NORTHEAST NOW (Assamese)

ৰাজীৱ গান্ধীয়ে অসম চুক্তি কৰি অসমলৈ শান্তি ঘূৰাই আনিছিল : সদ্ভাৱনা দিৱসত ডাঃ ভূমিধৰ বৰ্মন

August 20, 2018 1:43 pm · অনিৰ্বাণ পাঠক
Updated: August 20, 2018 4:36 pm

প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৭৪ সংখ্যক জন্ম জয়ন্তী উপলক্ষে সমগ্ৰ দেশৰ লগতে অসমতো আজি কংগ্ৰেছে সদ্ভাৱনা দিৱস পালন কৰিছে। গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ৰিপুন বৰাৰ সভাপতিত্বত এই কাৰ্যসূচী পালন কৰা হয়।

অনুষ্ঠানত উপস্থিত থাকি জ্যেষ্ঠ কংগ্ৰেছ নেতা ডাঃ ভূমিধৰ বৰ্মনে কয়, “ৰাজীৱ গান্ধীয়ে বিশ্ব শান্তিৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছিল আৰু শেষত শান্তিৰ বাবেই তেওঁ জীৱন আহুতি দিবলগীয়া হৈছিল। তেওঁ অসম চুক্তি কৰি অসমলৈ শান্তি ঘুৰাই আনিছিল।‘’

ৰাজীৱ গান্ধীয়ে পাঞ্জাব, মিজোৰামতো শান্তি প্ৰতিস্থাৰ বাবে আগভাগ লৈছিল। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত তেওঁ এক সুন্দৰ পদক্ষেপ লোৱা বাবেই বৰ্তমান ভাৰতে বিশ্বত এক মৰ্যাদাপূৰ্ণ স্থানত আছে বুলিও অনুষ্ঠানত ডা০ বৰ্মনে মন্তব্য কৰে।

প্ৰাক্তন সাংসদ দ্বীজেন শৰ্মাই ৰাজীৱ গান্ধীৰ জীৱনৰ ওপৰত আলোকপাত কৰি কয় যে ভাৰতবৰ্ষক আধুনিকীকৰণ কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা প্ৰধানমন্ত্ৰীজনেই হ’ল ৰাজীৱ গান্ধী।

“আজি বিজেপি চৰকাৰে ডিজিটেল ইন্ডিয়াৰ কথা কয়, কিন্তু ৰাজীৱ গান্ধীয়ে তেওঁ প্ৰধানমন্ত্ৰী হৈ থাকোতেই ইয়াৰ ভেটি তৈয়াৰ কৰি থৈ গৈছে,”- শৰ্মাই কয়।

অসম চুক্তিৰ প্ৰসংগ উত্থাপন কৰি প্ৰাক্তন সাংসদগৰাকীয়ে কয়, “অসম চুক্তি ৰাজীৱ গান্ধীয়ে কৰি থৈ গৈছিল, গতিকে ইয়াক কংগ্ৰেছে সদায় মানি চলিব।‘’

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈও উপস্থিত থকা অনুষ্ঠানটোত প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী, অকন বৰা, বিধায়ক ৰূপজ্যোতি কুৰ্মী প্ৰমুখ্যে দলটোৰ ভালেসংখ্যক নেতা কৰ্মী উপস্থিত থাকে।

Related News