ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা: ৩১ মাৰ্চত অনুষ্ঠিত হ’ব নিৰ্বাচন

Rajya Sabha Elections

ভাৰতীয় নিৰ্বাচন আয়োগে আজি আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। আয়োগৰ ঘোষণা অনুসৰি অহা ৩১ মাৰ্চত ৰাজ্যসভাৰ ১৩ খন আসনৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

মুঠ ৬ খন ৰাজ্যৰ ১৩ খন আসনত নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰে পঞ্জাৱত ৫ খন, কেৰালাত ৩ খন, অসমত ২ খন, হিমাচল প্ৰদেশ, ত্ৰিপুৰা আৰু নাগালেণ্ডত ১ খনকৈ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।

ৰাজ্যসভাৰ সাংসদ আনন্দ শৰ্মা, এ কে এণ্টনী, পৰ্টাপ সিং বাজৱা আৰু নৰেশ গুজৰালৰ কিছুদিন পিছতে কাৰ্যকাল সমাপ্ত হ’ব।

অসমৰ দুগৰাকী ৰাজ্যসভা সাংসদ ক্ৰমে ৰিপুণ বৰা আৰু ৰাণী নৰহৰো চলিত মাহত কাৰ্যকাল সমাপ্ত হ’ব।