NORTHEAST NOW (Assamese)

ভাৰত বন্ধ: বঙাইগাঁৱত একাধিক ৰে’ল মজদুৰ ইউনিয়নৰ বিশেষ কাৰ্যসূচী

September 27, 2021 2:22 pm · প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
Updated: September 27, 2021 4:01 pm

সংযুক্ত কিষাণ মৰ্চাই আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰতি সমৰ্থন আগবঢ়াই অল ইণ্ডিয়া ৰে’লৱেমেনচ ফেডাৰেচন, উত্তৰ পূৱ সীমান্ত ৰে’লৱে মজদুৰ ইউনিয়ন আৰু হিন্দ মজদুৰ সভাই নিউ বঙাইগাঁও ৰে’ল জংচনৰ সন্মুখত এক সন্মিলিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

মজদুৰ ইউনিয়নৰ বঙাইগাঁও, নিউ বঙাইগাঁও, ৰানিং আৰু কাৰখানা শাখা তথা হিন্দ মজদুৰ সভাৰ বঙাইগাঁও জিলা সমিতিয়ে অংশগ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক তথা হিন্দ মজদুৰ সভাৰ ৰাজ্যিক সম্পাদক আশীষ বিশ্বাস, হিন্দ মজদুৰ সভাৰ বঙাইগাঁও জিলা সম্পাদক গোবিন্দ বিশ্বাস৷

মজদুৰ ইউনিয়নৰ নেতা শম্ভু প্ৰসাদ দাস, দ্বীপেন বৰা, মৃণাল শীল, শংকৰ দাস, নিমাই কলিতাকে ধৰি বহুকেইজন নেতাও কাৰ্যসূচীত উপস্থিত থাকে ৷

প্ৰতিবাদী কাৰ্যসূচীত ভাষণ প্ৰদান কৰি আশীষ বিশ্বাসে কয় যে কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বকভাবে প্ৰৱৰ্তন কৰা কৃষকবিৰোধী আইনখন প্ৰত্যাহাৰ কৰাৰ দাৱীত কৃষকসকলে বিগত এবছৰ ধৰি ভাৰতজুৰি আন্দোলন কৰি আহিছে যদিও অদ্যপি চৰকাৰৰ গা লৰা নাই ৷

এই চৰকাৰ পুঁজিপতিৰ চৰকাৰ ৷ এই চৰকাৰে কোনো কাম সাধাৰণ জনতাৰ বাবে কৰা নাই ৷

চৰকাৰী সম্পত্তি পুঁজিপতিৰ হাতত বিক্ৰী কৰি দেশৰ অৰ্থনীতি ৫০ বছৰ পিছলৈ ঠেলি দিছে এইখন চৰকাৰে ৷

এতিয়া সময় সকলো শ্ৰমিক একগোট হোৱাৰ ৷ সেইবাবেই আমি কৃষকসকলৰ দাৱীৰ প্ৰতি সমৰ্থন আগবঢ়াই আজিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো ৷

কৃষকসকলে তেওঁলোকৰ অধিকাৰ লাভ কৰক – এয়ে আমাৰ কামনা ৷ এঘণ্টীয়া এই কাৰ্যসূচীত ইউনিয়নৰ দুই শতাধিক লোকে অংশগ্ৰহণ কৰে ৷

Related News