যোৱা ১৬ মে’ তাৰিখে নগাঁও জিলাৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্মৰত আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাৰ দুৰ্ঘটনাত মৃত্যুৰ খবৰত ৰহস্যৰ গোন্ধ পাইছে ৰাইজৰ দলে।
ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ, কাৰ্যকৰী সভাপতিদ্বিয় ভাস্কোডি শইকীয়া আৰু কবীন্দ্ৰ চেতিয়া ফুকনে এই ঘটনা এক সাধাৰণ পথ দুৰ্ঘটনাৰ পৰিৱৰ্তে এক পৰিকল্পিত হত্যাকাণ্ডও হ’ব পাৰে বুলি মত পোষণ কৰে।
লগতে পঢ়ক: আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য
ইয়াৰ পূৰ্বে দলৰ কাৰ্যকৰী সভাপতি কৱীন্দ্ৰ চেতীয়া ফুকন, সাধাৰণ সম্পাদক চিন্ময় বড়া, আজিজুৰ ৰহমান, তথ্য-আৰু প্ৰচাৰ সম্পাদক দেবাংগ সৌৰভ গগৈ আৰু অতিৰিক্ত তথ্য আৰু প্রচাৰ সম্পাদক প্রণৰ ডেকাই জোনমণি ৰাভাৰ বাসগৃহলৈ গৈ প্রয়াত ৰাভাৰ মাতৃ, ভাতৃ আৰু পৰিয়ালৰ আনসকলক সাক্ষাৎ কৰি সমগ্ৰ ঘটনাৰ গভীৰতা বুজি এইয়া এক বৃহৎ ষড়যন্ত্ৰৰ অংশ বুলি সন্দেহ প্রকাশ কৰে।
সেয়েহে ৰাইজৰ দলে অতিশীঘ্ৰে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ দ্বায়িত্ব চিবিআইক হস্তান্তৰ কৰি নিৰপেক্ষ তদন্তৰ দাবী জনায়।
লগতে ৰাইজৰ দলে উল্লেখ কৰে যে এই ঘটনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে দ্বায়িত্বত থকা গৃহ বিভাগৰ ফোপোলা স্বৰূপ উদঙাই দিলে।
লগতে পঢ়ক: উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা সহকাৰী কৰ আয়ুক্ত মিনাক্ষীৰ ঘৰত উদ্ধাৰ টকাৰ পাহাৰ
ৰাইজৰ দলৰ সভাপতি আৰু কাৰ্যকৰী সভাপতিদ্বয়ে আৰক্ষীৰ হাতত অভিযুক্তৰ মৃত্যুৰো চিবিআই তদন্ত হ’ব লাগে বুলি দাবী জনায়। তেওঁলোকে কয় ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দ্বায়িত্ব লোৱাৰ পৰা এতিয়ালৈকে কমেও ১৭৬ টা আৰক্ষীৰ দ্বাৰা এনকাউন্টাৰৰ ঘটনা সংঘটিত হৈছে, য’ত ৬১ জনৰ মৃত্যু হোৱাৰ লগতে ১৪৫ জন আহত হৈছে। এনেদৰে হোৱা ন্যায় বৰ্হিভূত হত্যাৰ ফলত প্রকৃত অপৰাধী আইনৰ আওতাৰ পৰা বাচি যায় বুলি মত প্রকাশ কৰে ৰাইজৰ দলৰ নেতৃত্বই।