• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘ক’ৰ’নাৰ বিৰুদ্ধে ৰাইজৰ দান বৰঙনিৰে চৰকাৰে গঠন কৰা শ শ কোটি পুঁজি ক’লৈ গল?’ : অজিত কুমাৰ ভূঞা

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 11, 2020 8:35 pm
689
VIEWS
Share on FacebookShare on Twitter

দেশৰ শেহতীয়া দূৰ্ভাগ্যজনক অৰ্থনৈতিক পৰিস্থিতিৰ ক’ৰ’না কেন্দ্ৰিক লকডাউনৰ বিষম পৰিনতি বুলি আমি স্বীকাৰ কৰিব লাগিব। গুৱাহাটী প্ৰেছ ক্লাৱৰ এক সংবাদ মেলত এইদৰে কয় ৰাজ্যসভাৰ নৱ নিৰ্বাচিত সাংসদ অজিত কুমাৰ ভূঞাই।

‘পুনৰোদ্ধাৰৰ বাবে, দেশৰ জনতাক অৰ্থনৈতিকভাৱে টনকিয়াল কৰি তুলিবলৈ আৰু দেশৰ অৰ্থনৈতিক মন্দাৱস্থা দূৰ কৰি অৰ্থনৈতিক ভাৰসাম্য ৰক্ষা কৰিব পৰাকৈ এক পৰিবেশ ৰচনা কৰাত শাসনাধিষ্ঠত চৰকাৰখনে পৰিকল্পিত কোনো আঁচনি এই পৰ্যন্ত গ্ৰহণ কৰিব পৰা নাই।’ ভূঞাৰ অভিযোগ।

‘ভাৰতবৰ্ষত প্ৰায় সকলো ৰাজ্যতে শ্ৰমিক আইনৰ সংশোধন ঘটাই শ্ৰমিক পৰিয়াল সমূহৰ ওপৰত অধিক শোষণৰ বাটহে নৰেন্দ্ৰ মোডী চৰকাৰে প্ৰশস্ত কৰি ল’লে।’ সাংসদ ভূঞাৰ মন্তব্য।

ভূঞাই লগতে এই শ্ৰম বিৰোধী নীতিৰ তীব্ৰ প্ৰতিবাদ কৰি এই শোষণৰ ধাৰা বন্ধ কৰিবলৈ দাৱী জনাইছে।

সকলো বিষয় কেৱল ৰাজনৈতিকভাৱে নাচাই দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ এই সংকটপূৰ্ন সময়ত দেশৰ নিম্ন আয়ৰ নাগৰিক সকলৰ স্বাৰ্থত আঁচনি গ্ৰহণ কৰি মোডী চৰকাৰখনক দূৰদৰ্শিতাৰ পৰিচয় দিবলৈ আহ্বান জনাই অজিত কুমাৰ ভূঞাই।

‘এই অস্বাভাৱিক অৱস্থাত এনেদৰে উচ্চেদিত হ’লে ল’ৰা ছোৱালী পৰিয়াললৈ এই শ শ খিলঞ্জীয়া মানুহ কলৈ যাব?’ আমচাঙৰ উচ্চেদ সম্পৰ্কীয় বন বিভাগৰ জাননী সন্দৰ্ভত সাংসদ ভূঞাৰ মন্তব্য।

‘এখন চৰকাৰ নিজৰ মানুহৰ বিৰুদ্ধেই ইমান নিষ্ঠুৰ, ইমান অমানবীয় হ’ব পাৰেনে?’  ভূঞাৰ চৰকাৰলৈ প্ৰশ্ন।

‘আমি বুজি পোৱা নাই এনে এটা ভয়ানক পৰিস্থিতিৰ মাজত এনে কি জৰুৰী তাগিদা আহিল যে শ শ মিছিং, বড়ো কাৰ্বিকে ধৰি সৰ্বসাধৰণ খিলঞ্জীয়া্ লোকক উচ্ছেদ কৰি নিঠৰুৱা কৰিব লগা হৈছে।’ ভূঞাই কয়।

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰৰ এনে খিলঞ্জীয়া বিৰোধী নীতিক সাংসদ ভূঞাই তীব্ৰ ভাষাৰে ধিক্কাৰ দিয়ে।

বহি ৰাজ্যত আৱদ্ধ সকলক নিয়ম নীতি মানি অসমলৈ শীঘ্ৰে ঘূৰাই অনাৰ দাৱী জনাই সাংসদ গৰাকীয়ে কয় ‘কিছু সংখ্যক ছাত্ৰ ছাত্ৰীক ঘূৰাই আমি পুৱতি নিশা টিভি কেমেৰা মাতি মন্ত্ৰীয়ে মিটিং কৰিলেই এখন চৰকাৰৰ দায়িত্ব শেষ হয়নে?’

‘কোৱাৰেন্টাইন শিবিৰৰ যদি ক্ষমতা সীমিত তেন্তে অধিক শিবিৰ স্থাপন কৰা হোৱা নাই সেয়াও আমাৰ বাবে সাঁথৰ। ৰাজ্য চৰকাৰে ক’ৰনাৰ বিৰুদ্ধে ৰাইজৰ দান বৰঙনি লৈ গঠন কৰা শ শ কোটি পুঁজি ক’লৈ গল?’ সাংসদ ভূঞাৰ প্ৰশ্ন।

সেই পুঁজিৰ কিছু ধনেৰে আৰু কিছু সংখ্যক কোৱাৰেন্টাইন শিবিৰ স্থাপন কৰি অসমৰ সন্তান সকলক নিজৰ মাটিলৈ ঘূৰাই নোৱাৰাৰ কাৰণ কি চৰকাৰে জানিব আমি জানিব বিচাৰিছো বুলিও মন্তব্য কৰে ভূঞাই।

সংবাদমেলখনত জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তৰ লগতে ৰাজনৈতিক নেত্ৰী মীৰা বৰঠাকুৰো উপস্থিত থাকে।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd