NORTHEAST NOW (Assamese)

খেলো ইণ্ডিয়া য়ুথ গেইমছত ব্ৰঞ্জৰ পদক অৰ্জন অসমৰ ৰাজিকা বড়োৰ

January 16, 2019 12:17 pm · এন ই নাও নিউজ
Updated: January 16, 2019 12:22 pm

২০১৮ বৰ্ষতো অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে স্মৰণীয় হিচাপে বিবেচিত হোৱাৰ পাছত নতুন বছৰতো অসমৰ খেলুৱৈৰ প্ৰশংসনীয় প্ৰদৰ্শনে গৌৰৱান্বিত কৰিছে অসমবাসীক। পুনেত অনুষ্ঠিত হৈ থকা খেলো ইণ্ডিয়া য়ুথ গেইমছত অসমৰ উদীয়মান জুডো খেলুৱৈ ৰাজিকা বড়োৱে ব্ৰঞ্জৰ পদক অৰ্জন কৰি অসমৰ বাবে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

ৰাজিকা বড়োৱে খেলো ইণ্ডিয়া য়ুথ গেইমছত অসমৰ হৈ অংশগ্ৰহণ কৰিছে। তেওঁ ১৭ অনুৰ্ধ্বৰ ৭৮ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই এই উল্লেখনীয় সফলতা লাভ কৰে।

জানিব পৰা মতে এই পৰ্যন্ত অসমে প্ৰতিযোগিতাখনত তিনিটা সোণ আৰু তিনিটা ব্ৰঞ্জৰ সহায়ত মুঠ ছটা পদকেৰে তালিকাৰ ১৭ নম্বৰ স্থানত অধিষ্ঠিত আছে। আনহাতে ১৬৬টা পদকেৰে তালিকাৰ শীৰ্ষত আছে মহাৰাষ্ট্ৰ।

উল্লেখ্য যে ক্ৰীড়াক এক নতুন মাত্ৰা প্ৰদান কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে প্ৰথমবাৰৰ বাবে যোৱা বৰ্ষৰ ৩১ জানুৱাৰিৰ পৰা ৮ ফেব্ৰুৱাৰিলৈ নতুন দিল্লীত অনুষ্ঠিত কৰিছিল এই প্ৰতিযোগিতাখন। আৰু এইবাৰৰ দ্বিতীয় সংস্কৰণখনি যোৱা ৯ জানুৱাৰিৰ পৰা আৰম্ভ হৈছে। আনহাতে প্ৰতিযোগিতাখন অন্ত পৰিব অহা ২০ জানুৱাৰিত।

Related News