NORTHEAST NOW (Assamese)

ভাৰতীয় ৰে’লৱে প্ৰতিটো ৰে’ল দবাক কোভিড প্ৰতিৰোধী হিচাপে গঢ়ি তোলাৰ বাবে ব্যয় কৰিব ৩-৬ লাখ টকা

July 22, 2020 12:04 pm · এন ই নাও নিউজ
উৎস-ইণ্টাৰনেট

ক’ৰ’না মহামাৰীৰ সময়ত জনসাধাৰণক কোভিড-১৯ৰ সংক্ৰমণৰ পৰা বচোৱাৰ বাবে ভাৰতীয় ৰে’লৱে ৰেল দবা সমূহৰ বিকাশৰ বাবে প্ৰতিখন ৰে’লৰ এচি আৰু এচি বিহীন দবা সমূহৰ বাবে অতিৰিক্তকৈ ৬ লাখ আৰু ৩ লাখ টকা ব্যয় কৰিব।

ভাৰতীয় ৰে’ল বিভাগৰ এগৰাকী উচ্চ পৰ্যায়ৰ বিষয়াই মঙলবাৰে এই কথা সদৰী কৰে।

পঞ্জাৱৰ কাপুৰথালাত থকা ৰেইল কোচ্চ ফেক্টৰীত এনেধৰণৰ বিশেষ দুটা ৰে’ল দবা নিৰ্মাণ কৰি থকা হৈছে।

কোভিড-১৯ৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোগ কৰা এনেধৰণৰ ৰে’ল দবা সমূহত ভৰিৰে চলাব পৰা বেচিন টেপ, ফ্লাচ থকা টয়লেট, এণ্টি মাইক্ৰ’বায়েল কপাৰ আদিৰ সুবিধা উপলব্ধ থাকিব।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ৰে পৰা ভাৰতীয়ে ৰে’লৱে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি আহিছে।

কোভিড আক্ৰান্ত ৰোগী সকলৰ চিকিৎসাৰ বাবে ভাৰতীয় ৰে’লৱে নিজৰ ৰে’লৰ কিছুসংখ্যক দবাক কোভিড কেয়াৰ কেন্দ্ৰলৈ উন্নীত কৰিছে।

ল’কডাউনৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিক সকলকো নিজ নিজ ৰাজ্যলৈ উভতাই অনাৰ ক্ষেত্ৰত ভাৰতীয় ৰে’লৱে ব্যৱস্থা গ্ৰহণ কৰিছিল।

Related News