চলিত বছৰত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ ৭৩ খন আসনৰ নিৰ্বাচন; বিজেপিৰ নিমিলা অংক

Prime-Minister-Narendra-Modi-and-BJP-national-president-Amit-Shah-2-770x433-1140x570

গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। ফাইল ফটো

ৰাজ্যসভাত চলিত বছৰৰ শেষলৈকে ৬৯জন সদস্যৰ কাৰ্যকালৰ অন্ত পৰিব। কাৰ্যকাল অন্ত পৰিবলগীয়াসকলৰ মাজত ১৮জন সদস্য বিজেপিৰ আৰু ১৭জন হৈছে কংগ্ৰেছৰ।

আনহাতে, চাৰিখন আসন ইতিমধ্যে খালী হৈ আছে। চলিত বছৰত মুঠ ৭৩খন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। কিন্তু এইক্ষেত্ৰত বিজেপিৰ স্থিতি কি?

চলিত বছৰত অকল উত্তৰ প্ৰদেশতে ১০খন আসন খালী হ’ব। ৰাজ্যখনত বৰ্তমান বিজেপি চৰকাৰ থকাত ইয়াৰে অধিক সংখ্যক আসনে বিজেপিয়ে লাভ কৰিব।

আনহাতে, বিজেপিৰ বাবে স্থিতি বৰ উৎসাহজনক নহয়। সদ্য সমাপ্ত বিধানসভাৰ নিৰ্বাচনৰ ফলাফলৰ প্ৰভাৱ ৰাজ্যভাৰ নিৰ্বাচনতো পৰিব।

ৰাজ্যসমূহত সংখ্যাৰ শক্তি এইবাৰ বিজেপিৰ বিপক্ষে গৈছে। সংখ্যাৰ দিশৰ পৰা বিজেপিয়ে এইবাৰ সদস্য সংখ্যা বৃদ্ধি কৰিবলৈ সক্ষম নহ’ব আৰু ৰাজ্যসভাত সংখ্যা গৰিষ্ঠতা লাভত ব্যৰ্থ হ’ব।

ইপিনে, ৰাজ্যসভাত কংগ্ৰেছৰ স্থিতি উন্নত হ’ব কিয়নো দলটোৰ আৰু দলটোৰ সহযোগী দলৰ সদস্য সংখ্যা এইবাৰ বৃদ্ধি পাব।

২০১৮ আৰু ২০১৯ত অনুষ্ঠিত হোৱা নিৰ্বাচনত কেইখনমান ৰাজ্যত বিজেপিয়ে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে। ইয়াৰ প্ৰভাৱ ৰাজ্যসভাৰ আগন্তুক নিৰ্বাচনত পৰিব।

আনহাতে, ২৪৫ জনীয়া সদস্যৰ ৰাজ্যসভাত কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলৰ স্থিতি উন্নত হ’ব।

বৰ্তমান বিজেপিৰ ৰাজ্যসভাত ৮৩জন আৰু কংগ্ৰেছৰ ৪৬জন সদস্য আছে। সমীকৰণ অনুসৰি ৰাজ্যসভাত বিজেপিৰ সংখ্যা ৮৩ৰ আশে-পাশেই থাকিব আৰু ৰাজ্যসভাত তেওঁলোকৰ সংখ্যা গৰিষ্ঠতাৰ সপোন এইবাৰ পূৰ্ণ হোৱাৰ আশা নাই।

ৰাজ্যসভাত মুঠ সদস্য সংখ্যা ২৫০গৰাকী যদিও ইয়াৰে ১২জন সদস্যক দেশৰ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে। বাকী ২৩৮ গৰাকী ৰাজ্যসমূহৰ পৰা নিৰ্বাচিত হৈ আহে।

ৰাজ্যসভাৰ সদস্যৰ নিৰ্বাচন বিধানসভালৈ নিৰ্বাচিত বিধায়কসকলে কৰে। সদনত প্ৰতিখন ৰাজ্যৰ সদস্য সংখ্যা কিমান হ’ব সেয়া ৰাজ্যখনৰ জনসংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে।