NORTHEAST NOW (Assamese)

বাকছাত পলিটেকনিক আৰু বৃত্তিমূলক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন

March 5, 2025 5:15 pm · এন ই নাও নিউজ,গুৱাহাটী

ৰাজ্যসভাৰ সাংসদ ৰাভাংৰা নাৰ্জাৰীয়ে প্ৰায় ২৪ কোটি টকা ব্যয় সাপেক্ষে বাকছা জিলাৰ নিমুৱাত নিৰ্মাণ হ’বলগীয়া নতুন পলিটেকনিক আৰু বৃত্তিমূলক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে। অঞ্চলটোৰ দক্ষতা বিকাশ আৰু বৃত্তিমূলক শিক্ষাৰ উন্নতিৰ লক্ষ্যৰে এই প্ৰতিষ্ঠানটো স্থাপন কৰা হৈছে।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত নাৰ্জাৰীয়ে আগন্তুক বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি) নিৰ্বাচনৰ বিষয়ে উল্লেখ কৰি কয় যে ইউ পি পি এল-বিজেপিৰ মিত্ৰজোঁট জয়ী হ’ব আৰু ক্ষমতাত থাকিব। লগতে বড়ো লেণ্ড পিপলছ ফ্ৰণ্ট (বিপিএফ) আৰু গণ সুৰক্ষা পাৰ্টি (জিএছপি)ৰ মাজত নতুন মিত্ৰতাই নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলাই বুলিও তেওঁ মন্তব্য কৰে।

নাৰ্জাৰীৰ মতে জি এছ পিয়ে তাৎপৰ্য্য হেৰুৱাই পেলাইছে। আৰু এতিয়া বড়ো আৰু অবড়ো সম্প্ৰদায়ৰ মাজত কোনো বিভাজন নাই বুলিও  মন্তব্য কৰে।

তেওঁ লগতে উল্লেখ কৰে যে বিটিচিৰ ৰাজনীতিত এতিয়া বিটিচিৰ প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰীৰ ডাঙৰ ভূমিকা নাই আৰু তেওঁ চৰকাৰ গঠন কৰিব নোৱাৰিব।  বিটিচিৰ ৰাইজে ইউপিপিএল-বিজেপিৰ মিত্ৰতাক সমৰ্থন কৰাৰ সিদ্ধান্ত লৈছে আৰু পুনৰ জয়ী হ’ব বুলিও মত প্ৰকাশ কৰে।

বিটিআৰ অধ্যক্ষ কাতিৰাম বড়ো, কাৰ্যবাহী সদস্য গৌতম দাস সহিতে বহুকেইগৰাকী এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

Related News