৩ লাখ টকাত কইনা ‘ক্ৰয়’ কৰি বিপদত পৰিল এজন লোক! : বিয়াৰ পিছত কি কৰিলে কইনাই?
এজন লোকে ৩ লাখ টকাৰ বিনিময়ত কইনা ‘ক্ৰয়’ কৰাৰ এক খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ভুক্তভোগী লোকগৰাকী নিজেই আৰক্ষী ওচৰত ৩ লাখ টকাৰ বিনিময়ত কইনাক ‘ক্ৰয়’ কৰাৰ বুলি এক অভিযোগ দাখিল কৰিছে আৰক্ষী থানাত।
এজাহাৰত উল্লেখ কৰা ঘটনাৰ বিৱৰণীৰ মতে ৰাজস্থানৰ ভাৰতপুৰ জিলাৰ নাৰায়ণ সিং গুৰ্জাৰ নামৰ লোকজনলৈ ঢোলপুৰ জিলাৰ ভগতপুৰা গাঁৱৰ পৰিচিত হৰি সিং গুৰ্জাৰে যোৱা ৬ মাৰ্চত এজনী যুৱতীৰ বিয়াৰ প্ৰস্তাৱ লৈ আহিছিল।
মধ্যপ্ৰদেশৰ গোৱালিয়ৰ জিলাৰ ঘাটিগাঁও অঞ্চলৰ যুৱতীগৰাকীৰ বাবে বিয়াৰ প্ৰস্তাৱ লৈ নাৰায়ণৰ পৰিচিত লোকজনে মধ্যভোগীৰ ভূমিকা পালন কৰি কইনাৰ পিতৃয়ে বিচৰা বুলি কৈ নায়াৰণ সিঙৰ পৰা ৩ লাখ টকা দাবী কৰে। এই কামত যুৱতীগৰাকীৰ ভাতৃয়েও মধ্যভোগী লোকজনক সহায় কৰে।
৩ লাখ টকা আদায় দিয়াৰ পিছত নাৰায়ণ সিঙৰ সৈতে ৯ মাৰ্চত বিবাহপাশত আৱদ্ধ হয় সুনীতা নামৰ যুৱতীগৰাকী।
বিয়াৰ পিছতে পত্নীক লৈ নাৰায়ণ সিঙে নিজ গৃহলৈ ওভতি আহে। ইয়াৰ পিছতে ঘটনাই নতুন মোৰ লয়।
এইদৰে সংসাৰ চলি থকাৰ সময়তে ১৩ দিনৰ পিছত হঠাতে নাৰায়ণ সিঙৰ পত্নী সুনীতাই স্বামীৰ ঘৰৰ পৰা পলায়ন কৰে।
নাৰায়ণ সিঙে উল্লেখ কৰা মতে যোৱা ২২ মাৰ্চত পত্নী সুনীতা ঘৰত অকলে থকা অৱস্থাতে নিৰুদ্দেশ হয়। বিচাৰ খোচাৰ কৰাৰ পিছত মধ্যভোগী লোকজনৰ লগতে সুনীতাৰ ভাতৃক পত্নী বিষয়ে সোধাত তেওঁলোকে কয় যে বিয়াৰ পিছত তেওঁলোক তাইৰ প্ৰতি দায়ৱদ্ধ নহয়।
মধ্যভোগী লোকজনৰ লগতে সুনীতাৰ ভাতৃৰ এই কথাত নাৰায়ণ সিঙে সন্দেহৰ গোন্ধ পাই আৰক্ষী থানাত পত্নী, মধ্যভোগী হৰি সিং গুৰ্জাৰ সুনীতাৰ ভাতৃ ৰামধন গুৰ্জাৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে।
নাৰায়ণ সিং গুৰ্জাৰৰ অভিযোগ মতে তেওঁৰ পৰা ৩ লাখ টকা লৈ যুৱতীগৰাকীক তেওঁলোকে বিনিময়হে কৰিলে আৰু ধন পোৱাৰ পিছত সেয়ে পত্নীয়ে তেওঁক এৰি পলায়ন কৰিছে।