‘ৰাইজৰ দল’ৰ আমগুৰি সমষ্টিত ৭২ জনীয়া পূৰ্ণাংগ সমিতি গঠন

ফটো : নৰ্থ-ইষ্ট নাও

আজি শিৱসাগৰ জিলাৰ আমগুৰিত ‘ৰাইজৰ দল’ৰ ১০৩ নং আমগুৰি সমষ্টিৰ পূৰ্ণাংগ সমিতি গঠন হয়।

ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকাই আঁত ধৰা সভাত সভাপতিত্ব কৰে শিৱসাগৰ জিলাৰ ‘ৰাইজৰ দল’ৰ মুখ্য আহ্বায়ক তথা শিক্ষক ৰঞ্জিত তামূলীয়ে।

সভাৰ উদ্দেশ্য বাখ্যা কৰে মুজিদ আলিয়ে। ‘ৰাইজৰ দল’ৰ হৈ বক্তব্য ৰাখে ৰাজ্যিক আহ্বায়ক মহেন্দ্ৰ দিহিঙীয়া, পদ্মকান্ত দাস, ৰাজ্যিক সম্বয়ক দেৱজিৎ দত্তই।

উক্ত সভাত আমগুৰি বিধান সমষ্টিৰ আপৰ সম্বয়ক চন্দন কুমাৰ গগৈ, বিশিষ্ট ব্যৱসায়ী যুৱক সৌৰভ বৰা, গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন সম্পাদক মন্তু গগৈ, আমগুৰিৰ মেধাবী ছাত্ৰ অমৃত কোঁৱৰ, প্ৰাক্তন আছু নেতা নৱজ্যোতি গগৈ, অসম গণ পৰিষদৰ সুভাষ বৰাই আজি আনুষ্ঠানিকভাৱে ‘ৰাইজৰ দল’ত যোগদান কৰি ভৱিষ্যতে ৰাইজৰ হৈ দলৰ স্বাৰ্থত কাম কৰি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ হয়।

ৰাইজৰ দলৰ আমগুৰি সমষ্টিৰ  উপদেষ্টা হিচাপে বিপুল ভূঞা, প্ৰবোধ বৰগোঁহাই, ৰাতুল বৰগোহাঁই, গুনপ্ৰভা গগৈ, সভাপতি দ্বীপজ্যুতি বৰগোহাঁই, উপ-সভাপতি হেম তামুলী, থানেশ্বৰ গগৈ, দেবেন হাজৰিকা, চন্দন কুমাৰ গগৈ, সাধাৰণ সম্পাদক সীমান্ত তামুলী, পাঁচগৰাকী সম্পাদকসহ ৭২ জনীয়া পূৰ্ণাংগ সমিতি গঠন কৰে।

আগন্তুক দিনত আমগুৰিৰ প্ৰতিখন গাঁৱত ‘ৰাইজৰ দল’ৰ সমিতি গঠন কৰাৰ সংকল্পৰে সভা ভংগ কৰে।

সভাত ছাত্ৰ মুক্তিৰ সীমান্ত গগৈ, পল্লব শইকীয়া, ৰন্টু শইকীয়া, ৰবীন হাজৰিকা উপস্থিত থাকে।