• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জীৱন বন্তি নুমাই গ’ল ধাদু গগৈৰ! স্তব্ধ হৈ গ’ল জাতিক জগোৱা সেই জাগ্ৰত কন্ঠ

নৰ্থ ইষ্ট নাও, ডেস্ক by নৰ্থ ইষ্ট নাও, ডেস্ক
January 14, 2025 7:00 pm
501
VIEWS
Share on FacebookShare on Twitter

মাঘ বিহুৰ উৰুকাৰ আয়োজন, ব্যস্ততা। সকলোৰে মনত উৎসৱৰ আনন্দ। তাৰ মাজতেই আহিল এটা ভয়ানক দুঃখবৰ। কন্ঠশিল্পী ৰাজীৱ শদিয়া ওৰফে ধাদু গগৈ আৰু নাই।

ভোগালীৰ আনন্দক দুখৰ উৎসৱলৈ পৰিণত কৰি চিৰদিনৰ বাবে গুচি গ’ল এজন জোৰাল অসমীয়া যুৱক ৰাজীৱ শদিয়া।

দেওবাৰে নিশা তিনিচুকীয়া জিলাৰ তৰাণী বনাঞ্চলৰ কাষত দূৱাৰমৰা নৈৰ পাৰৰ ভিতৰুৱা ৰসবাৰী গাঁৱত আয়োজন কৰা হৈছিল ‘ৰসবাৰী পৰ্যটন মেলা’ৰ সাংস্কৃতিক অনুষ্ঠান৷ সেই অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল ৰাজীৱ শদিয়া। বিশেষ অতিথি হিচাপে সেই অনুষ্ঠানত উপস্থিত হৈছিল ৰাজীৱ। হাজাৰ হাজাৰ শ্ৰোতা দৰ্শক বহু আগৰে পৰা ৰৈ আছিল ৰাজীৱৰ গীত শুনিবলৈ।

দৰ্শকৰ উৎসাহ আৰু কিৰিলিৰ মাজত ইটোৰ পিছত সিটোকৈ জনপ্ৰিয় গীত পৰিৱেশন কৰি গৈছিল ৰাজীৱে। দুটা গীত পৰিৱেশন কৰি তিনি নম্বৰ গীতটো পৰিৱেশন কৰি থাকোতে হঠাৎ মঞ্চতে ঢলি পৰিল কন্ঠশিল্পীগৰাকী। কাল অমানিশা নামি আহিছিল ৰাজীৱৰ জীৱনলৈ।

তাৰ পাছতেই লাগে হুৱা-দূৱা। ততাতৈয়াকৈ তেওঁক ৰূপাইৰ এখন ব্যক্তিগত নাৰ্ছিংহোমলৈ লৈ যোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ তাতে নিশাটো চিকিৎসা প্ৰদান কৰা হয়।

নিশাটো মৃত্যুৰে স’তে যুঁজি যুঁজি উৰুকাৰ দিনা পুৱাই নিয়তিৰ ওচৰত হাৰ মানি সকলোকে কন্দুৱাই ৰাজীৱ শদিয়াই।

চিকিৎসকৰ মতে, ৰাজীৱ শদিয়াৰ ৰক্ত চাপ অতি নিম্ন হৈ পৰাৰ লগতে তেওঁ হৃদৰোগত আক্ৰান্তও হয় ৷

১৯৮৪ চনত জন্ম গ্ৰহণ কৰা ৰাজীৱ শদিয়া নিজস্ব এক গায়নশৈলীৰে অসমবাসীৰ মাজত এগৰাকী জনপ্ৰিয় শিল্পী আছিল৷ সদায় গাইছিল জাতিটোক জাগ্ৰত কৰিব পৰা গান। জাতিটোলৈ অহা অশনি সংকেটবোৰ গীতৰ মাজেৰে সোৱৰাই দিছিল তেওঁ। নিৰ্ভীকভাবে গাই গৈছিল শাসক বিৰোধী গীত। ‘কা’ বিৰোধী আন্দোলনৰ সময়ত তেওঁৰ ভূমিকা আছিল অনন্য। তেওঁ কেৱল এজন কন্ঠশিল্পীয়েই নাছিল। জাতিটোৰ এজন অক্লান্ত সৈনিক আছিল তেওঁ। স্থানীয় দল-সংগঠন আৰু সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতো তেওঁ আছিল ওতঃপ্ৰোতভাবে জড়িত। এইজন যুৱ শিল্পীৰ মৃত্যুত এতিয়া অসমৰ সাংস্কৃতিক জগত শোকত ভ্ৰিয়মান হৈ পৰিছে।

বিধায়ক অখিল গগৈয়ে সামাজিক মাধ্যমত লিখিছে – “ৰাজীৱ গুচি গ’ল। ভাবিবকে পৰা নাই। দেশৰ বাবে, জাতিৰ বাবে , জনগণৰ বাবে ভবা মানুহ এজন অকালতে হেৰোৱালোঁ আমি। সি মোৰ ভাই আছিল। ককাইদেউ বুলি সি কওঁতে মাতটোতে মৰম আৰু ভালপোৱাবোৰ ওলাই আছিল। মই জে’লত থাকোতে ৰাজীৱে যে ৰাইজৰ দলৰ থিম ছং এটাও গাইছিল। এতিয়াও বুকুখন বিষাই আছে। কেনেকৈ কওঁ তোক…. ৰাজীৱ , বিদায়”

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীনজ্যোতি গগৈয়ে তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰি লিখিছে – অসমৰ জাতীয় জীৱনক বিপ্লৱী গীতেৰে উদ্বুদ্ধ কৰা জনতাৰ আপোন শিল্পী ৰাজীৱ শদিয়াৰ অকাল বিয়োগৰ খবৰে বাৰুকৈয়ে ব্যথিত কৰিলে। জাতি-মাটিৰ প্ৰতি অকুণ্ঠ ভালপোৱা বুকুত সাবটি ৰাজীৱ বৰ সোনকালেই গ’লগৈ! ৰাজীৱ শদিয়াৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি হৈ ৰ’ব। গীতৰ জৰিয়তে অসমবাসীৰ চেতনাক আলোড়িত কৰিবলৈ সদায়েই প্ৰয়াস কৰিছিল তেখেতে। অসমৰ জাতীয় জীৱনে সন্মুখীন হোৱা সংকটৰ সময়বোৰত আপোচবিহীন দৃঢ়তাৰে গীতৰ মাজেৰেই জনতাক জাগ্ৰত কৰাত তেখেতৰ অৱদান যুগে যুগে স্মৰণীয় হৈ ৰ’ব। সদ্যপ্ৰয়াত ৰাজীৱ শদিয়াৰ প্ৰতি আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। এই বেদনাগধুৰ মুহূৰ্তত তেখেতৰ পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকললৈ সমবেদনা জনাইছোঁ। জনতাৰ শিল্পী আছিল তেখেত, জনতাৰ মন আৰু চেতনাত সদায়েই অমৰ হৈ ৰ’ব।”

প্ৰাক্তম মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শোক প্ৰকাশ কৰিছে কন্ঠশিল্পীগৰাকীৰ মৃত্যুত। তেওঁ লিখিছে – “সামাজিকভাৱে দায়বদ্ধ এগৰাকী প্ৰতিভাবান সংগীতশিল্পী ৰাজীৱ শদিয়াৰ গীতে-মাতে সমাজ জীৱনক চিন্তাৰ খোৰাক যোগাইছিল। তেখেতৰ অকাল বিয়োগৰ খবৰটি পাই গভীৰভাৱে মৰ্মাহত হৈছোঁ। তেখেতৰ বিয়োগ সমাজ-সংস্কৃতিৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ আৰু শোকাকুল পৰিয়ালবৰ্গ, গুণমুগ্ধসকললৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ওঁম শান্তি!’’

মুঠৰ ওপৰত সাংস্কৃতিক মহলৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক মহললৈকে সকলোৱে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেখেতে এৰি গৈছে পিতৃ-মাতৃ আৰু পত্নীসহ এটি ৬ বছৰীয়া পুত্ৰ সন্তানক।”

Recent News

কেমোথেৰাপি বা ৰেডিয়চন অবিহনেই কৰ্কট ৰোগৰ চিকিৎসা; বিশ্বজুৰি আলোড়ন দক্ষিণ কোৰিয়াৰ বিজ্ঞানীৰ

কেমোথেৰাপি বা ৰেডিয়চন অবিহনেই কৰ্কট ৰোগৰ চিকিৎসা; বিশ্বজুৰি আলোড়ন দক্ষিণ কোৰিয়াৰ বিজ্ঞানীৰ

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱসৰ আয়োজন; চৰাই বিষয়ক বিশ্বকোষ প্ৰকাশৰ প্ৰস্তুতি

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱসৰ আয়োজন; চৰাই বিষয়ক বিশ্বকোষ প্ৰকাশৰ প্ৰস্তুতি

সন্ত্ৰাসবাদীৰ গুলীত নিহত ভাৰতীয় উইং কমাণ্ডাৰ অভিনন্দনক “বন্দী” কৰা পাকিস্তানী সেনা বিষয়া

সন্ত্ৰাসবাদীৰ গুলীত নিহত ভাৰতীয় উইং কমাণ্ডাৰ অভিনন্দনক “বন্দী” কৰা পাকিস্তানী সেনা বিষয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd