NORTHEAST NOW (Assamese)

National Film Awards: ছুপাৰষ্টাৰ ৰজনীকান্তক দাদা চাহেব ফাল্কে বঁটা প্ৰদান

October 25, 2021 5:01 pm · এন ই নাও নিউজ,গুৱাহাটী

আজি দেশৰ চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ বঁটা দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হ’ল ছুপাৰষ্টাৰ ৰজনীকান্তক ।

দিল্লীৰ বিজ্ঞান ভৱন আয়োজিত ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত ৰজনীকান্তক দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হয়।

এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত দাদা চাহেব ফাল্কে বঁটা গ্ৰহণ কৰি আপ্লুত হৈ পৰা ৰজনীকান্তে তেওঁক প্ৰদান কৰা এই বঁটা তেওঁৰ গুৰু কে বালাচন্দৰৰ নামত উচৰ্গা কৰে।

ৰজনীকান্তে কয় যে অনুৰাগীসকল থকাৰ বাবেহে তেওঁ আজি ৰজনীকান্ত হ’ব পাৰিছে।

ছুপাৰষ্টাৰগৰাকীয়ে তেওঁৰ এসময়ৰ বন্ধু বাছ চালক ৰাজবাহাদুৰকো এই শুভ মুহূৰ্তত মনত পেলায়।

উল্লেখ্য অভিনয় জগতত খোজ পেলোৱাৰ পূৰ্বে ৰজনীকান্তে বাছৰ কণ্ডাক্টৰ হিচাবে কাম কৰিছিল।

ভাৰতীয় চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ বঁটা দাদা চাহেব ফাল্কে বঁটা ১৯৬৯ চনত প্ৰচলন কৰা হৈছিল।

এতিয়ালৈকে দেশৰ কেইবাগৰাকীও স্বনামধন্য ব্যক্তিয়ে এই বঁটা লাভ কৰিছে। তেওঁলোকৰ ভিতৰত অসমৰ সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাও আছে।

এইবাৰ আশা ভোছলে,পৰিচালক সুভাষ ঘাই,মোহনলাল,শংকৰ মহাদেৱন,অভিনেতা বিশ্বজিত চেটাৰ্জীকলৈ গঠন কৰা জুৰীয়ে এই বঁটাৰ বাবে ৰজনীকান্তক নিৰ্বাচন কৰিছিল।

Related News