰ-পূব ৰাজ্যখনৰ সাম্প্ৰদায়িক হিংসাৰ ফলত গৃহহাৰা হোৱা লোকসকলক সাক্ষাৎ কৰিবলৈ এটা শৰণাৰ্থী শিবিৰলৈ গৈ আছিল। কিন্তু কংগ্ৰেছে অভিযোগ কৰে যে বিজেপি শাসিত মণিপুৰৰ আৰক্ষীয়ে ৰাহুলৰ কনভয় আদবাটতে বন্ধ কৰি দিয়ে।
নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কেচি বেনুগোপালে কয়, “ইম্ফলৰ পৰা ২০-২৫ কিলোমিটাৰ নিলগত চুৰাচান্দপুৰ জিলাৰ বিষ্ণুপুৰ অঞ্চলত ৰাহুল গান্ধীৰ কনভয় অৱৰোধ কৰা হৈছে। আমি নাজানো কিয় লোৱা হৈছে এই পদক্ষেপ।”
আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়া মতে আক্ৰমণৰ আশংকাতেই এইদৰে কনভয় বন্ধ কৰি দিয়া হৈছে।
লগতে পঢ়ক: নিলৰ্জ্জ আৰক্ষী বিষয়া! ল’ক আপত যৌন নিৰ্যাতন কিশোৰীক, নগ্ন কৰি তুলিলে ছবি
বৃহস্পতিবাৰে পুৱা প্ৰায় ৯:৩০ বজাত দিল্লীৰ পৰা মণিপুৰৰ ৰাজধানী ইম্ফললৈ উৰা মাৰিছিল ৰাহুলে। প্ৰায় ১১:৩০ বজাত ইম্ফল বিমানবন্দৰত উপস্থিত হয়। সাম্প্ৰদায়িক হিংসাত জুৰুলা মণিপুৰত তেওঁৰ দুদিনীয়া কেইবাটাও কাৰ্যসূচী আছে। কিন্তু আৰম্ভণিতে বাধাৰ সন্মুখীন হ’বলগীয়া হৈছে।
উল্লেখ্য যে বিগত সময়ত বিজেপি শাসিত মধ্যপ্ৰদেশৰ মন্দসৌৰত আৰক্ষীৰ গুলীত নিহত কৃষকৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ যাওতেও শিৱৰাজ সিং চৌহান চৰকাৰৰ আৰক্ষীয়ে তেওঁক বাধা দিছিল। উত্তৰ প্ৰদেশৰ হাথোৰত ভুক্তভোগী দলিত ছোৱালীজনীৰ পৰিয়ালক লগ কৰিবলৈ যাওঁতেও যোগী আদিত্যনাথৰ আৰক্ষীয়ে ৰাহুলৰ বাট বন্ধ কৰি দিছিল।
কংগ্ৰেছৰ এক সূত্ৰ অনুসৰি, বৃহস্পতিবাৰে ৰাহুলে লামকা (চুৰাচান্দপুৰ), বিষ্ণুপুৰকে ধৰি বিভিন্ন অঞ্চলৰ কেইবাটাও শৰণাৰ্থী শিবিৰ পৰিদৰ্শন কৰাৰ কথা। ৰাতি তেওঁ মৈৰাঙত থাকিব। শুকুৰবাৰে ৰাজধানী ইম্ফলৰ বিভিন্ন শৰণাৰ্থী শিবিৰ পৰিদৰ্শন কৰাৰ কথা ৰাহুলে। তেওঁ যুধন মেইটেই সম্প্ৰদায় আৰু কুকি আৰু নগা জনগোষ্ঠীৰ নাগৰিক সমাজৰ সৈতেও বৈঠকত মিলিত হ’ব।
দিল্লীলৈ উভতি অহাৰ পূৰ্বে কংগ্ৰেছ ভৱনত সংবাদমেল অনুষ্ঠিত কৰিব পাৰে। ৰাহুল হৈছে মণিপুৰ ভ্ৰমণ কৰা প্ৰথমজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতা। কিন্তু তেওঁ হিংসাৰ বলি হোৱা লোকসকলক লগ কৰিব পাৰিব নে নাই তাকলৈ প্ৰশ্ন উত্থাপন হৈছে।
বুধবাৰে মণিপুৰ পেট্ৰিয়টিক পাৰ্টিয়ে ৰাহুল গান্ধীৰ ভ্ৰমণৰ বিৰোধিতা কৰি মুকলি পত্ৰ লিখি ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰে। মেইটেই সম্প্ৰদায়ৰ দ্বাৰা প্ৰভাৱিত বিজেপি ঘনিষ্ঠ সংগঠনটোৰ মতে মণিপুৰৰ এই সমস্যাটো প্ৰকৃততে কংগ্ৰেছৰ সময়ছোৱাত উদ্ভৱ হৈছিল। কংগ্ৰেছ চৰকাৰেই ১৯৪৯ চনত স্বাধীন মণিপুৰক বলপূৰ্বকভাৱে ভাৰতত অন্তৰ্ভুক্ত কৰিছিল! মণিপুৰৰ জনসাধাৰণে এই একত্ৰীকৰণ মানি ল’ব নোৱাৰিলে, যাৰ ফলত ৰাজ্যখনত সশস্ত্ৰ সংগ্ৰামৰ দীৰ্ঘ ইতিহাস গঢ় লৈ উঠিল।
সংগঠনটোৱে দাবী কৰে যে কংগ্ৰেছে সদায় ভোট বেংকৰ সুবিধাৰ্থে কুকিসকলক ব্যৱহাৰ কৰি আহিছে আৰু সুকীয়া কুকিলেণ্ডৰ সপোন দেখুৱাইছে। তাৰ বাবেই আজি কুকিসকলে মেইটেইসকলক পাহাৰৰ পৰা বহিষ্কাৰ কৰি পৃথক ৰাজ্যৰ দাবী জনাইছে। তেওঁলোকে আৰু অভিযোগ কৰে যে কুকি উগ্ৰপন্থীক দমন কৰাৰ পৰিৱৰ্তে যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ কৰাৰ আঁৰত কংগ্ৰেছ চৰকাৰে প্ৰকৃততে তেওঁলোকক প্ৰশিক্ষণ দিছিল আৰু নগা আৰু মেইটেইৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিল।
লগতে পঢ়ক: ছুপাৰমেন! পঞ্চাশ বছৰ ধৰি নাই টোপনি, নিশাৰ ভাগত খেতি কৰে ভিয়েটনামৰ নিগকে
উল্লেখ্য যে মণিপুৰত ডেৰ মাহতকৈ অধিক সময় ধৰি ধাৰাবাহিক হিংসাত নিহত হোৱা লোকৰ সংখ্যা ডেৰশৰ ওচৰ চাপিছে। গৃহহীন হৈছে প্ৰায় ৫০ হাজাৰ লোক! যোৱা শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিছিল যদিও তাৰ পিছতো কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হয়।
কংগ্ৰেছে অভিযোগ কৰিছে যে মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ চৰকাৰখনে ৰাজনৈতিকভাৱে অস্থিৰ হৈ পৰাৰ পিছত এইবাৰ ৰাহুল গান্ধীৰ গতিবিধি নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।