নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাহুল-হিমন্তৰ টুইটাৰ যুদ্ধ

Rahul vs Himanta

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি ৰাহুল গান্ধী আৰু ৰাজ্যখনৰ বিজেপি চৰকাৰৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ছচিয়েল মিডিয়াৰ টুইটাৰত শব্দৰ যুঁজত অৱতীৰ্ণ হৈছে।

ৰাহুল গান্ধীয়ে টুইটাৰত অভিযোগ কৰে যে গেৰুৱা দলটোৱে উত্তৰ-পূৰ্বাঞ্চলত নিৰ্বাচনী লাভৰ বাবে তথা ‘অস্থিৰতা’ৰ সৃষ্টি কৰিবৰ বাবে ‘মেৰুকৰণ’ৰ চেষ্টা চলাইছে।

শুকুৰবাৰে এটা টুইটত ৰাহুল গান্ধীয়ে লিখিছিল, ‘’ মই উত্তৰ-পূৰ্বাঞ্চলত বৃদ্ধি পোৱা হিংসা আৰু অস্থিৰতাৰ দ্বাৰা উদ্বিগ্ন হৈছো য’ত বিজেপিয়ে ৰাজনৈতিক লাভৰ স্বাৰ্থত অঞ্চলটোত মেৰুবিভাজন অনাৰ বাবে ধৰ্ম আৰু গোষ্ঠীক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। এইধৰণৰ ৰাজনীতি, যিয়ে ভাতৃৰ বিৰুদ্ধে ভাতৃ আৰু অনুগামীসকলৰ মাজত ঘৃণা বিয়পাইছে, সেয়া বিপদজনক আৰু তাক বন্ধ কৰিব লাগিব।‘’

আনহাতে, এআইচিচিৰ সভাপতিগৰাকীক উভতি ধৰি বিধেয়কখনৰ প্ৰতি সৰৱ হৈ অহা হিমন্ত বিশ্বই লিখিছে-

‘’ৰাহুল গান্ধী ডাঙৰীয়া, আপোনাৰ উদ্বিগ্নতা প্ৰশমন কৰক। আপুনি জানেনে কেনেকৈ কংগ্ৰেছে দশক দশক ধৰি উত্তৰ-পূৰ্বাঞ্চলক অৱদমিত কৰি আহিছে? মূল্যবোধৰ সিদ্ধান্ত  নিদিব। আমি জনসাধাৰণক প্ৰকৃত সমস্যাৰ কথা কৈছো। সামান্য বা একেবাৰে জন সমৰ্থন নথকা একাংশ ভুৱা প্ৰতিবাদকাৰী মুজুৰা পৰি আহিছে। বাকী প্ৰতিশ্ৰুতি দিছো, উত্তৰ-পূৰ্বাঞ্চল সুৰক্ষিত!’’

হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ দলীয় সভাবোৰত ভাষণত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ তীব্ৰ সমৰ্থনত কৈ আহিছে যে বিধেয়কখনেই একমাত্ৰ অসমক কাশ্মীৰ হোৱাৰ পৰা বচাব পাৰে।

হিমন্তই লগতে অসমত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা অসম চুক্তিৰ ৬নং দফা আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সমৰ্থনত বক্তৱ্য আগবঢ়াই আহিছে।

ইয়াৰ মাজতে গণৰাজ্য দিৱসতো অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে প্ৰতিবাদ অব্যাহত থাকে।