মহানগৰীৰ ৰেস্তোঁৰাৰ পৰা জব্দ ৩১ কাৰ্টুন কোৰিয়ান সুৰা
মঙলবাৰে নিশা আবকাৰী বিভাগে চলোৱা এক বৃহৎ অভিযানত গুৱাহাটীৰ এখন ৰেস্তোঁৰাৰ পৰা ৩১ কাৰ্টুন অবৈধ কোৰিয়ান সুৰা জব্দ কৰা হয়।
খবৰ অনুসৰি, জু ৰ’ডৰ জোনালী বাছষ্টপৰ সমীপত থকা কোৰি’ছ নামৰ ৰেস্তোৰাখনত যোৱা দুমাহ ধৰি অবৈধভাৱে কোৰিয়ান সুৰা বিক্ৰী কৰাৰ অভিযোগ উত্থাপ হৈছিল।
অভিযোগৰ ভিত্তিত মহানগৰীৰ আবকাৰী অধীক্ষক মনৱী দাসৰ নেতৃত্বত চলা অভিযানে এই সুৰাখিনি জব্দ কৰে।
সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আবকাৰী অধীক্ষক মনৱী দাসে কয়, “উক্ত ৰেস্তোঁৰাখনত অবৈধভাৱে বিদেশী সুৰা বিক্ৰী কৰি থকা বুলি আমাৰ সূত্ৰৰ পৰা খবৰ পাইছিলোঁ। এই গোপন সূত্ৰৰ ভিত্তিত আজি আমি ৰেস্তোঁৰা খনত অভিযান চলাই প্ৰায় ৩১ কাৰ্টন অবৈধ কোৰিয়ান সুৰা জব্দ কৰিছো।”
আবকাৰী বিষয়াগৰাকীয়ে লগতে জনাইছে যে জব্দকৃত কোৰিয়ান সুৰাখিনিৰ বজাৰ মূল্য (MRP) প্ৰতি বটলত প্ৰায় ৩০০ টকা।
ইতিমধ্যে ৰেস্তোঁৰাখনৰ মেনেজাৰজনক সোধা–পোছাৰ বাবে আটক কৰা হৈছে।
উল্লেখ্য যে বৈধ বাৰ লাইচেন্স অবিহনেই ৰেস্তোঁৰাখনত সুৰা বিক্ৰী কৰা হৈছিল।