• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাৱধান! সহযাত্ৰীৰ গুলীয়ে অভিজাত ৰাজধানী এক্সপ্ৰেছত প্ৰাণ ল’ব পাৰে আপোনাৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 30, 2018 6:07 pm
rajdhani-express
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আচৰিত নহ’ব, শীত-তাপ নিয়ন্ত্ৰিত অভিজাত ৰাজধানী এক্সপ্ৰেছত আপোনাৰ সহযাত্ৰী হ’ব পাৰে অবৈধ মাৰণাস্ত্ৰধাৰী আৰু এই বেআইনী অস্ত্ৰৰ গুলীয়ে প্ৰাণ ল’ব পাৰে আপোনাৰ!

ডিব্ৰুগড়ৰ পৰা নতুন দিল্লীমুখী ৰাজধানী এক্সপ্ৰেছত ডিমাপুৰৰ পৰা বিনা বাধাই আহি গুৱাহাটী পোৱা অবৈধ মাৰণাস্ত্ৰবাহী দুজন যাত্ৰীৰ গ্ৰেপ্তাৰে সৃষ্টি কৰিছে এই আশংকাৰ।

গুৱাহাটী ৰে’ল ষ্টে’চনত বৃ্হস্পতিবাৰে ৰে’ল আৰক্ষীৰ তালাচীত ধৰা পৰিছে বিহাৰৰ সুমন কুমাৰ (২৬ বছৰীয়া) আৰু বিনীত কুমাৰ (৪০ বছৰীয়া) নামৰ দুজন যাত্ৰী।

ডিমাপুৰত কিনা ১টা .৩২ ৰিভলভাৰৰ লগতে এই দুজন লোকৰ হাতত আছিল ২১ জাঁইকৈ সক্ৰিয় গুলী। তাতোতকৈ আচৰিত কথা তেওঁলোকৰ হাতত আছিল নাগালেণ্ডৰ জুনহেবত’ জিলাৰ উপায়ুক্তই দিয়া অস্ত্ৰৰ অনুজ্ঞাপত্ৰ।

গ্ৰেপ্তাৰ হোৱা লোক দুজন

‘তেওঁলোকৰ পৰা এটা .৩২ ৰিভলভাৰ আৰু ২১ জাঁই সক্ৰিয় গুলী আমি জব্দ কৰিছো। তেওঁলোকে নাগালেণ্ডৰ জুনহেবত’ জিলা উপায়ুক্তৰ পৰা লাভ কৰা এখন মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দেখুৱাইছিল। আমাৰ পৰীক্ষাত অনুজ্ঞাপত্ৰখন ভুৱা বুলি জানিব পৰা গৈছে,’ গুৱাহাটী ৰে’ল ষ্টে’চনৰ ৰে’ল আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

লোক দুজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ৪৬৮, অস্ত্ৰ আইনৰ ২৫ (১ এ’) আৰু ৰে’লৱে’ আইনৰ ১৬৪ ধাৰাত ২৩২/২০১৮ নম্বৰৰ এক গোচৰ ৰুজু কৰি হাজোতলৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীয়ে জনাইছে|

গুৱাহাটী ৰে’ল ষ্টে’চনত প্ৰায়েই চোৰাং সোণ আৰু ড্ৰাগছৰ দৰে সামগ্ৰী উদ্ধাৰ হৈ থকাৰ ফলত গুৱাহাটী দেশৰ চোৰাং কাৰবাৰৰ কৰিডৰত পৰিণত হোৱা বুলি বিভিন্ন বাতৰি প্ৰকাশিত হৈ আহিছে।

শেহতীয়াকৈ চিৰিয়েল কিলিং আৰু ধৰ্ষণৰ দৰে অসমৰ ইতিহাসত কেতিয়াও নঘটা ঘটনাও ৰে’লত ঘটিছিল।

নিজেই নাৰীজনিত বিতৰ্কৰ মাজত সোমাই পৰা ৰাজ্যিক ৰে’ল মন্ত্ৰী, অসমৰ সাংসদ ৰাজেন গোহাঁইৰ কিবা ভূমিকা আছেনে ৰে’লযাত্ৰীৰ নিৰাপত্তা সুনিশ্চিতকৰণত?

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am
পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

September 15, 2025 7:51 am
মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am
পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

September 15, 2025 7:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd