১ মে’ৰ পৰা বন্ধ হ’ব পাৰে ৰে’ল সেৱা! পুৰণি পেঞ্চনৰ দাবীত ধৰ্মঘটৰ আহ্বান ৰে’ল শ্ৰমিক সংগঠনৰ

ফাইল ফটোঃ সংগ্ৰহীত।

নতুন পেঞ্চন আঁচনিখনক লৈ বহু ৰে’ল শ্ৰমিক সংগঠন অতি অসন্তুষ্ট। পুৰণি পেঞ্চন আঁচনিখন শীঘ্ৰে প্ৰৱৰ্তন কৰিবলৈ দাবী জনাইছে। আৰু যদি নহয় তেন্তে ১ মে’ৰ পৰা তেওঁলোকে ধৰ্মঘটত নামিব। ইয়াৰ বাবে ৰে’ল সেৱা বন্ধ হৈ পৰিব পাৰে।

যদি এনেকুৱা হয় তেন্তে সাধাৰণ মানুহে চৰম দুৰ্ভোগ ভূগিবলগীয়া হ’ব পাৰে। অৱশ্যে এই সন্দৰ্ভত এতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৰে’ল কৰ্তৃপক্ষই।

অল ইণ্ডিয়া ৰে’লৱে মেনছ ফেডাৰেচনৰ তথ্য অনুসৰি পুৰণি পেঞ্চন আঁচনিখন অধিক নিৰ্ভৰযোগ্য। সেয়ে নতুন পেঞ্চন আঁচনিখন প্ৰত্যাহাৰ কৰি পুৰণিখনকে ঘূৰাই আনিব লাগে।

লগতে পঢ়কঃ বাৰে বাৰে পেৰ’লত মুকলি; ৰাম ৰহিমক পুনৰ জেললৈ ঘূৰাই পঠিওৱাৰ নিৰ্দেশ ক্ষুব্ধ উচ্চ ন্যায়ালয়ৰ

অভিযোগ যে এই সন্দৰ্ভত কেইবাটাও দাবী উত্থাপন হৈছে যদিও এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। গতিকে এইবাৰ সংগঠনৰ সদস্যসকলে আন্দোলনৰ পথত আগবাঢ়িব বিচাৰিছে। এই সংগঠনৰ বাহিৰেও কেইবাটাও কেন্দ্ৰীয় সংগঠনৰ কৰ্মচাৰীৰ যৌথ মঞ্চই একে দাবীতে যোগ দিছে।

পুৰণি পেঞ্চন আঁচনিখনত ৫০ শতাংশ ধন পোৱা গৈছিল। কিন্তু ২০০৪ চনৰ পৰা অহা নতুন পেঞ্চন আঁচনিখনে টকা পাবলৈ বজাৰৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছে। গতিকে অৱসৰৰ পিছত কিমান টকা উপলব্ধ হ’ব সেয়া নিশ্চিতভাৱে জনা নাযায়।

লগতে পঢ়কঃবাংলাদেশৰ ৰাজধানী ঢাকাৰ শ্বপিং মলত ভয়াৱহ অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ হৈ ৪৪ জনৰ মৃত্যু

এনে পৰিপ্ৰেক্ষিতত দীৰ্ঘদিন ধৰি পুৰণি পেঞ্চন আঁচনিখন ঘূৰাই অনাৰ দাবী উত্থাপন হৈ আহিছে। যদিও কেন্দ্রই এই দাবী মানি ল’ব নোৱাৰি বুলি আগতেই বাৰে বাৰে কৈ আহিছে৷ কিন্তু এইবাৰ কেইবাটাও শ্ৰমিক সংগঠনে এটা ডাঙৰ সকীয়নি দিলে। পুৰণি পেঞ্চন আঁচনিখন কাৰ্যকৰী নহ’লে ১ মে’ৰ পৰা তেওঁলোকে দেশজোৰা ধৰ্মঘট আৰম্ভ কৰিব বুলি স্পষ্টকৈ জনোৱা হৈছে।

ধৰ্মঘটৰ আহ্বান জনোৱাৰ সময়তে দেশত লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। অৰ্থাৎ সমগ্ৰ দেশৰ ওপৰত ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগৰ নিয়ন্ত্ৰণ থাকিব। সেই সময়ত মোডী চৰকাৰৰ একো ক্ষমতা নাথাকে। এনে পৰিস্থিতিত যদি ৰে’ল ষ্ট্ৰাইক আৰম্ভ হয় তেন্তে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ আশংকা কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ উপৰিও ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়েও পুৰণি পেঞ্চন আঁচনিখন ঘূৰাই অনাৰ পোষকতা কৰিছে। গতিকে ঐক্যবদ্ধ আন্দোলন হ’লে আমাৰ জনসাধাৰণৰ দুৰ্ভোগ বহুগুণে বৃদ্ধি পাব৷