তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

ফটো : নৰ্থ-ইষ্ট নাও

বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত বৃদ্ধি পাইছে প্ৰাৰ্থিত্বৰ দৌৰ। কোনে কোন সমষ্টিত কোন দলৰ পৰা প্ৰাৰ্থিত্ব পাব তাকে লৈ অব্যাহত আছে চিন্তা চৰ্চা।

ৰাজনৈতিক মহলতো চলিছে ইয়াৰ সৰৱ আলোচনা। পিছ পৰি থকা নাই বাক্সা জিলাৰ ৫৮ তামুলপুৰ বিধানসভা সমষ্টিৰ ৰাজনৈতিক মহল।

বিশেষকৈ বিগত বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপি দলে পূৰ্বৰ তুলনাত ভাল ফলাফল দেখুওৱাৰ পিছত অন্য দল ত্যাগ কৰি বিজেপি দললৈ অহা দেখা গৈছে বহু নেতা।

বুধবাৰে তামুলপুৰ বিধানসভা সমষ্টিৰ নাগ্ৰীজুলি মণ্ডল বিজেপিৰ কাৰ্যালয়ত তামুলপুৰৰ বিধায়ক ইমানুৱেল মোছাহাৰী আৰু এমচিএলএ ধৰ্মনাৰায়ন দাসৰ উপস্থিতিত ৫১২ গৰাকী লোকে বিপিএফ আৰু অন্য দলৰ পৰা আহি বিজেপিত যোগদান কৰিছে।

ইয়াৰ মাজতে চৰ্চা অব্যাহত আছে বিজেপিৰ পৰা তামুলপুৰ বিধানসভা সমষ্টিত দলীয় টিকট কোনে লাভ কৰিব।

বিপিএফ ত্যাগ কৰি বিজেপি দললৈ অহা তামুলপুৰৰ বিধায়ক ইমানুৱেল মোছাহাৰীৰ নাম প্ৰাৰ্থিত্বৰ বাবে চৰ্চা হোৱাৰ লগতে চৰ্চালৈ আহিছে ৰাজসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিত দৈমাৰীৰ নাম।

ইয়াৰ উপৰি বিজেপিৰ যুৱ নেতা ভিক্টৰ দাস, যুৱ নেতা ৰাজেশ বড়োৰ উপৰি চৰ্চালৈ আহিছে প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহানৰ নাম।

তামুলপুৰ বিধান সভা সমষ্টিৰ নাগ্ৰীজুলি নিবাসী ৰাজেন চৌহানে জনোৱা মতে ২০১৩ চনতেই তেওঁ বিজেপি দলত যোগদান কৰিছিল।

কলেজীয়া জীৱন তেজপুৰত আৰম্ভ কৰা ৰাজেনে দাবী কৰা মতে যি সময়ত শোণিতপুৰ জিলাত বিজেপিৰ সাংগঠনিক স্থিতি দুৰ্বল আছিল সেই সময়ত তেওঁ দলটোত যোগদান কৰি বহু কষ্টেৰে বিজেপিৰ সাংগঠনিক ভেটি মজবুত কৰাত লাগিছিল।

আৰু তেতিয়াৰ পৰাই তেওঁ দলৰ নিষ্ঠাবান কৰ্মী হিচাপে কাম কৰি আহিছে।

যিহেতু তেওঁৰ জন্মস্থান তামুলপুৰ বিধানসভা সমষ্টি আৰু তামুলপুৰ সমষ্টিৰ পৰাই তেওঁৰ পিতৃ বিধায়ক তথা মন্ত্ৰীও আছিল সেয়ে বিজেপিৰ দলীয় টিকট লাভ কৰিলে তেওঁ নিৰ্বাচনত অংশ গ্ৰহণ কৰাৰ মন মেলিছে।

অৱশ্যে দলীয় টিকট লাভ নকৰিলেও বিজেপিৰ ১০০+ মিছনৰ বাবে কাম কৰি যাব বুলিও প্ৰকাশ কৰিলে ৰাজেন চৌহানে।