• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজীৱ গান্ধীৰ হত্যাকাৰীক কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হ’ব কংগ্ৰেছ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 21, 2022 5:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত বৰ্ষৰ ১১ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে ৰাজীৱ গান্ধীৰ হত্যাকাৰীক কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ নিৰ্দেশ দিছিল। আদালতৰ উক্ত নিৰ্দেশ পুনৰ বিবেচনা কৰি চাবলৈ কংগ্ৰেছে দুই-তিনি দিনৰ ভিতৰতে উচ্চতম ন্যায়ালয়ত আবেদন জনাব। এই কথা প্ৰকাশ কৰিছে কংগ্ৰেছৰ এক সূত্ৰই।দিনটো আছিল ১৯৯১ চনৰ ২১ মে’। সেই অভিশপ্ত দিনটোতে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক বোমা বিস্ফোৰণ ঘটাই হত্যা কৰিছিল তামিল বিদ্ৰোহী সংগঠন এলটিটিইয়ে। ৰাজীৱ হত্যাৰ বহু বছৰ পাৰ হৈ যোৱাৰ পিছত সেই বৰ্বৰ হত্যাকাণ্ডত জড়িত কেউজন অপৰাধীকে কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে।

ন্যায়ালয়ে শেহতীয়াকৈ গোচৰটোৰ ছয়জন অপৰাধীৰ আবেদনৰ ভিত্তিত তেওঁলোকক মুক্তি দিয়াৰ নিৰ্দেশ দিয়ে। মুক্তি লাভ কৰা হত্যাকাৰী কেইগৰাকীৰ হ’ল নলিনী শ্ৰীহৰণ, ৰবিচন্দ্ৰন, শান্তন, মুৰুগান, ৰবাৰ্ট পায়াছ আৰু জয়কুমাৰ। এই গোচৰটোৰ আন এজন আজীৱন দোষী পেৰাৰিভালনক উচ্চতম ন্যায়ালয়ে এই বছৰৰ মে’ মাহত মুকলি কৰি দিছিল। ৰাজীৱ হত্যাকাণ্ডৰ গোচৰত নলিনী আৰু অন্যান্য দোষীকো আজীৱন কাৰাদণ্ড বিহা হৈছিল।

তেওঁলোক ২৩ বছৰ বা ততোধিক সময় কাৰাগাৰত আছে। আদালতৰ ৰায়ৰ পিছতে নলিনীয়ে কৈছিল, “মই সন্ত্ৰাসবাদী নহয়। উল্লেখ্য ১৯৯১ চনৰ ২১ মে’ত তামিলনাডুৰ শ্ৰীপেৰামবাদুৰত এক নিৰ্বাচনী জনসভাত এক আত্মঘাতী বোমা বিস্ফোৰণত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী নিহত হৈছিল। প্ৰথমে আদালতে গোচৰটোত সাতজন লোকক দোষী সাব্যস্ত কৰিছিল আৰু তেওঁলোকক মৃত্যুদণ্ড বিহিছিল।

উক্ত সাত গৰাকী লোকেই ক্ষমা বিচাৰি ৰাষ্ট্ৰপতিৰ ওচৰত আবেদন জনাইছিল। ২০১৪ চনত উচ্চতম ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত সিদ্ধান্ত লোৱাত পলম হোৱাৰ বাবে মৃত্যুদণ্ড আজীৱন কাৰাদণ্ডলৈ পৰিৱৰ্তন কৰিছিল। ২০১৮ চনত তামিলনাডুৰ তদানীন্তন এডিএমকে চৰকাৰৰ কেবিনেটে সময়ৰ আগতে আজীৱন কাৰাদণ্ডৰে দণ্ডিত দোষী কেইজনক মুক্তি দিয়াৰ সিদ্ধান্ত লৈছিল।

সেই সময়ত সিদ্ধান্তটো তামিলনাডুৰ তদানীন্তন ৰাজ্যপাল বনোৱাৰীলাল পুৰোহিতলৈ প্ৰেৰণ কৰা হৈছিলআৰু ৰাজ্যপালে সিদ্ধান্তটো বিবেচনাৰ বাবে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিছিল। ৰাজ্যপালে বিষয়টোত সন্মতি নিদিয়াৰ পিছত পেৰাৰিভালনে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। পিছত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে নলিনীক উচ্চতম ন্যায়ালয়ত আপীল কৰিবলৈ পৰামৰ্শ দিছিল। এক দীঘলীয়া সময়ৰ পিছত অৱশেষত ৰাজীৱ হত্যাকাৰীসকলক কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd