• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ক’ৰ’নাৰ বিৰুদ্ধে ৰাইজৰ দান বৰঙনিৰে চৰকাৰে গঠন কৰা শ শ কোটি পুঁজি ক’লৈ গল?’ : অজিত কুমাৰ ভূঞা

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 11, 2020 8:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ শেহতীয়া দূৰ্ভাগ্যজনক অৰ্থনৈতিক পৰিস্থিতিৰ ক’ৰ’না কেন্দ্ৰিক লকডাউনৰ বিষম পৰিনতি বুলি আমি স্বীকাৰ কৰিব লাগিব। গুৱাহাটী প্ৰেছ ক্লাৱৰ এক সংবাদ মেলত এইদৰে কয় ৰাজ্যসভাৰ নৱ নিৰ্বাচিত সাংসদ অজিত কুমাৰ ভূঞাই।

‘পুনৰোদ্ধাৰৰ বাবে, দেশৰ জনতাক অৰ্থনৈতিকভাৱে টনকিয়াল কৰি তুলিবলৈ আৰু দেশৰ অৰ্থনৈতিক মন্দাৱস্থা দূৰ কৰি অৰ্থনৈতিক ভাৰসাম্য ৰক্ষা কৰিব পৰাকৈ এক পৰিবেশ ৰচনা কৰাত শাসনাধিষ্ঠত চৰকাৰখনে পৰিকল্পিত কোনো আঁচনি এই পৰ্যন্ত গ্ৰহণ কৰিব পৰা নাই।’ ভূঞাৰ অভিযোগ।

Apply Now

‘ভাৰতবৰ্ষত প্ৰায় সকলো ৰাজ্যতে শ্ৰমিক আইনৰ সংশোধন ঘটাই শ্ৰমিক পৰিয়াল সমূহৰ ওপৰত অধিক শোষণৰ বাটহে নৰেন্দ্ৰ মোডী চৰকাৰে প্ৰশস্ত কৰি ল’লে।’ সাংসদ ভূঞাৰ মন্তব্য।

ভূঞাই লগতে এই শ্ৰম বিৰোধী নীতিৰ তীব্ৰ প্ৰতিবাদ কৰি এই শোষণৰ ধাৰা বন্ধ কৰিবলৈ দাৱী জনাইছে।

সকলো বিষয় কেৱল ৰাজনৈতিকভাৱে নাচাই দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ এই সংকটপূৰ্ন সময়ত দেশৰ নিম্ন আয়ৰ নাগৰিক সকলৰ স্বাৰ্থত আঁচনি গ্ৰহণ কৰি মোডী চৰকাৰখনক দূৰদৰ্শিতাৰ পৰিচয় দিবলৈ আহ্বান জনাই অজিত কুমাৰ ভূঞাই।

‘এই অস্বাভাৱিক অৱস্থাত এনেদৰে উচ্চেদিত হ’লে ল’ৰা ছোৱালী পৰিয়াললৈ এই শ শ খিলঞ্জীয়া মানুহ কলৈ যাব?’ আমচাঙৰ উচ্চেদ সম্পৰ্কীয় বন বিভাগৰ জাননী সন্দৰ্ভত সাংসদ ভূঞাৰ মন্তব্য।

‘এখন চৰকাৰ নিজৰ মানুহৰ বিৰুদ্ধেই ইমান নিষ্ঠুৰ, ইমান অমানবীয় হ’ব পাৰেনে?’  ভূঞাৰ চৰকাৰলৈ প্ৰশ্ন।

‘আমি বুজি পোৱা নাই এনে এটা ভয়ানক পৰিস্থিতিৰ মাজত এনে কি জৰুৰী তাগিদা আহিল যে শ শ মিছিং, বড়ো কাৰ্বিকে ধৰি সৰ্বসাধৰণ খিলঞ্জীয়া্ লোকক উচ্ছেদ কৰি নিঠৰুৱা কৰিব লগা হৈছে।’ ভূঞাই কয়।

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰৰ এনে খিলঞ্জীয়া বিৰোধী নীতিক সাংসদ ভূঞাই তীব্ৰ ভাষাৰে ধিক্কাৰ দিয়ে।

বহি ৰাজ্যত আৱদ্ধ সকলক নিয়ম নীতি মানি অসমলৈ শীঘ্ৰে ঘূৰাই অনাৰ দাৱী জনাই সাংসদ গৰাকীয়ে কয় ‘কিছু সংখ্যক ছাত্ৰ ছাত্ৰীক ঘূৰাই আমি পুৱতি নিশা টিভি কেমেৰা মাতি মন্ত্ৰীয়ে মিটিং কৰিলেই এখন চৰকাৰৰ দায়িত্ব শেষ হয়নে?’

‘কোৱাৰেন্টাইন শিবিৰৰ যদি ক্ষমতা সীমিত তেন্তে অধিক শিবিৰ স্থাপন কৰা হোৱা নাই সেয়াও আমাৰ বাবে সাঁথৰ। ৰাজ্য চৰকাৰে ক’ৰনাৰ বিৰুদ্ধে ৰাইজৰ দান বৰঙনি লৈ গঠন কৰা শ শ কোটি পুঁজি ক’লৈ গল?’ সাংসদ ভূঞাৰ প্ৰশ্ন।

সেই পুঁজিৰ কিছু ধনেৰে আৰু কিছু সংখ্যক কোৱাৰেন্টাইন শিবিৰ স্থাপন কৰি অসমৰ সন্তান সকলক নিজৰ মাটিলৈ ঘূৰাই নোৱাৰাৰ কাৰণ কি চৰকাৰে জানিব আমি জানিব বিচাৰিছো বুলিও মন্তব্য কৰে ভূঞাই।

সংবাদমেলখনত জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তৰ লগতে ৰাজনৈতিক নেত্ৰী মীৰা বৰঠাকুৰো উপস্থিত থাকে।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd