NORTHEAST NOW (Assamese)

৫ আৰু ৯ এপ্ৰিলত গুৱাহাটীৰ বৰ্ষাপাৰাত IPL-ৰ খেল

February 27, 2020 7:09 pm · এন ই নাও নিউজ
ৰিয়ান পৰাগ

অসম তথা গুৱাহাটীবাসী ক্ৰিকেটপ্ৰেমীক আহ্লাদিত কৰি আই পি এল, ২০২০-ৰ দুখন খেল গুৱাহাটীত অনুষ্ঠিত কৰাটো নিশ্চিত হৈছে।

অহা ২৯ মাৰ্চৰ পৰা আৰম্ভ হ’ব লগীয়া ছিজনটোৰ দুখন খেল ক্ৰমে অহা ৫ আৰু ৯ এপ্ৰিলত গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত ড০ ভূপেন হাজৰিকা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বুলি বি চি চি আইৰ এটা বিজ্ঞপ্তিত প্ৰকাশ।

ৰাজস্থান ৰয়েলছে ঘৰুৱা দল হিচাপে খেলিব লগীয়া দুয়োখন খেলেই সন্ধিয়া অনুষ্ঠিত হ’ব। প্ৰতিপক্ষত থাকিব ক্ৰমে দিল্লী কেপিটেলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ।

গুৱাহাটীৰ নিজা দল যদিও নাই ৰাজস্থান ৰয়েলছত অসমৰ যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ চুক্তিবদ্ধ হৈছে আৰু গৃহ চহৰখনত তেওঁৰ যথেষ্ট অনুৰাগী আছে।

পূৰ্বে আই পি এলৰ প্ৰকাশিত সূচীত ৫ এপ্ৰিল আৰু ৯ এপ্ৰিলৰ খেলৰ স্থান হিচাপে জয়পুৰৰ সৈতে গুৱাহাটীক এক বিকল্প হিচাপেহে ৰখা হৈছিল। ফলত গুৱাহাটীত খেল হোৱাটো এক অনিশ্চয়তা হৈ ৰৈছিল।

উল্লেখ কৰিব পাৰি যে জয়পুৰৰ পৰা গুৱাহাটীলৈ ৰাজস্থান ৰয়েলছৰ খেল স্থানান্তৰক লৈ ৰাজস্থান উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন দাখিল হৈছিল।

আৱেদনখনত আৱেদনকাৰী ৰাহুল কানৱাট, বিমল চন্দ চৌধুৰী আৰু য়োগেছ কুমাৰে ন্যায়ালয়ৰ কাষ চাপি কৈছিল যে জয়পুৰৰ বাহিৰলৈ খেল স্থানান্তৰ কৰাটো “ৰাজ্যখনৰ বাবে সন্মানহানিকৰ” হ’ব।

কিন্তু শেষত এই আইনী মেৰপেঁচৰ জাল ফালি গুৱাহাটীত দুখনকৈ খেল অনুষ্ঠিত হোৱাৰ নিশ্চিত খবৰে সকাহ দিয়াৰ লগতে আৰু উৎফুল্ল কৰিলে গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমীক।

Related News