হোজাই-হবাইপুৰৰ মাজত দ্বৈত ৰে’লপথ মুকলি কৰিলে ৰাজেন গোহাঁয়ে

Rajen Gohain inaugurates doubling of Hojai-Habaipur railway track

বৃ্হস্পতিবাৰৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী গোহাঁই আৰু অন্যান্য। ছবি- নৰ্থ ইষ্ট নাও।

বৃহস্পতিবাৰে হোজাই-হবাইপুৰৰ মাজৰ ৰে’লপথচোৱাৰ দ্বৈত পথ মুকলি কৰে ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁয়ে।

হোজাই ৰে’ল ষ্টে’চনৰ পৰা একেটা অনুষ্ঠানতে হোজাই, হবাইপুৰ, লংকা আৰু ধলপুখুৰীৰ নৱ নিৰ্মিত ৰে’ল ষ্টে’চন আৰু যাত্ৰীৰ আন সা-সুবিধাসমূহো মুকলি কৰে মন্ত্ৰী গোহাঁয়ে।

উদ্বোধনী অনুষ্ঠানটোত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূয়সী প্ৰশংসা কৰে নগাঁৱৰ সাংসদ তথা ৰে’ল ৰাজ্য মন্ত্ৰীজনে।
“নৰেন্দ্ৰ মোদী চৰকাৰ যদি শাসনত থাকে তেন্তে বিশ্বৰ শক্তিশালী আৰু উন্নত দেশসমূহৰ তালিকাত শীঘ্ৰেই অন্তৰ্ভুক্ত হ’ব ভাৰতৰ নাম। আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু ই ‘সব কা সাথ, সব কা ৱিকাশ’ মন্ত্ৰৰে কোনো সুৰুঙা নথকাকৈ সমাজৰ সকলো শ্ৰেণীৰ লোকৰে সুবিধা হোৱাকৈ কল্যাণকামী আঁচনিসমূহ আগবঢ়াই নিব,” গোহাঁয়ে কয়।

নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰি তোলাৰ বাবে ৰে’লৱে’ৰ কৰ্মচাৰী আৰু অভিযন্তাসকলৰো তেওঁ শলাগ লয়।

অনুষ্ঠানটোত মন্ত্ৰী গোহাঁইৰ লগতে হোজাইৰ বিধায়ক শিলাদিত্য দেব, লামদিঙৰ বিধায়ক শিবু মিশ্ৰ, হোজাইৰ উপায়ুক্ত তন্ময় প্ৰতিম বৰগোহাঁই, ৰে’লৱে’ৰ মহাপ্ৰবন্ধক সঞ্জীৱ ৰয়, ৰে’লৱে’ (নিৰ্মাণ)ৰ মহাপ্ৰবন্ধক এন কে প্ৰসাদ, লামদিঙৰ মাণ্ডলিক ৰে’লৱে’ মহাপ্ৰবন্ধক ৰাম বাহাদুৰ ৰায়ৰ উপৰি ৰে’লৱে’ৰ অন্যান্য বিষয়া-কৰ্মচাৰীও উপস্থিত আছিল।