DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমীয়া আৰু বঙালীভাষীৰ সমন্বয়ৰ ধাৰা সদায় অটুট থাকিব : মুখ্য মন্ত্ৰী সোণোৱাল

এন ই নাও নিউজ by এন ই নাও নিউজ
January 16, 2019 10:23 am
DSC_4726

১২৫ বছৰ গৰকা নগাঁও বেংগলী সন্মীলনীৰ সভাত ভাষণৰত অৱস্থাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

911
VIEWS
Share on FacebookShare on Twitter

‘১২৫ বছৰ গৰকা নগাঁও বেংগলী সন্মীলনীয়ে ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ জনসাধাৰণৰ মাজত থকা সমন্বয়ৰ ধাৰা অটুট ৰখাৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা পালন কৰি আহিছে। অনাগত দিনটো এই সন্মিলনীয়ে ড০ ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসৰ সমন্বয়ৰ আদৰ্শৰে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত ইতিবাচক বৰঙণি যোগাই যাব লাগিব’। এই মন্তব্য মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

নগাঁৱৰ বেংগলী পূজাবাৰীত নগাঁও বেংগলী সন্মিলনীৰ ১২৫ তম বৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানত অংশ গ্ৰহণ কৰা মুখ্য মন্ত্ৰী সোণোৱালে নগাঁও জিলাৰ বটদ্ৰৱাত জন্ম গ্ৰহণ কৰা মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ নৱপ্ৰজন্মক মানৱীয় প্ৰমূল্যবোধৰ আধাৰত জীৱন গঢ় দিয়াৰ বাবে পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক আহ্বান জনায়।

মানৱীয় অনুভূতিৰে সংযমী হৈ শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বান্ধোন সুদৃঢ় কৰাৰ বাবে সকলোৱে দায়িত্ব সহকাৰে কাম কৰি গ’লে এই ৰাজ্যখন এখন শক্তিশালী ৰাজ্যত পৰিণত হ’ব বুলিও কয় মুখ্য মন্ত্ৰীয়ে। অসমীয়াভাষী আৰু বঙালীভাষী জনসাধাৰণে অতীজৰে পৰা সমন্বয়ৰে ৰাজ্যখনত বসবাস কৰি আহিছে বুলি উল্লেখ কৰি ভৱিষ্যতেও এই সমন্বয়ৰ ধাৰা অটুট থাকিব বুলি মুখ্য মন্ত্ৰীয়ে কয়।

নগাঁও বেংগলী সন্মিলনীৰ সভাপতি ৰবি শংকৰ মজুমদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰে’ল দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই, নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও বেংগলী সন্মিলনীৰ কাৰ্যকৰী সভাপতি গোপাল পুৰকায়স্থকে ধৰি বহু সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Recent News

California Planes Collide

মধ্য আকাশতে দুই বিমানৰ সংঘৰ্ষ: মৃত্যু কেইবাগৰাকীও লোকৰ

forged documents

জাল নথিপত্ৰৰে যাত্ৰীক কৰি দিছিল আমেৰিকা যাত্ৰাৰ সুবিধা: পৰিল ফান্দত

On Camera Shot

প্ৰেমৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই নৱম শ্ৰেণীৰ ছাত্ৰীক পথৰ মাজতে গুলীয়ালে যুৱকে

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd