• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছাত্ৰ-ছাত্ৰীয়ে আহৰণ কৰিবলগীয়া ভাষিক দক্ষতা

ৰাজীৱ শৰ্মা by ৰাজীৱ শৰ্মা
March 6, 2023 3:55 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছাত্ৰ-ছাত্ৰীৰ ভাষিক দক্ষতাৰ বিকাশত শিক্ষক-শিক্ষয়িত্ৰীৰ ভূমিকা যথেষ্ট গুৰুত্বপূর্ণ। দৰাচলতে, ছাত্ৰ-ছাত্ৰীৰ বাবে ভাষা শিক্ষণৰ প্রথম পুথি হ’ল শিক্ষক-শিক্ষয়িত্ৰী। ইয়াৰ সমান্তৰালভাৱে পাঠ্যপুথি হ’ল ছাত্ৰ-ছাত্ৰীৰ বাবে দ্বিতীয় শিক্ষক-শিক্ষয়িত্ৰীৰ তুল্য ।

ছাত্ৰ-ছাত্ৰীৰ ভাষা-বিকাশ বুলিলেই বিকাশৰ নানা স্তৰ আৰু নানা দিশ সন্নিবিষ্ট হৈ পৰে। নিম্ন প্রাথমিক, উচ্চ প্রাথমিক, মাধ্যমিক আদি ভিন ভিন স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ বিকাশৰ দিশবোৰো হয় ভিন ভিন । প্ৰথমটো স্তৰত, অর্থাৎ নিম্ন প্রাথমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীসকলক বর্ণজ্ঞান, যুক্ত ব্যঞ্জনৰ জ্ঞান, গদ্য-পদ্যৰ পঠন অভ্যাস আদিৰ অনুশীলন কৰাব লাগে। একাকী অক্ষৰ কেন্দ্রিক পাঠ, সংযুক্তাক্ষৰ কেন্দ্রিক পাঠ, ছন্দোবদ্ধ ৰচনা, ক্ষুদ্র নাটিকা, জীৱনীমূলক পাঠ, সাধুকথা, লোককথা আদি পাঠ এই স্তৰৰ পাঠ্যপুথিত সন্নিবিষ্ট হৈ থাকে।

দ্বিতীয় স্তৰত, অর্থাৎ উচ্চ প্রাথমিক স্তৰৰ পাঠ্যপুথিত জাতীয় বীৰ-বীৰাংগনাৰ জীৱনীমূলক পাঠ, মহানায়ক- মহানায়িকাৰ সুখপাঠ্য আত্মজীৱনীমূলক পাঠ, দেশপ্রেমমূলক কবিতা, প্রকৃতি বিষয়ক কবিতা, সাহিত্যিকৰ জীৱনী, বিজ্ঞানীৰ জীৱনী, জাতীয় উৎসৱ, লোক-উৎসৱ, খেলা-ধূলাৰ বর্ণনামূলক পাঠ আদি কিশোৰ-কিশোৰীৰ মনোজগতৰ সৈতে মিলাকৈ যুগুতোৱা নানা পাঠ অন্তৰ্ভুক্ত কৰা হয়। সাধাৰণতে, এই স্তৰত পাঠভিত্তিক ব্যাকৰণৰ আলোচনাৰ জৰিয়তে ভাষাৰ গাঁথনিক ৰূপটোৰ সৈতে ছাত্র-ছাত্রীসকলক সহজ-সৰল ৰূপত পৰিচয় কৰাব লগীয়া হয়। অন্য কথাৰে ক’বলৈ হ’লে, সংশ্লিষ্ট ভাষাৰ ব্যাকৰণৰ নানা দিশৰ প্ৰাথমিক জ্ঞানসমূহ উচ্চ প্রাথমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হয়।

 তৃতীয় স্তৰত, অর্থাৎ মাধ্যমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰস্তুত কৰা ভাষা-সাহিত্যৰ পাঠ্যপুথিত সংশ্লিষ্ট সাহিত্য বা বিশ্ব সাহিত্যৰ ভিন ভিন ধাৰাক প্ৰতিনিধিত্ব কৰিব পৰা মৌলিক অথবা অনূদিত কবিতা, গদ্য, গল্প, প্রবন্ধ আদি বাছনি কৰি লোৱা হয়। এই স্তৰৰ ভাষা-সাহিত্যৰ পাঠ্যপুথিত ছাত্ৰ-ছাত্ৰীৰ আবেগিক, নৈতিক, বৈজ্ঞানিক, সামাজিক, জাতীয় সমন্বয়সূচক, উচ্চ আদর্শমূলক, সজাগতামূলক আদি ব্যক্তিত্বৰ নানা দিশৰ বিকাশ ঘটাব পৰাকৈ ভাষা-সাহিত্যৰ সুলিখিত পাঠ সু-সংলগ্ন কৰা হয়। সাধাৰণতে এইটো স্তৰৰ সাহিত্য পাঠসমূহত পাঠভিত্তিক ব্যাকৰণৰ অনুশীলনী সংযোগ কৰি দিয়াৰ উপৰি সুকীয়া ব্যাকৰণ পুথিও পাঠ্যপুথিৰ তালিকাত সুমুৱাই দিয়া হয়।

নিম্ন প্রাথমিক স্তৰত পাঠদানৰ দায়িত্বত থকা শিক্ষক- শিক্ষয়িত্রীসকলে ছাত্র-ছাত্রীসকলক পোনপ্রথমে একাকী আখৰসমূহৰ সৈতে চিনাকি কৰাব লগীয়া হয়। স্বৰবৰ্ণমালা আৰু ব্যঞ্জনবর্ণমালাৰ অন্তৰ্ভুক্ত একাকী বর্ণসমূহ শুদ্ধ উচ্চাৰণেৰে পঢ়ি শুনাই শিক্ষক-শিক্ষয়িত্রীয়ে ছাত্র-ছাত্ৰীসকলক বৰ্ণসমূহৰ সৈতে পৰিচয় কৰোৱাৰ লগতে সিবোৰৰ শুদ্ধ উচ্চাৰণৰ অভ্যাস কৰাব পাৰে। এইক্ষেত্ৰত মনত ৰাখিবলগীয়া বিশেষ কথা এটি হ’ল এয়ে যে সগোত্রীয় সংস্কৃত, হিন্দী, বাংলা আদি ভাষাৰ উচ্চাৰণৰ তুলনাত অসমীয়া ভাষাৰ বৰ্ণৰ উচ্চাৰণ বৈশিষ্ট্য তেনেই সুকীয়া।

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে অসমীয়া ভাষাৰ ব্যঞ্জনবৰ্ণমালাৰ ক-বৰ্গৰ পাঁচোটি বৰ্ণৰ বাহিৰে অইন বর্ণসমূহৰ উচ্চাৰণত ভাষাটোৰ স্বকীয় বৈশিষ্ট্য আছে। উদাহৰণ স্বৰূপে, মূল সংস্কৃত ভাষাৰ দন্ত্য, মূর্ধন্য আৰু তালব্য ব্যঞ্জনৰ ঠাইত অসমীয়া ভাষাত দণ্ডমূলীয় ব্যঞ্জনহে উচ্চাৰিত হয়। অৱশ্যে, ছাত্র-ছাত্রীক বর্ণ-পৰিচয় কৰাওঁতে দন্ত্য, মূর্ধন্য আৰু তালব্য আদি নামেৰেই পৰিচয় কৰাব লাগিব। একাকী আখৰৰ লগত চিনাকী কৰোৱাৰ পাছত আ-কাৰ, ই-কাৰ আদি নথকা শব্দৰ গঠন আৰু লিখন অভ্যাস কৰাব পাৰি। ইয়াৰ লগে লগে স্বৰৰ গৌণ ৰূপসমূহৰ সৈতে পৰিচয় কৰাই আ-কাৰ, ই-কাৰ আদি যুক্ত হৈ থকা শব্দসমূহৰ পঠন-লিখন অভ্যাসো কৰাব লাগিব।

তাৰ পৰৱৰ্তী সময়ত যথাক্রমে সৰলৰ পৰা জটিললৈ সংযুক্ত ব্যঞ্জনসমূহৰ সৈতে ছাত্র-ছাত্রীক উচ্চাৰণ বৈশিষ্ট্য-সহকাৰে পৰিচয় কৰাব লাগে। পঠন, লিখন, কখন, শ্রৱণ আদি ভাষা-বিকাশৰ ভিন ভিন দিশবোৰ আয়ত্ত কৰাবলৈ শিক্ষক-শিক্ষয়িত্রীসকলে পাঠ্যপুথিত সন্নিবিষ্ট গদ্য-পদ্য, কাহিনী-গল্প, ক্ষুদ্র নাটিকা আদিৰ সহায় ল’ব লাগিব। সেই ভিন্নসুৰীয়া পাঠসমূহৰ পঠন, শ্রৱণ, কথোপকথন আৰু পাঠসমূহত সংশ্লিষ্ট বিষয়ৰ প্রশ্নোত্তৰ আদি লিখনৰ সৈতে ছাত্র-ছাত্রীক জড়িত কৰাই তেওঁলোকৰ ভাষিক দক্ষতা আহৰণত শিক্ষক-শিক্ষয়িত্ৰীসকলে বিশেষভাৱে সহায় কৰিব পাবে। এনে অনুশীলনৰ জৰিয়তে ছাত্র-ছাত্রীসকলে সৰু সৰু বাক্য গঠন আৰু প্ৰয়োগৰ দক্ষতাও আহৰণ কৰিব পাৰে। এই ক্ষেত্ৰত শিক্ষক-শিক্ষয়িত্ৰীসকলে নিজৰ নিজৰ উদ্ভাৱনীমূলক দক্ষতাৰে নানা শিক্ষণ সামগ্রী প্রস্তুত কৰি পাঠদান যথেষ্ট ফলপ্রসূ কৰি তুলিব পাৰে।

উচ্চ প্রাথমিক স্তৰ পোৱাৰ আগতে ছাত্র-ছাত্রীসকলে একাকী আখৰৰ জ্ঞান, সংযুক্তাক্ষৰৰ জ্ঞান, স্বৰবৰ্ণৰ গৌণ ৰূপৰ জ্ঞান আদিৰ সৈতে পৰিচিত হয়। এইবোৰ ইতিমধ্যে পঢ়িব, লিখিব আৰু প্রয়োগো কৰিব পৰা হয়। সৰু সৰু বাক্য সাজি মনৰ ভাব লিখি প্ৰকাশ কৰিব পৰাও হয়। সৰু সৰু পদ্য-কবিতা আবৃত্তি কৰাৰ দক্ষতাও আহৰণ কৰে। এই স্তৰৰ উপযোগী এটি শব্দভঁৰালৰো গৰাকী হয়। সাধুকথা, সৰু সৰু গল্প বা কাহিনীও ক’ব পৰা হয়। ছন্দোবদ্ধ পদ্য একোটি গদ্যত লিখি প্ৰকাশ কৰিব পৰাও হয়। উচ্চ প্রাথমিক স্তৰত প্রৱেশ কৰা ছাত্র-ছাত্রীসকলে ইতিমধ্যে চকুৰে দেখা বা কাণেৰে শুনা কোনো ঘটনা কথাৰে বা আখৰেৰে লিখি প্ৰকাশ কৰাৰ দক্ষতাও আহৰণ কৰে। সেয়েহে, উচ্চ প্রাথমিক স্তৰত পাঠদানৰ সৈতে জড়িত থকা শিক্ষক-শিক্ষয়িত্ৰীসকলে পাঠদান কৰোঁতে, ছাত্র-ছাত্রীসকলে ইতিমধ্যে আহৰণ কৰা এইবোৰ ভাষিক দক্ষতাৰ ওপৰৰ স্তৰৰ ভাষিক দক্ষতা আহৰণ কৰোৱাত মনোনিবেশ কৰিব লগীয়া হয়।

