বিজেপি চৰকাৰৰ অসম প্ৰীতিৰ নমুনা! পাটনাৰ পৰা মানুহ আনিবলৈ দুখন ৰে’ল, স্থানীয় ৰে’ল কিয় নচলায়?

https://assam.nenow.in/wp-content/uploads/2021/02/6.jpg

প্ৰতিনিধিত্বমূলক ফটো।

অলপতে ৰে’ল কৰ্তৃপক্ষই ৰাজেন্দ্ৰ নগৰৰ পৰা (পাটনা) অসমলৈ বিহাৰী সকলক আনিবলৈ দুখন ৰে’লৰ চলাচল আৰম্ভ কৰিছে।

অসমত বেহা-বেপাৰ কৰা, চাকৰি-বাকৰি কৰা আৰু সৰু সুৰা জীৱিকাৰ বাবে ঢাপলি মেলা বিহাৰী লোকসকলৰ বাবে বিজেপি চৰকাৰৰ এনে দৰদ দেখিলে স্বাভাৱিকতে আন কিছুমান প্ৰশ্নইহে উক দি উঠে।

ৰে’ল কৰ্তৃপক্ষই গ্ৰহণ কৰা এনে স্থানীয় স্বাৰ্থ বিৰোধী সিদ্ধান্তৰ বিভিন্নজনে চৰ্চা কৰা দেখা গৈছে।

জাতি-মাটি ভেটিৰ কথা কোৱা বিজেপি চৰকাৰে অসমৰ খাটিখোৱা মানুহৰ দুৰৱস্থাৰ বাবে কিমান সচেতন?

ৰাজ্যখনৰ মধ্য অসম নগাওঁ আৰু দক্ষিণ পাৰৰ গোৱালপাৰা পৰা চলাচল কৰা স্থানীয় ৰে’লকেইখন আৰম্ভ কৰিব পৰা নাই কিয়?

ইয়াৰ বাবে ৰাজ্যখনৰ সাধাৰণ যাত্ৰীসকল যে বহু কষ্টৰ সন্মুখীন হৈছে সেয়া চৰকাৰখনৰ দৃষ্টিগোচৰ হোৱা নাইনে?

উল্লেখ্য যে এই ৰে’লকেইখনত স্থানীয় শিক্ষাৰ্থী, চাকৰিয়াল, ৰুগীয়া মানুহকে ধৰি বহু লোক সদায় অহাযোৱা কৰে।

তদুপৰি, বহুতো স্থানীয় নিবনুৱা যুৱক-যুৱতী, পুৰুষ-মহিলাই নিজৰ গাঁৱত উৎপাদিত সামগ্ৰী মহানগৰীলৈ আনি বিক্ৰী কৰি উপাৰ্জন কৰাৰ লগতে পৰিয়ালকো পোহপাল দি আহিছে।

উদাহৰণস্বৰূপে, গুৱাহাটীৰ পৰা নগাঁওলৈ ট্ৰেভেলাৰ বা ষ্টাৰ বাছত ভিৰ-ভাৰৰ মাজতে বহি যোৱা যাত্ৰীয়ে ১৫০ টকা ভাড়া আদায় দিব লাগে যদিও গুৱাহাটীৰ পৰা নগাঁওলৈ এই যাত্ৰীবাহী স্থানীয় ৰে’লৰ ভাড়া মাত্ৰ ৩০টকা।

ইয়াৰ ভাবে সাধাৰণভাৱে উপাৰ্জন কৰি চলি অহা ৰাজ্যখনৰ বহুতেই স্থানীয় ৰে’ল যাত্ৰাৰ পৰা উপকৃত হৈছিল।

আনহাতে, কৰ’না ভাইৰাছৰ পৰিস্থিতিৰ কিছু শাম কটাৰ পাছত বিপৰ্যয়ৰ সন্মুখীন হোৱা স্থানীয় লোকক সকাহ দিয়াৰ বাবে চৰকাৰে এনে ব্যৱস্থাসমূহ আৰম্ভ কৰাত গুৰুত্ব নিদিয়াৰ কাৰণ কি?

নিৰ্বাচনৰ অংকত ব্যস্ত শাসকীয় দলৰ লগতে বিৰোধী পক্ষয়ো এই কথাবোৰত গুৰুত্ব দিয়া উচিত।

বিহাৰৰ পৰা হোৰাহোৰে মানুহবোৰ আনি অসমত মেলি দিয়াৰ চিন্তাৰ মাজতে ৰাজ্যখনৰ সাধাৰণ শ্ৰেণীৰ লোকক সকাহ দিয়াৰ কথাও চিন্তা কৰি স্থানীয় ৰে’ল চলোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক।