ৰাজনীতিত প্ৰৱেশ মেগাষ্টাৰ ৰজনীকান্তৰ, ৩১ ডিচেম্বৰত কৰিব দল ঘোষণা

দুৰ্দান্ত অভিনয়ৰ জৰিয়তে দেশবাসীৰ অতি আপোন হোৱা দক্ষিণ ভাৰতীয় চিনেমাৰ ছুপাৰষ্টাৰ ৰজনীকান্তে অৱশেষত সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰাৰ কথা ঘোষণা কৰে।

ৰজনীকান্তে এটা নতুন দল গঠনৰ কথা ঘোষণা কৰিছে। দলটো জানুৱাৰিত আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ ঘটিব। এই সকলো কথা ৩১ ডিচেম্বৰত ঘোষণা কৰা হ’ব।

ৰজনীকান্তে এটা টুইটৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে।

উল্লেখ্য যে তামিলনাডুৰ বিধানসভা নিৰ্বাচন অহা বছৰৰ এপ্ৰিল-মে’ মাহত হ’ব। আৰু ইয়াৰ আগমূহুৰ্তত ৰজনীকান্তৰ সক্ৰিয় ৰাজনীতিত প্ৰৱেশে নিশ্চিতৰূপে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

তেওঁৰ দলটোৱে বিধানসভা নিৰ্বাচনত অংশগ্ৰহণ কৰাটো সম্পূৰ্ণ নিশ্চিত।

ইয়াৰ পূৰ্বে সোমবাৰে চেন্নাইত ৰজনীকান্তে তেওঁৰ সমৰ্থকসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক কৰিছিল। সমৰ্থকসকলৰ সৈতে বৈঠকৰ অন্তত তেওঁ অতি শীঘ্ৰে ৰাজনীতিত প্ৰৱেশ কৰা সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰিব বুলি কৈছিল।

ৰজনীকান্তে কৈছিল যে তেওঁ ‘ৰজনী মক্কল মদ্ৰম’(আৰ এম এম)ৰ জিলা সচিবসকলক সাক্ষাৎ কৰি ৰাজনীতিত প্ৰৱেশৰ বিষয়ে আলোচনা কৰিছিল।

অন্তিম মাহত অভিনেতাজনে ইংগিত দিছিল যে তেওঁৰ ৰাজনীতি প্ৰৱেশত আৰু অধিক সময় লাগিব পাৰে। অক্টোবৰত ৰজনীকান্তে লিখা এখন পত্ৰ সামাজিক মাধ্যমত ভাইৰেল হৈছিল, য’ত তেওঁৰ স্বাস্থ্য সন্দৰ্ভত চিকিৎসকসকলৰ চিন্তাৰ কথা কৈছিল।

অৱশ্যে পিছত ৰজনীকান্তে এই চিঠিখন ভুৱা বুলি কৈছিল। ৰজনীকান্তক ৰাজনীতিত প্ৰৱেশ নকৰিবলৈ চিকিৎসকসকলে বাৰম্বাৰ অনুৰোধ জনাই আহিছে।

উল্লেখ্য যে যোৱা দুবছৰৰ পৰা ৰজনীকান্ত ৰাজনীতিৰ সৈতে জৰিত হৈ আছে যদিও সক্ৰিয় ৰূপত ৰাজনীতিত প্ৰৱেশ কৰা নাছিল।

এতিয়া ৰজনীকান্তৰ নতুন দলটো গঠন হোৱাৰ পিছত তামিলনাডুৰ ৰাজনীতিত কেনে প্ৰভাৱ পৰে সেয়া সময়ত লক্ষ্যণীয় হ’ব।