ৰাজস্থান বিজেপিত অথন্তৰ : নিৰ্বাচনলৈ এমাহ, টিকেট নাপালে প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে
নিৰ্বাচনলৈ আৰু প্ৰায় এমাহ সময় বাকী। মধ্যপ্ৰদেশ, ৰাজস্থানকে ধৰি পাঁচখন ৰাজ্যত বিজেপি, কংগ্ৰেছকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহে তীব্ৰ প্ৰচাৰ চলাইছে।
শেহতীয়াকৈ বিজেপিয়ে ৰাজস্থান বিধানসভা নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে। কিন্তু লক্ষ্যনীয় কথাটো হ’ল যে ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজস্থান বিজেপিৰ অন্যতম প্ৰধান স্তম্ভ বসুন্ধৰা ৰাজেক সেই তালিকাৰ পৰা আঁতৰাই ৰখা হৈছে।
কেৱল বসুন্ধৰা ৰাজেই নহয়, ৰাজ্যখনৰ প্ৰথম নিৰ্বাচনী প্ৰাৰ্থী তালিকাত স্থান নাপালে বসুন্ধৰা ৰাজেৰ ঘনিষ্ঠ বহু বিজেপি নেতাই।
নিৰ্বাচনৰ মাত্ৰ এমাহ থকাৰ পূৰ্বে টিকট নোপোৱাকৈ এতিয়া দলৰ বিৰুদ্ধে বিভিন্ন বিজেপি নেতাৰ প্ৰতিবাদে ৰাজস্থানৰ ৰাজনৈতিক মহল উষ্ণ কৰি তুলিছে।
উল্লেখ্য যে প্ৰথম তালিকাৰ পৰা বাদ পৰাৰ পিছতো বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত এতিয়াও মুকলিকৈ ক্ষোভ প্ৰকাশ কৰিব পৰা নাই বহু নেতাই। বৰঞ্চ তালিকাৰ পৰা বঞ্চিত সকলে বাৰে বাৰে দলৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰিছে।
সূত্ৰ অনুসৰি তেওঁলোকৰ বহুতেই বিজেপিৰ পৰা টিকট নোপোৱাৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা চিন্তা কৰিছে। এনদৰে ৰাজ্যখনৰ বিজেপিৰ নিৰ্বাচনী প্ৰাৰ্থীৰ তালিকাৰ পৰা বঞ্চিতসকলৰ ভিতৰত আছে ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰতৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি ভৈৰণ সিং শ্বেখাৱতৰ জোঁৱাই নৰপত সিং ৰাজৱী।
জয়পুৰৰ বিদ্যাধৰ নগৰ সমষ্টিৰ পৰা নৰপত সিঙৰ ঠাইত জয়পুৰৰ ৰাজকুমাৰী দিব্যা কুমাৰক গেৰুৱা শিবিৰৰ কেন্দ্ৰীয় নেতৃত্বই মনোনীত কৰিছে।
ব্ৰিটিছ ৰাজত্বৰ সময়ত জয়পুৰৰ শেষ শাসক মহাৰাজা মেজৰ জেনেৰেল মান সিঙৰ নাতিনী দিব্যা কুমাৰে ২০১৩ চনত বিজেপিত যোগদান কৰি ছাৱাই মাধোপুৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। পৰৱৰ্তী সময়ত ২০১৯ চনৰ লোকসভা নিৰ্বাচনত দিব্যা জয়ী হৈ সাংসদ হিচাপে নিৰ্বাচিত হয়।