• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি শাসিত মণিপুৰত আৰক্ষীয়ে আৱদ্ধ কৰিলে ৰাহুল গান্ধীৰ কনভয়; শৰণাৰ্থী শিবিৰলৈ যোৱাত বাধা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2023 3:04 pm
ফটো সৌজন্য: টুইটাৰ।

ফটো সৌজন্য: টুইটাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰ ভ্ৰমণৰ আৰম্ভণিতে বাধাৰ সন্মুখীন হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। বৃহস্পতিবাৰে তেওঁ উত্তৰ-পূব ৰাজ্যখনৰ সাম্প্ৰদায়িক হিংসাৰ ফলত গৃহহাৰা হোৱা লোকসকলক সাক্ষাৎ কৰিবলৈ এটা শৰণাৰ্থী শিবিৰলৈ গৈ আছিল। কিন্তু কংগ্ৰেছে অভিযোগ কৰে যে বিজেপি শাসিত মণিপুৰৰ আৰক্ষীয়ে ৰাহুলৰ কনভয় আদবাটতে বন্ধ কৰি দিয়ে।

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কেচি বেনুগোপালে কয়, “ইম্ফলৰ পৰা ২০-২৫ কিলোমিটাৰ নিলগত চুৰাচান্দপুৰ জিলাৰ বিষ্ণুপুৰ অঞ্চলত ৰাহুল গান্ধীৰ কনভয় অৱৰোধ কৰা হৈছে। আমি নাজানো কিয় লোৱা হৈছে এই পদক্ষেপ।”

আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়া মতে আক্ৰমণৰ আশংকাতেই এইদৰে কনভয় বন্ধ কৰি দিয়া হৈছে।

Apply Now

লগতে পঢ়ক: নিলৰ্জ্জ আৰক্ষী বিষয়া! ল’ক আপত যৌন নিৰ্যাতন কিশোৰীক, নগ্ন কৰি তুলিলে ছবি

বৃহস্পতিবাৰে পুৱা প্ৰায় ৯:৩০ বজাত দিল্লীৰ পৰা মণিপুৰৰ ৰাজধানী ইম্ফললৈ উৰা মাৰিছিল ৰাহুলে। প্ৰায় ১১:৩০ বজাত ইম্ফল বিমানবন্দৰত উপস্থিত হয়। সাম্প্ৰদায়িক হিংসাত জুৰুলা মণিপুৰত তেওঁৰ দুদিনীয়া কেইবাটাও কাৰ্যসূচী আছে। কিন্তু আৰম্ভণিতে বাধাৰ সন্মুখীন হ’বলগীয়া হৈছে।

উল্লেখ্য যে বিগত সময়ত বিজেপি শাসিত মধ্যপ্ৰদেশৰ মন্দসৌৰত আৰক্ষীৰ গুলীত নিহত কৃষকৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ যাওতেও শিৱৰাজ সিং চৌহান চৰকাৰৰ আৰক্ষীয়ে তেওঁক বাধা দিছিল। উত্তৰ প্ৰদেশৰ হাথোৰত ভুক্তভোগী দলিত ছোৱালীজনীৰ পৰিয়ালক লগ কৰিবলৈ যাওঁতেও যোগী আদিত্যনাথৰ আৰক্ষীয়ে ৰাহুলৰ বাট বন্ধ কৰি দিছিল।

কংগ্ৰেছৰ এক সূত্ৰ অনুসৰি, বৃহস্পতিবাৰে ৰাহুলে লামকা (চুৰাচান্দপুৰ), বিষ্ণুপুৰকে ধৰি বিভিন্ন অঞ্চলৰ কেইবাটাও শৰণাৰ্থী শিবিৰ পৰিদৰ্শন কৰাৰ কথা। ৰাতি তেওঁ মৈৰাঙত থাকিব। শুকুৰবাৰে ৰাজধানী ইম্ফলৰ বিভিন্ন শৰণাৰ্থী শিবিৰ পৰিদৰ্শন কৰাৰ কথা ৰাহুলে। তেওঁ যুধন মেইটেই সম্প্ৰদায় আৰু কুকি আৰু নগা জনগোষ্ঠীৰ নাগৰিক সমাজৰ সৈতেও বৈঠকত মিলিত হ’ব।

লগতে পঢ়ক: ভুল তথ্যেৰে কোৰানৰ বিষয়ে তথ্যচিত্ৰ বনাওক, কি অৱস্থা হয় চাওঁ : আদিপুৰুষ সম্পৰ্কত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মন্তব্য

দিল্লীলৈ উভতি অহাৰ পূৰ্বে কংগ্ৰেছ ভৱনত সংবাদমেল অনুষ্ঠিত কৰিব পাৰে। ৰাহুল হৈছে মণিপুৰ ভ্ৰমণ কৰা প্ৰথমজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতা। কিন্তু তেওঁ হিংসাৰ বলি হোৱা লোকসকলক লগ কৰিব পাৰিব নে নাই তাকলৈ প্ৰশ্ন উত্থাপন হৈছে।

বুধবাৰে মণিপুৰ পেট্ৰিয়টিক পাৰ্টিয়ে ৰাহুল গান্ধীৰ ভ্ৰমণৰ বিৰোধিতা কৰি মুকলি পত্ৰ লিখি ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰে। মেইটেই সম্প্ৰদায়ৰ দ্বাৰা প্ৰভাৱিত বিজেপি ঘনিষ্ঠ সংগঠনটোৰ মতে মণিপুৰৰ এই সমস্যাটো প্ৰকৃততে কংগ্ৰেছৰ সময়ছোৱাত উদ্ভৱ হৈছিল। কংগ্ৰেছ চৰকাৰেই ১৯৪৯ চনত স্বাধীন মণিপুৰক বলপূৰ্বকভাৱে ভাৰতত অন্তৰ্ভুক্ত কৰিছিল! মণিপুৰৰ জনসাধাৰণে এই একত্ৰীকৰণ মানি ল’ব নোৱাৰিলে, যাৰ ফলত ৰাজ্যখনত সশস্ত্ৰ সংগ্ৰামৰ দীৰ্ঘ ইতিহাস গঢ় লৈ উঠিল।

সংগঠনটোৱে দাবী কৰে যে কংগ্ৰেছে সদায় ভোট বেংকৰ সুবিধাৰ্থে কুকিসকলক ব্যৱহাৰ কৰি আহিছে আৰু সুকীয়া কুকিলেণ্ডৰ সপোন দেখুৱাইছে। তাৰ বাবেই আজি কুকিসকলে মেইটেইসকলক পাহাৰৰ পৰা বহিষ্কাৰ কৰি পৃথক ৰাজ্যৰ দাবী জনাইছে। তেওঁলোকে আৰু অভিযোগ কৰে যে কুকি উগ্ৰপন্থীক দমন কৰাৰ পৰিৱৰ্তে যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ কৰাৰ আঁৰত কংগ্ৰেছ চৰকাৰে প্ৰকৃততে তেওঁলোকক প্ৰশিক্ষণ দিছিল আৰু নগা আৰু মেইটেইৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিল।

লগতে পঢ়ক: ছুপাৰমেন! পঞ্চাশ বছৰ ধৰি নাই টোপনি, নিশাৰ ভাগত খেতি কৰে ভিয়েটনামৰ নিগকে

উল্লেখ্য যে  মণিপুৰত ডেৰ মাহতকৈ অধিক সময় ধৰি ধাৰাবাহিক হিংসাত নিহত হোৱা লোকৰ সংখ্যা ডেৰশৰ ওচৰ চাপিছে। গৃহহীন হৈছে প্ৰায় ৫০ হাজাৰ লোক! যোৱা শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিছিল যদিও তাৰ পিছতো কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হয়।

কংগ্ৰেছে অভিযোগ কৰিছে যে মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ চৰকাৰখনে ৰাজনৈতিকভাৱে অস্থিৰ হৈ পৰাৰ পিছত এইবাৰ ৰাহুল গান্ধীৰ গতিবিধি নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm
চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd