NORTHEAST NOW (Assamese)

ৰঙাপাৰাত ৰে’ল আৰক্ষীয়ে জব্দ কৰিলে ৩০ কিলোগ্ৰামৰো অধিক গাঞ্জা

March 9, 2025 8:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 9, 2025 7:21 pm

শোণিতপুৰ জিলাৰ ৰঙাপাৰাত এখন যাত্ৰীবাহী ৰে’লৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ গাঞ্জা জব্দ কৰে ৰে’ল সুৰক্ষা বাহিনীয়ে।

নিয়মীয়া পৰীক্ষাৰ সময়ত ৰঙিয়া-মুৰকংচেলেক যাত্ৰীবাহী ৰে’লৰ পৰা ৩১.৫ কেজি ওজনৰ গাঞ্জা উদ্ধাৰ কৰে আৰক্ষীয়উে।

জব্দ কৰা গাঞ্জাৰ আনুমানিক বজাৰ মূল্য ৩ লাখ টকাৰো অধিক বুলি জানিব পৰা গৈছে।

কৰ্তৃপক্ষই সন্দেহ কৰা মতে গাঞ্জাখিনি যাত্ৰীবাহী ৰে’লত তুমি পঠিয়াই দিয়া হৈছিল।

ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Related News