উচ্চ প্রাথমিক স্তৰৰ ছাত্র-ছাত্রীসকলক সংশ্লিষ্ট ভাষাৰ সাধাৰণ গাঁথনিক ৰূপটোৰ সৈতে, অর্থাৎ ব্যাকৰণৰ প্ৰাথমিক কথাবোৰৰ সৈতে পৰিচয় কৰাব লাগে। ভিন ভিন পদৰ পৰিচয়, বিভক্তিৰ প্রয়োগ, সন্ধি, প্রত্যয়ৰ সংযোগত শব্দ গঠন, বাক্যৰ উদ্দেশ্য, বিধেয় আদি অংশৰ ধাৰণা, ধ্বনি উচ্চাৰণত প্ৰয়োগ হোৱা আমাৰ বাগিন্দ্রিয়সমূহৰ পৰিচয়, উচ্চাৰণ স্থান অথবা গুণৰ ভিত্তিত ধ্বনিৰ প্ৰকাৰ আদি ভাষা-বিকাশৰ সৈতে জড়িত কেতবোৰ শিক্ষণীয় কথাৰ লগত পৰিচয় কৰাব লাগে। এনে কথাবোৰ ক’লে বুজি পোৱা, নিজে কৈ অথবা লিখি প্ৰকাশ কৰিব পৰা অৱস্থাত তেওঁলোকক উপনীত কৰাব লাগে। এই স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নিৰূপিত পাঠসমূহৰ উদ্দেশ্য পূৰণ কৰিবলৈ জাতীয় বীৰ-বীৰাংগনাৰ আদর্শ আৰু ত্যাগ, মহৎ লোকৰ জীৱনৰ মহৎ আদর্শ, দেশপ্ৰেমৰ অনুভূতি, প্রকৃতি-প্রেম, বৈজ্ঞানিক দৃষ্টিভংগী, লোক-সাহিত্যৰ অংগ জতুৱা ঠাঁচ, যোজনা আদিৰ জ্ঞান আদি ব্যক্তিত্ব বিকাশৰ দিশবোৰ ভাষা শিক্ষাৰ মাধ্যমেৰে অৱতাৰণা কৰিব লাগে। আগৰ নিম্ন প্রাথমিক স্তৰত মূর্ত চিন্তাকেন্দ্ৰিক পাঠৰ ঠাইত এই স্তৰত বিমূর্ত চিন্তাৰ আভাস থকা পাঠৰো পাঠদান কৰিব লগীয়া হয়।

বিমূর্ত ভাবনাযুক্ত কবিতা একোটিৰ মূলভাব আয়ত্ত কৰি কথিত বা লিখিত ৰূপত প্ৰকাশ কৰিব পৰা দক্ষতা আহৰণ কৰোৱাত শিক্ষক-শিক্ষয়িত্ৰীয়ে এক সুদক্ষ আৰু আশাপ্রদ ভূমিকা গ্ৰহণ কৰিব লাগে৷ নহ’লে এই স্তৰৰ ছাত্ৰ-ছাত্ৰী বিভ্রান্ত হয় আৰু এই স্তৰতেই সৰহ সংখ্যক ছাত্র-ছাত্ৰীৰ মনত ভাষা-সাহিত্যৰ পাঠ গ্ৰহণৰ প্ৰতি এক স্থায়ী অনীহা ভাবৰ সৃষ্টি হয়। এই স্তৰত ভাষা-সাহিত্যৰ পাঠদানত জড়িত থকা শিক্ষক-শিক্ষয়িত্রীসকল নিজেও একোগৰাকী সহৃদয় পাঠকৰ ৰূপত অৱতীৰ্ণ হ’ব লাগে। ভাষাৰ মধুৰতা, সাহিত্যৰ ভিন ভিন ৰস নিজেও আস্বাদান কৰিব লাগে আৰু ছাত্ৰ-ছাত্রীসকলকো এনে অনির্বচনীয় সুখ আৰু আনন্দ উপভোগ কৰিবলৈ দক্ষ আৰু সুৰুচিসম্পন্ন কৰি তুলিব লাগে। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰকৃত অৰ্থত ভাষা-বিকাশ সম্ভব হয়।

মাধ্যমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভাষা-বিকাশৰ ক্ষেত্ৰতো শিক্ষক-শিক্ষয়িত্ৰীসকল যথেষ্ট দক্ষতাৰে আগবাঢ়িব লগীয়া হয়। এই স্তৰতো ভাষা-বিকাশৰ কেতবোৰ বিশেষ দিশ পুৰণ কৰিব লগীয়া হয়। ব্যাকৰণ বা ভাষাৰ গঠনৰ দিশৰ পৰা শব্দৰ সাধন বা প্রত্যয় প্রয়োগৰ জ্ঞান, পদৰ সাধন বা বিভক্তি প্রয়োগৰ জ্ঞান, শব্দৰ ৰূপান্তৰ, বাক্যৰ গঠন প্ৰণালী, বাক্যৰ ৰূপান্তৰ, বানানৰ বিধি আদি নানা ব্যাকৰণ জ্ঞান শিক্ষক-শিক্ষয়িত্রীসকলে মাধ্যমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰিব লাগে। এইক্ষেত্ৰত আৰোহণ পদ্ধতি বা বিশেষ পর্যবেক্ষণৰ জৰিয়তে সাধাৰণ সূত্র নির্মাণ পদ্ধতি অধিক ফলপ্রসূ বুলি বিবেচনা কৰা হয়।

এই স্তৰত সাহিত্যৰ ভিন ভিন শাখা আৰু সাহিত্যৰ ভিন ভিন ধাৰাৰ পাঠসমূহ পাঠ্যপুথিত সন্নিবিষ্ট কৰি ছাত্ৰ-ছাত্ৰীৰ ভাষা-বিকাশত এক পৰিপূৰ্ণতা আনিবলৈ প্ৰয়াস কৰা হয়। পাঠদান কৰোঁতে শিক্ষক-শিক্ষয়িত্ৰীসকলে শ্ৰেণীকোঠাত প্ৰাসংগিক বহু কথাৰ অৱতাৰণা কৰিব লাগে। কোনো ক্ষেত্ৰত সাহিত্যৰ ভিন ভিন ৰূপৰ বৈশিষ্ট্য, সাহিত্যৰ ভিন ভিন ধাৰাৰ পৰিচয়, সাহিত্যত কোনো দার্শনিক মতবাদ, ৰাজনৈতিক আন্দোলন আদি প্রভাৱৰ আভাসো ছাত্র-ছাত্রীসকলক দিব লগীয়া হয়। পুনর্কথনৰ দক্ষতা, সংক্ষেপ-কথনৰ পাৰদৰ্শিতা, বিস্তাৰিত কথন-ভংগি আদি ভাষা বিকাশৰ ভিন ভিন দিশৰ সামৰ্থ্যৰে ছাত্র-ছাত্রীসকলক উপযুক্ত কৰি তুলিব লগীয়া হয়। এইক্ষেত্ৰত শিক্ষক-শিক্ষয়িত্রীসকলে পদ্ধতিগত অনুশীলনেৰে নিজকে উপযুক্ত কৰি তোলাৰ প্ৰয়োজনো অস্বীকাৰ কৰিব নোৱাৰি।

মুঠতে, শিক্ষক-শিক্ষয়িত্ৰীসকলে যথাযোগ্য ভূমিকা পালন কৰি দেশৰ বা ৰাজ্যৰ শিশু আৰু কিশোৰ-কিশোৰীসকলৰ ভাষা-বিকাশ আশানুৰূপ কৰি তুলিব পাৰিলেহে কোনো এখন দেশ বা ৰাজ্যৰ এটা সুন্দৰ ভৱিষ্যতৰ ৰূপ কল্পনা কৰিব পাৰোহঁক।

ৰাজীৱ শৰ্মা

ৰাজীৱ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd