এক নৃশংস হত্যাকাণ্ড পোহৰলৈ আহিছে। ভূমি বিবাদ কেন্দ্ৰিক সংঘাতৰ বাবে ভাতৃয়ে অতি নৃশংসতাৰে হত্যা কৰিলে নিজৰে সহোদৰক।
এ নৃশংস হত্যাকাণ্ডটো সংঘটিত হৈছে ৰাজস্থানত। ৰাজস্থানৰ ভৰতপুৰত দুটা পৰিয়ালৰ মাজত চলি অহা ভূমি কেন্দ্ৰিক বিবাদৰ ফলতে এই হত্যাকাণ্ডটো সংঘটিত হয়।
প্ৰকাশিত খবৰ ৰ মতে, ভৰতপুৰত এটুকুৰা ভূমিক লৈ বাহাদুৰ সিং আৰু আটাৰ সিং পৰিয়ালৰ মাজত দীৰ্ঘদিন ধৰি বিবাদ চলি আহিছিল। বুধবাৰে এই বিবাদে তংগত উঠে আৰু বাহাদুৰ সিং পৰিয়ালে এখন ট্ৰেক্টৰ লৈ বিবাদমান ভূমিত আহি উপস্থিত হয়। এই সম্ভেদ লাভ কৰাৰ লগে লগে আটাৰ সিঙৰ পৰিয়ালৰ লোকসকলো উক্ত স্থানত উপস্থিত হয়।
দুয়োটা পৰিয়ালৰ লোক বিবাদিত ভূমিত উপস্থিত হোৱাৰ পাছতে যুযুধান পৰিস্থিতিৰ সৃষ্টি হয়। লাঠি-শিলেৰে দুয়োটা পৰিয়ালে আক্ৰমণ-প্ৰত্যাক্ৰমণত প্ৰবৃত্ত হয়। গাঁওবাসীয়ে দাবী কৰে যে তেওঁলোকে বন্দুকৰ গুলী শুনিছিল।
ইয়াৰ মাজতে আটাৰ সিঙৰ পুত্ৰ নিৰ্পত সিং মাটিত বাগৰি পৰে। তেতিয়া বাহাদুৰ সিঙৰ পুত্ৰ দামোদৰ সিঙে ভাতৃ নিৰ্পত সিঙৰ শীৰৰ ওপৰত উপৰ্যুপৰি আঠবাৰকৈ ট্ৰেক্টৰ চলাই আক্ৰমণ কৰে আৰু সেই আক্ৰমণ নিৰ্পত সিং থিতাতে মৃত্যু হয়।
প্ৰকাশিত খবৰৰ মতে পৰিয়ালৰ আন লোকে হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছিল যদিও তেওঁলোকক উপেক্ষা কৰি দামোদৰ সিঙে ভাতৃ নিৰ্পত সিঙৰ মৃত্যু নোহাৱা পৰ্যন্ত শৰীৰৰ ওপৰত উপৰ্যুপৰি ট্ৰেক্টৰ চলাই আছিল।
এই সংঘৰ্ষত প্ৰায় ১০ জন লোক আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি সোধা-পোছাৰ বাবে চাৰিজন লোকক আটক কৰিছে।
জানিব পৰা মতে, পাঁচ দিন পূৰ্বেও পৰিয়াল দুটাৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছিল। সেই সংঘৰ্ষত বাহাদুৰ সিং আৰু তেওঁৰ কনিষ্ঠ ভাতৃ আহত হৈছিল। সেই ঘটনাৰ পাছতে বাহাদুৰ সিঙৰ পৰিয়ালে আটাৰ সিঙৰ পুত্ৰ নিৰ্পতকে ধৰি পৰিয়ালৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছিল।