দুৰ্গাপূজালৈ মাথোঁ কেইদিন মান বাকী থকা অৱস্থাতে বৰষুণে দূৰ্গা পূজাৰ উছাহ ভালেখিনি ম্লান কৰিছে। ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ উৎসৱটোত বৰষুণে কেনা লগাব বুলি এটা শংকাৰ জন্ম হৈছে। তিতলী ঘূৰ্ণী বতাহৰ প্ৰভাৱত অহা আৱতৰীয়া বৰষুণে ৰাজ্যখনৰ উৎসৱৰ উছাহ ম্লান কৰাৰ সম্ভৱনা দেখা গৈছে।
ৰাজধানী আগৰতলাত বিগত দুদিনৰ পৰা পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৰষুণ পৰি আছে আৰু আগন্তুক ৪৮ ঘণ্টাত আৰু অধিক পৰিমাণে বৰষুণৰ সম্ভাৱনা আছে।
আৱতৰীয়া বৰষুণে প্ৰতিমাসমূহত ৰং দিয়া, পেণ্ডেল নিৰ্মাণ, লাইটিং আৰু আন আন প্ৰস্তুতিত বিলম্ব ঘটাইছে।
প্ৰতিমাৰ খনিকৰসকল ঘাইকৈ কলকাতা বা পশ্চিম বংগৰ আন আন অংশৰ পৰা ইয়ালৈ আহে। যদিহে নিৰ্ধাৰিত সময়ত তেওঁলোকে মূৰ্তি প্ৰস্তুত কৰিব নোৱাৰে, তেন্তে তেওঁলোকেও সঠিক সময়ত ঘৰলৈ উভতি গৈ পৰিয়ালৰ সৈতে পূজাৰ উৎসৱত ভাগ ল’ব নোৱাৰিব। তেওঁলোকে ইতিমধ্যে নিৰ্দিষ্ট দিনত বিমানৰ ওভতনি টিকট কাটি থৈছে আৰু প্ৰতিমা নিৰ্মাণত বিলম্ব হ’লে এই ব্যস্ততাৰ সময়ত তেওঁলোকে টিকট কেনচেল কৰাই পুনৰাই আৰু টিকট কাটি পূজাৰ সময়ত ঘৰ গৈ পোৱাটো অসম্ভৱ।
৯ দিনীয়া উৎসৱৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি থাকিলেও বতাহৰ সৈতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ আগলি বতৰাই পূজাৰ উছাহ বহু পৰিমাণে লাঘৱ কৰিছে।
অৱশ্যে পঞ্চমীৰ আগে ভাগে বৰষুণৰ প্ৰাৱল্য কমি হোৱাৰ আগজাননী দিয়া হৈছে যদিও বৰষুণে পূজাৰ বতৰত বিধি-পথালি দিয়াৰ সম্ভাৱনাই মানুহৰ উছাহক ম্লান কৰিছে।